Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-አንፋል   አንቀጽ:
وَمَا لَهُمْ اَلَّا یُعَذِّبَهُمُ اللّٰهُ وَهُمْ یَصُدُّوْنَ عَنِ الْمَسْجِدِ الْحَرَامِ وَمَا كَانُوْۤا اَوْلِیَآءَهٗ ؕ— اِنْ اَوْلِیَآؤُهٗۤ اِلَّا الْمُتَّقُوْنَ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟
সিহঁতক শাস্তি কিয় দিয়া নহব, অথচ সিহঁতে এনেকুৱা কাম কৰিছে যিটো শাস্তিযোগ্য। উদাহৰণস্বৰূপে সিহঁতে মানুহক মছজিদে হাৰামত ছালাত আদায় কৰিবলৈ আৰু তাৱাফ কৰিবলৈ বাধা প্ৰদান কৰিছে। মুশ্বৰিকসকল আল্লাহৰ অলী কেতিয়াও নহয়। বৰং আল্লাহৰ অলী হৈছে সেইসকল মুত্তাক্বী যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে। কিন্তু অধিকাংশ মুশ্বৰিকসকলে এই সম্পৰ্কে অৱগত নহয়, সেই কাৰণেই সিহঁতে দাবী কৰে যে, সিহঁত আল্লাহৰ অলী, অথচ সিহঁত আল্লাহৰ অলী নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا كَانَ صَلَاتُهُمْ عِنْدَ الْبَیْتِ اِلَّا مُكَآءً وَّتَصْدِیَةً ؕ— فَذُوْقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُوْنَ ۟
মছজিদে হাৰামৰ ওচৰত মুশ্বৰিকসকলৰ উপাসনা উৰুলি আৰু হাত তালিৰ বাহিৰে আন একো নহয়। এতেকে হে মুশ্বৰিকসকল! আল্লাহৰ লগত কুফুৰী আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰাৰ ফলত এতিয়া তোমালোকে বদৰৰ দিনা হত্যা আৰু বন্দী ৰূপত শাস্তি ভোগ কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الَّذِیْنَ كَفَرُوْا یُنْفِقُوْنَ اَمْوَالَهُمْ لِیَصُدُّوْا عَنْ سَبِیْلِ اللّٰهِ ؕ— فَسَیُنْفِقُوْنَهَا ثُمَّ تَكُوْنُ عَلَیْهِمْ حَسْرَةً ثُمَّ یُغْلَبُوْنَ ؕ۬— وَالَّذِیْنَ كَفَرُوْۤا اِلٰی جَهَنَّمَ یُحْشَرُوْنَ ۟ۙ
নিশ্চয় যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে, সিহঁতে নিজৰ ধন মানুহক আল্লাহৰ পথলৈ অহাত বাধা দিয়াৰ বাবে ব্যয় কৰে। এতেকে সিহঁতে এইদৰেই ব্যয় কৰি থাকিব কিন্তু সিহঁতৰ মনোকামনা পূৰণ নহব। অৱশেষত সিহঁতৰ এই ধন ব্যয় কৰাৰ পৰিণাম পৰিতাপৰ বাহিৰে আন একো নহব। কাৰণ ধনো ব্যয় হল আৰু উপকাৰো নহল। তাৰ পিছত মুছলিমসকলক বিজয় প্ৰদান কৰি সিহঁতক পৰাস্ত কৰা হব। যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে, ক্বিয়ামাতৰ দিনা সিহঁতক জাহান্নামৰ পিনে খেদি লৈ যোৱা হব। তাত সিহঁত প্ৰৱেশ কৰিব আৰু চিৰকাল তাতেই থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
لِیَمِیْزَ اللّٰهُ الْخَبِیْثَ مِنَ الطَّیِّبِ وَیَجْعَلَ الْخَبِیْثَ بَعْضَهٗ عَلٰی بَعْضٍ فَیَرْكُمَهٗ جَمِیْعًا فَیَجْعَلَهٗ فِیْ جَهَنَّمَ ؕ— اُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟۠
এইসকল কাফিৰ যিসকলে নিজৰ ধন আল্লাহৰ পথত বাধা সৃষ্টি কৰিবলৈ ব্যয় কৰে, সিহঁতক জাহান্নামৰ পিনে খেদি লৈ যোৱা হব, যাতে আল্লাহে অপৱিত্ৰ কাফিৰসকলৰ পৰা পৱিত্ৰ মুমিনসকলক পৃথক কৰিব পাৰে। অপৱিত্ৰ ব্যক্তি, কৰ্ম আৰু অপৱিত্ৰ সম্পদ একত্ৰিত কৰি স্তূপত পৰিণত কৰিব। তাৰ পিছত জাহান্নামৰ অগ্নিত নিক্ষেপ কৰিব। এইসকলেই হৈছে ক্ষতিগ্ৰস্ত, কিয়নো সিহঁতে ক্বিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালৰ ক্ষতি কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ لِّلَّذِیْنَ كَفَرُوْۤا اِنْ یَّنْتَهُوْا یُغْفَرْ لَهُمْ مَّا قَدْ سَلَفَ ۚ— وَاِنْ یَّعُوْدُوْا فَقَدْ مَضَتْ سُنَّتُ الْاَوَّلِیْنَ ۟
হে ৰাছুল! আপুনি আপোনাৰ সম্প্ৰদায়ৰ সেইসকল লোকক কৈ দিয়ক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে, সিহঁতে যদি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰা পৰিত্যাগ কৰে আৰু মুমিনসকলক যদি আল্লাহৰ পথৰ পৰা বাধা নিদিয়ে তেন্তে আল্লাহে সিহঁতৰ বিগত সকলো গুনাহ ক্ষমা কৰি দিব। কিয়নো ইছলাম গ্ৰহণ কৰিলে বিগত সকলো গুনাহ মাফ হৈ যায়। আৰু যদি সিহঁত কুফুৰী অৱস্থালৈ আকৌ ঘূৰি যায় তেন্তে পুৰ্বৱৰ্তীসকলৰ ৰীতি তো জানাই (সিহঁতৰ কি পৰিণতি হৈছিল)’। সিহঁতে যেতিয়া অস্বীকাৰ কৰিছিল আৰু কুফুৰীৰ ওপৰত অটল আছিল তেতিয়া আল্লাহে সিহঁতক পৃথিৱীতেই শাস্তি প্ৰদান কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَاتِلُوْهُمْ حَتّٰی لَا تَكُوْنَ فِتْنَةٌ وَّیَكُوْنَ الدِّیْنُ كُلُّهٗ لِلّٰهِ ۚ— فَاِنِ انْتَهَوْا فَاِنَّ اللّٰهَ بِمَا یَعْمَلُوْنَ بَصِیْرٌ ۟
হে মুমিনসকল! তোমালোকৰ শত্ৰু কাফিৰসকলৰ লগত যুদ্ধ কৰা, যেতিয়ালৈকে শ্বিৰ্ক আৰু মুছলিমসকলক আল্লাহৰ পথত বাধা দিয়াৰ কাম বন্ধ নহব। আৰু পৰিপূৰ্ণৰূপে দ্বীন আৰু আনুগত্য আল্লাহৰ বাবে প্ৰতিষ্ঠা নোহোৱালৈকে, য'ত তেওঁৰ কোনো অংশীদাৰ নাই। যদি কাফিৰসকলে শ্বিৰ্ক আৰু আল্লাহৰ পথত বাধা দিয়া বন্ধ কৰে তেন্তে সিহঁতক এৰি দিয়া। কিয়নো নিশ্চয় আল্লাহ সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنْ تَوَلَّوْا فَاعْلَمُوْۤا اَنَّ اللّٰهَ مَوْلٰىكُمْ ؕ— نِعْمَ الْمَوْلٰی وَنِعْمَ النَّصِیْرُ ۟
যদি সিহঁতে কুফৰ আৰু আল্লাহৰ পথত বাধা দিয়াৰ পৰা বিৰত থকাৰ বাবে যি আদেশ সিহঁতক দিয়া হৈছে তাৰ পৰা মুখ ঘূৰাই লয়, তেন্তে হে মুমিনসকল! বিশ্বাস কৰা নিশ্চয় আল্লাহে তোমালোকক সিহঁতৰ বিৰুদ্ধে সহায় কৰিব। আল্লাহ যাৰ সংৰক্ষক তাতকৈ উত্তম সংৰক্ষক আন কাৰো নাই। আৰু তেওঁ যাৰ সহায়ক, তাৰ বাবে তেওঁ যে কিমান উত্তম সহায়ক। এতেকে তেওঁ যাক সুৰক্ষা প্ৰদান কৰিব তেৱেঁই সফল, আৰু তেওঁ যাক সহায় কৰিব তেৱেঁই বিজয়ী।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الصد عن المسجد الحرام جريمة عظيمة يستحق فاعلوه عذاب الدنيا قبل عذاب الآخرة.
মছজিদে হাৰামৰ পৰা বাধা দিয়া মহা অপৰাধ। এনেকুৱা অপৰাধকাৰীয়ে আখিৰাতৰ শাস্তিৰ আগতে পৃথিৱীতেই শাস্তি পোৱাৰ উপযুক্ত।

• عمارة المسجد الحرام وولايته شرف لا يستحقه إلّا أولياء الله المتقون.
মছজিদে হাৰাম আবাদ কৰা আৰু ইয়াৰ চোৱাচিতা কৰাটো এনেকুৱা এটা সন্মান, যিটোৰ অধিকাৰ কেৱলমাত্ৰ আল্লাহৰ মুত্তাক্বী অলীসকলৰ।

• في الآيات إنذار للكافرين بأنهم لا يحصلون من إنفاقهم أموالهم في الباطل على طائل، وسوف تصيبهم الحسرة وشدة الندامة.
উক্ত আয়াতসমূহত কাফিৰসকলক সতৰ্ক কৰা হৈছে যে, অসত্যৰ পথত ধন ব্যয় কৰিলে কোনো উপকাৰ সাধন নহয় আৰু সিহঁতে এদিন ইয়াৰ ফলত অনুতপ্ত হব।

• دعوة الله تعالى للكافرين للتوبة والإيمان دعوة مفتوحة لهم على الرغم من استمرار عنادهم.
কাফিৰসকলৰ বিদ্বেষ আৰু গোড়ামীৰ পিছতো সিহঁতৰ বাবে তাওবা আৰু ঈমানৰ দুৱাৰ খোলা আছে।

• من كان الله مولاه وناصره فلا خوف عليه، ومن كان الله عدوًّا له فلا عِزَّ له.
যাৰ সংৰক্ষক আৰু সহায়ক স্বয়ং আল্লাহ, সেই ব্যক্তিৰ কোনো ভয় নাই। আনহাতে আল্লাহ যাৰ শত্ৰু, তাৰ কোনো সন্মান নাই।

 
የይዘት ትርጉም ምዕራፍ: አል-አንፋል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት