Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-አንፋል   አንቀጽ:
وَاذْكُرُوْۤا اِذْ اَنْتُمْ قَلِیْلٌ مُّسْتَضْعَفُوْنَ فِی الْاَرْضِ تَخَافُوْنَ اَنْ یَّتَخَطَّفَكُمُ النَّاسُ فَاٰوٰىكُمْ وَاَیَّدَكُمْ بِنَصْرِهٖ وَرَزَقَكُمْ مِّنَ الطَّیِّبٰتِ لَعَلَّكُمْ تَشْكُرُوْنَ ۟
হে মুমিনসকল! তোমালোকে সেই সময়ক স্মৰণ কৰা, যেতিয়া তোমালোকে মক্কাত সংখ্যালঘু আছিলা, মক্কাৰ অধিবাসীসকলে তোমালোকক দুৰ্বল ভাৱি আছিল আৰু নিৰ্যাতন কৰি আছিল। তোমালোকে ভয় কৰি আছিলা যে, শত্ৰুৱে তোমালোকৰ ওপৰত হঠাৎ আক্ৰমণ কৰে নেকি, তেতিয়া আল্লাহে তোমালোকক মদীনাৰ ৰূপত এটা আশ্ৰয়স্থল দান কৰিলে। আৰু তোমালোকক বিভিন্ন যুদ্ধত শত্ৰুৰ বিৰুদ্ধে সহায় কৰি শক্তিশালী কৰিছে, উদাহৰণস্বৰূপে বদৰৰ দিনা। আৰু তোমালোকক উৎকৃষ্ট জীৱিকা প্ৰদান কৰিছে। যুদ্ধলব্ধ সম্পদো ইয়াৰেই অন্তৰ্ভুক্ত। যাতে তোমালোকে আল্লাহৰ নিয়ামতৰ চুকৰীয়া আদায় কৰা, ফলত তেওঁ তোমালোকক আৰু অধিক দান কৰিব। তেওঁৰ অকৃতজ্ঞ নহবা, অন্যথা অনুগ্ৰহৰ পৰা বঞ্চিত কৰিব আৰু শাস্তি প্ৰদান কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَخُوْنُوا اللّٰهَ وَالرَّسُوْلَ وَتَخُوْنُوْۤا اَمٰنٰتِكُمْ وَاَنْتُمْ تَعْلَمُوْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশসমূহ অগ্ৰাহ্য কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত নাথাকি বিশ্বাসঘাতকতা নকৰিবা। আৰু তোমালোকৰ ওচৰত ৰখা আমানত সম্পৰ্কে খিয়ানত নকৰিবা। যদি তোমালোকে জানি বুজি বিশ্বাসঘাতকতা কৰা তেন্তে তোমালোক বিশ্বাসঘাতক সকলৰ অন্তৰ্ভুক্ত হৈ যাবা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاعْلَمُوْۤا اَنَّمَاۤ اَمْوَالُكُمْ وَاَوْلَادُكُمْ فِتْنَةٌ ۙ— وَّاَنَّ اللّٰهَ عِنْدَهٗۤ اَجْرٌ عَظِیْمٌ ۟۠
হে মুমিনসকল! জানি থোৱা, তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি তোমালোকৰ বাবে আপদ আৰু পৰীক্ষা। কিয়নো এইবোৰে তোমালোকক আখিৰাতৰ আমলত বাধাৰ সৃষ্টি কৰে আৰু বিশ্বাসঘাতকতা কৰিবলৈ প্ৰেৰণা যোগায়। জানি থোৱা, নিশ্চয় আল্লাহৰ ওচৰত আছে মহাপ্ৰতিদান। এতেকে ধন-সম্পদ আৰু সন্তান-সন্ততিৰ প্ৰতি তোমালোকৰ গভীৰ মনোযোগৰ কাৰণে আৰু বিশ্বাসঘাতকতাত লিপ্ত হৈ এই ছোৱাবৰ পৰা যাতে বঞ্চিত নোহোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنْ تَتَّقُوا اللّٰهَ یَجْعَلْ لَّكُمْ فُرْقَانًا وَّیُكَفِّرْ عَنْكُمْ سَیِّاٰتِكُمْ وَیَغْفِرْ لَكُمْ ؕ— وَاللّٰهُ ذُو الْفَضْلِ الْعَظِیْمِ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! মনত ৰাখিবা, যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব। ফলত তোমালোকৰ বাবে এই দুয়োৰ মাজত পাৰ্থক্য কৰাত অসুবিধা নহব। তোমালোকৰ বেয়া কৰ্মসমূহ মচি দিব আৰু তোমালোকৰ গুনাহসমূহ ক্ষমা কৰিব। নিশ্চয় আল্লাহ অতি অনুগ্ৰহশীল। তেওঁৰ মহানুগ্ৰহ সমূহৰ অন্যতম হৈছে জান্নাত, যিটো তেওঁ নিজৰ মুত্তাক্বী বান্দাসকলৰ বাবে প্ৰস্তুত কৰি থৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذْ یَمْكُرُ بِكَ الَّذِیْنَ كَفَرُوْا لِیُثْبِتُوْكَ اَوْ یَقْتُلُوْكَ اَوْ یُخْرِجُوْكَ ؕ— وَیَمْكُرُوْنَ وَیَمْكُرُ اللّٰهُ ؕ— وَاللّٰهُ خَیْرُ الْمٰكِرِیْنَ ۟
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া মুশ্বৰিকসকলে আপোনাক কয়েদ কৰিবলৈ অথবা হত্যা কৰিবলৈ নাইবা দেশান্তৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। সিহঁতে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছিল আৰু আল্লাহে সিহঁতৰ ষড়যন্ত্ৰক সিহঁতৰ বিৰুদ্ধেই কাৰ্যকৰি কৰি আছিল। আৰু আল্লাহেও কৌশল কৰি আছিল, নিশ্চয় আল্লাহ উত্তম কৌশল অৱলম্বনকাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُنَا قَالُوْا قَدْ سَمِعْنَا لَوْ نَشَآءُ لَقُلْنَا مِثْلَ هٰذَاۤ ۙ— اِنْ هٰذَاۤ اِلَّاۤ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟
যেতিয়া সিহঁতৰ সন্মুখত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সিহঁতে সত্যৰ প্ৰতি বিদ্বেষ আৰু অহংকাৰ পোষণ কৰি কয়ঃ এনেকুৱা বাণী আমি আগতেও শুনিছো, এই কোৰআনৰ দৰে বাণী আমি ইচ্ছা কৰিলে আমিও কব পাৰো। এই কোৰআন অতীত কালৰ মিছা কাহিনীৰ বাহিৰে আন একো নহয়। গতিকে আমি কেতিয়াও ইয়াৰ প্ৰতি বিশ্বাস স্থাপন নকৰো।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذْ قَالُوا اللّٰهُمَّ اِنْ كَانَ هٰذَا هُوَ الْحَقَّ مِنْ عِنْدِكَ فَاَمْطِرْ عَلَیْنَا حِجَارَةً مِّنَ السَّمَآءِ اَوِ ائْتِنَا بِعَذَابٍ اَلِیْمٍ ۟
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া মুশ্বৰিকসকলে কৈছিলঃ হে আল্লাহ! যদি মুহাম্মদে লৈ অহা দ্বীন সত্য, তেনেহ'লে তুমি আকাশৰ পৰা শিল বৰ্ষাই আমাক ধ্বংস কৰি দিয়া নাইবা আমাক কঠোৰ শাস্তি বিহা। দৰাচলতে সিহঁতে এই কথা সিহঁতৰ অস্বীকাৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি কৈছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا كَانَ اللّٰهُ لِیُعَذِّبَهُمْ وَاَنْتَ فِیْهِمْ ؕ— وَمَا كَانَ اللّٰهُ مُعَذِّبَهُمْ وَهُمْ یَسْتَغْفِرُوْنَ ۟
হে মুহাম্মদ! আপুনি সিহঁতৰ মাজত উপস্থিত থকা লৈকে আল্লাহে আপোনাৰ উম্মতক এনেকুৱা শাস্তি প্ৰদান নকৰিব যিটোৰ দ্বাৰা সিহঁত নিৰ্মূল হৈ যাব, তেওঁলোকে মুছলিমেই হওঁক অথবা অমুছলিম। আপোনাৰ উপস্থিতি হৈছে সিহঁতৰ বাবে গেৰান্টী। আনহাতে যেতিয়ালৈকে সিহঁতে আল্লাহৰ ওচৰত নিজৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব তেতিয়ালৈকে আল্লাহে সিহঁতক শাস্তি প্ৰদান নকৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الشكر نعمة عظيمة يزيد بها فضل الله تعالى، وينقص عند إغفالها.
কৃতজ্ঞতা বৰ ডাঙৰ নিয়ামত, যাৰ ফলত আল্লাহৰ অনুগ্ৰহ বৃদ্ধি পায়। আনহাতে ইয়াৰ অৱহেলাত অনুগ্ৰহ হ্ৰাস পায়।

• للأمانة شأن عظيم في استقامة أحوال المسلمين، ما ثبتوا عليها وتخلقوا بها، وهي دليل نزاهة النفس واعتدال أعمالها.
মুছলমানৰ অৱস্থা প্ৰতিষ্ঠিত থকাৰ ক্ষেত্ৰত আমানতদাৰীতাই বৰ ডাঙৰ ভূমিকা পালন কৰে। যেতিয়ালৈকে তেওঁলোক আমানতদাৰীৰ ওপৰত অবিচল থাকিব তেতিয়ালৈকে তেওঁলোকৰ অৱস্থা ভাল থাকিব। আমানতদাৰী আচলতে আত্মাৰ পৱিত্ৰতা আৰু মানুহৰ কৰ্মৰ শুদ্ধতাৰ প্ৰমাণ।

• ما عند الله من الأجر على كَفِّ النفس عن المنهيات، خير من المنافع الحاصلة عن اقتحام المناهي لأجل الأموال والأولاد.
নিষেধকৃত বস্তুৰ পৰা নিজকে বিৰত ৰখাৰ ফলত আল্লাহৰ ওচৰত যি প্ৰতিফল পোৱা যাব, সেইটো সেইবোৰ উপকাৰতকৈ অধিক উত্তম যিবোৰ ধন-সম্পদ আৰু সন্তান-সন্ততিৰ কাৰণে নিষেধকৃত কৰ্মবোৰ কৰাৰ ফলত অৰ্জন হয়।

• في الآيات بيان سفه عقول المعرضين؛ لأنهم لم يقولوا: اللَّهُمَّ إن كان هذا هو الحق من عندك فاهدنا إليه.
উক্ত আয়াতসমূহত বিমুখ হোৱা লোকসকলৰ বিবেকহীনতাৰ কথা উল্লেখ কৰা হৈছে। কিয়নো সিহঁতে এইদৰে দুআ কৰা নাছিল যে, হে আল্লাহ! যদি এইটো তোমাৰ ফালৰ পৰা সত্য তেন্তে আমাক হিদায়ত দিয়া।

• في الآيات فضيلة الاستغفار وبركته، وأنه من موانع وقوع العذاب.
উক্ত আয়াতসমূহত ক্ষমা প্ৰাৰ্থনাৰ গুৰুত্ব তথা বৰকতৰ কথা উল্লেখ আছে। লগতে এইটো শাস্তি প্ৰতিৰোধ কৰাৰ অন্যতম উপায়।

 
የይዘት ትርጉም ምዕራፍ: አል-አንፋል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት