Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (10) ምዕራፍ: አል-አንፋል
وَمَا جَعَلَهُ اللّٰهُ اِلَّا بُشْرٰی وَلِتَطْمَىِٕنَّ بِهٖ قُلُوْبُكُمْ ؕ— وَمَا النَّصْرُ اِلَّا مِنْ عِنْدِ اللّٰهِ ؕ— اِنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟۠
হে মুমিনসকল! ফিৰিস্তাৰ জৰিয়তে সহায় প্ৰদানক আল্লাহে তোমালোকৰ বাবে কেৱল সুসংবাদহে দিছে, প্ৰকৃত সহায়ক আল্লাহ নিজেই, তেৱেঁই তোমালোকক শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব। সুসংবাদ এই কাৰণে দিছে যাতে তোমালোকৰ অন্তৰে সন্তুষ্টি তথা প্ৰশান্তি লাভ কৰে, লগতে এই বিশ্বাস পুৰঠ হৈ উঠে যে, বিজয় সংখ্যা বলৰ ভিত্তিত নহয় বৰং আল্লাহৰ ফালৰ পৰা লাভ হয়। নিশ্চয় আল্লাহ ৰাজত্ব সঞ্চালনত প্ৰভূত্বশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• في الآيات اعتناء الله العظيم بحال عباده المؤمنين، وتيسير الأسباب التي بها ثبت إيمانهم، وثبتت أقدامهم، وزال عنهم المكروه والوساوس الشيطانية.
এই আয়াতবোৰে প্ৰমাণ কৰে যে, আল্লাহে মুমিনসকলৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰে। লগতে তেওঁলোকৰ বাবে এনেকুৱা উপায় সহজলভ্য কৰি দিয়ে যিবোৰৰ দ্বাৰা তেওঁলোকৰ ঈমান দৃঢ় থাকিব আৰু ভৰি স্থিৰ থাকিব, লগতে চয়তানৰ কুমন্ত্ৰণা আৰু অপ্ৰিয় ঘটনা সুৰক্ষিত থাকিব।

• أن النصر بيد الله، ومن عنده سبحانه، وهو ليس بكثرة عَدَدٍ ولا عُدَدٍ مع أهمية هذا الإعداد.
বিজয় আল্লাহৰ হাতত, আৰু তেওঁৰ পৰাই পোৱা যায়। এয়া সংখ্যাবল তথা প্ৰস্তুতিৰ আধাৰত পোৱা নাযায়, যদিও ইয়াৰ গুৰুত্বক নুই কৰিব নোৱাৰি।

• الفرار من الزحف من غير عذر من أكبر الكبائر.
যুদ্ধৰ ময়দানৰ পৰা উচিত কোনো কাৰণ নোহোৱাকৈ পলায়ন কৰা মহাপাপ।

• في الآيات تعليم المؤمنين قواعد القتال الحربية، ومنها: طاعة الله والرسول، والثبات أمام الأعداء، والصبر عند اللقاء، وذِكْر الله كثيرًا.
উক্ত আয়াতসমূহত মুমিনসকলক যুদ্ধৰ নিয়ম শিকোৱা হৈছে। য’ত আছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন, শত্ৰুৰ সন্মুখত দৃঢ়ভাৱে অটল থকা, মুকাবিলাৰ সময়ত ধৈৰ্য ধাৰণ কৰা আৰু আল্লাহক বেছি বেছি স্মৰণ কৰা।

 
የይዘት ትርጉም አንቀጽ: (10) ምዕራፍ: አል-አንፋል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት