የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ሱረቱ አል ኢንሺቃቅ   አንቀጽ:

ছুৰা আল-ইনশ্বিক্বাক্ব

ከመዕራፉ ዓላማዎች:
تذكير الإنسان برجوعه لربه، وبيان ضعفه، وتقلّب الأحوال به.
নিজ প্ৰতিপালকৰ প্ৰতি উভতি আহিবলৈ মানুহক সতৰ্কবাৰ্তা দিয়া হৈছে, লগতে সিহঁতৰ দুৰ্বলতাৰ বিষয়ে আৰু অৱস্থাৰ পৰিবৰ্তনৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

اِذَا السَّمَآءُ انْشَقَّتْ ۟ۙ
যেতিয়া আকাশখন ফাঁটি যাব, যাতে তাৰ পৰা ফিৰিস্তাসকল নামি আহে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَذِنَتْ لِرَبِّهَا وَحُقَّتْ ۟ۙ
আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا الْاَرْضُ مُدَّتْ ۟ؕ
আৰু যেতিয়া আল্লাহ তাআলাই পৃথিৱীখনক সম্প্ৰসাৰিত কৰিব যিদৰে ছাল সম্প্ৰসাৰণ কৰা হয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَلْقَتْ مَا فِیْهَا وَتَخَلَّتْ ۟ۙ
আৰু তাৰ ভিতৰত থকা সম্পদৰ ভাণ্ডাৰ আৰু মৃত সকলোকে বাহিৰলৈ নিক্ষেপ কৰিব আৰু ইয়াৰ পৰা গৰ্ভশূন্য হব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَذِنَتْ لِرَبِّهَا وَحُقَّتْ ۟ؕ
আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الْاِنْسَانُ اِنَّكَ كَادِحٌ اِلٰی رَبِّكَ كَدْحًا فَمُلٰقِیْهِ ۟ۚ
হে মানৱ! তুমি পৃথিৱীত যি ভাল- বেয়া কাম কৰিছা, ক্বিয়ামতৰ দিনা সেইবোৰ তোমালোকে দেখিবলৈ পাবা, যাতে আল্লাহে তোমাক ইয়াৰ প্ৰতিদান দিব পাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِیَمِیْنِهٖ ۟ۙ
এতেকে যি ব্যক্তিক তাৰ আমল নামা তাৰ সোঁ হাতত দিয়া হব।
የአረብኛ ቁርኣን ማብራሪያ:
فَسَوْفَ یُحَاسَبُ حِسَابًا یَّسِیْرًا ۟ۙ
ফলত আল্লাহে তাৰ হিচাপ অতি সহজকৈ লব। আৰু তেওঁলোকৰ আগত কামবোৰ উপস্থাপন কৰা হব কিন্তু শাস্তি বিহা নহব।
የአረብኛ ቁርኣን ማብራሪያ:
وَّیَنْقَلِبُ اِلٰۤی اَهْلِهٖ مَسْرُوْرًا ۟ؕ
আৰু তেওঁ নিজৰ আপোনজনলৈ প্ৰফুল্লচিত্তে ওভতি যাব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ وَرَآءَ ظَهْرِهٖ ۟ۙ
আৰু যাক তাৰ আমল নামা (কৰ্ম পত্ৰ) তাৰ পিছফালৰ পৰা বাওঁ হাতত দিয়া হব।
የአረብኛ ቁርኣን ማብራሪያ:
فَسَوْفَ یَدْعُوْا ثُبُوْرًا ۟ۙ
তেতিয়া সি নিজৰ ধ্বংস আহ্বান কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَّیَصْلٰی سَعِیْرًا ۟ؕ
আৰু সি জাহান্নামত প্ৰৱেশ কৰি জ্বলন্ত জুইত জ্বলি থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهٗ كَانَ فِیْۤ اَهْلِهٖ مَسْرُوْرًا ۟ؕ
আচলতে পৃথিৱীত সি নিজ পৰিয়ালৰ মাজত তাৰ কুফুৰী আৰু পাপকৰ্মৰ প্ৰতি বৰ আনন্দিত আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهٗ ظَنَّ اَنْ لَّنْ یَّحُوْرَ ۟ۚۛ
নিশ্চয় সি ভাবিছিল যে, সি মৃত্যুৰ পিছত কেতিয়াও উভতি নাযাব।
የአረብኛ ቁርኣን ማብራሪያ:
بَلٰۤی ۛۚ— اِنَّ رَبَّهٗ كَانَ بِهٖ بَصِیْرًا ۟ؕ
হয়, নিশ্চয় আল্লাহে তাক পুনৰ জীৱনলৈ ওভতি আনিব, যিদৰে প্ৰথমবাৰ সৃষ্টি কৰিছিল। নিশ্চিতৰূপে তাৰ প্ৰতিপালকে সেই অৱস্থা সম্পৰ্কে অৱগত। তাৰ কোনো কৰ্মই আল্লাহৰ পৰা লুকাই থকা নাছিল। আৰু আল্লাহ তাআলাই তাক তাৰ কৰ্মৰ প্ৰতিদান দিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَلَاۤ اُقْسِمُ بِالشَّفَقِ ۟ۙ
আল্লাহ তাআলাই সেই ৰঙা কিৰণৰ শপত কৰিছে, যিটো সূৰ্য মাৰ যোৱাৰ পিছত মহাকাশত থাকি যায়।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّیْلِ وَمَا وَسَقَ ۟ۙ
আৰু ৰাতি তথা ইয়াৰ মাজত যিবোৰৰ সমাবেশ ঘটোৱা হয় তাৰ শপত কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالْقَمَرِ اِذَا اتَّسَقَ ۟ۙ
তথা চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰি পূৰ্ণিমা চন্দ্ৰৰ ৰূপ লয়।
የአረብኛ ቁርኣን ማብራሪያ:
لَتَرْكَبُنَّ طَبَقًا عَنْ طَبَقٍ ۟ؕ
হে মানৱ! অৱশ্যে তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ যাব লাগিব। যেনেদৰে শুক্ৰবিন্দুৰ পৰা ৰক্তপিণ্ড লৈ, তাৰ পৰা মাংসৰ টুকুৰালৈ, তাৰ পৰা জীৱনলৈ, তাৰ পৰা মৃত্যুলৈ, তাৰ পৰা পুনৰ জীৱিত হৈ উত্থিত হবা।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَا لَهُمْ لَا یُؤْمِنُوْنَ ۟ۙ
তেন্তে এই কাফিৰসকলৰ কি হৈছে যে, ইহঁতে আল্লাহ আৰু ক্বিয়ামতৰ প্ৰতি কিয় ঈমান পোষণ নকৰে?
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا قُرِئَ عَلَیْهِمُ الْقُرْاٰنُ لَا یَسْجُدُوْنَ ۟
আৰু যেতিয়া সিহঁতৰ আগত কোৰআন তিলাৱত কৰা হয়, তেতিয়া সিহঁতে কিয় নিজ প্ৰতিপালকৰ আগত ছাজদা নকৰে?
የአረብኛ ቁርኣን ማብራሪያ:
بَلِ الَّذِیْنَ كَفَرُوْا یُكَذِّبُوْنَ ۟ؗۖ
বৰং কাফিৰসকলে ৰাছুলে লৈ অহা কোৰআনক অস্বীকাৰ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاللّٰهُ اَعْلَمُ بِمَا یُوْعُوْنَ ۟ؗۖ
সিহঁতৰ আন্তৰত যি আছে আল্লাহ তাআলাই সেই সম্পৰ্কে সবিশেষ অৱগত আৰু সিহঁতৰ কোনো আমল আল্লাহৰ পৰা লুপ্ত নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
فَبَشِّرْهُمْ بِعَذَابٍ اَلِیْمٍ ۟ۙ
হে ৰাছুল! আপুনি সিহঁতক সেই যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দি দিয়ক যাৰ বাবে সিহঁতে অপেক্ষা কৰি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خضوع السماء والأرض لربهما.
আকাশ আৰু পৃথিৱী আল্লাহৰ আদেশৰ অনুগত।

• كل إنسان ساعٍ إما لخير وإما لشرّ.
প্ৰত্যেক ব্যক্তিয়ে চেষ্টাৰত, তাৰ চেষ্টা ভালৰ বাবেই হওঁক বা বেয়াৰ বাবে।

• علامة السعادة يوم القيامة أخذ الكتاب باليمين، وعلامة الشقاء أخذه بالشمال.
ক্বিয়ামতৰ দিনা সৌভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে আমল নামা তাৰ সোঁ হাতত দিয়া হব আৰু দূৰ্ভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে, আমল নামা তাৰ বাওঁ হাতত দিয়া হব।

اِلَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ اَجْرٌ غَیْرُ مَمْنُوْنٍ ۟۠
কিন্তু যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎ কৰ্ম কৰিছে , তেওঁলোকৰ বাবে কেতিয়াও সমাপ্ত নোহোৱা প্ৰতিদান অৰ্থাৎ জান্নাত আছে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• يكون ابتلاء المؤمن على قدر إيمانه.
মুমিনৰ ঈমান অনুসৰি তাৰ পৰীক্ষা হয়।

• إيثار سلامة الإيمان على سلامة الأبدان من علامات النجاة يوم القيامة.
শৰীৰ সুৰক্ষাতকৈ ঈমানৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া, ক্বিয়ামতৰ দিনৰ মুক্তিৰ এক পৰিচয়।

• التوبة بشروطها تهدم ما قبلها.
যদি তাওবা ইয়াৰ চৰ্তাৱলীসহ কৰা হয়, তেন্তে ইয়াৰ আগত কৰা পাপসমূহ ক্ষমা হৈ যায়।

 
የይዘት ትርጉም ምዕራፍ: ሱረቱ አል ኢንሺቃቅ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት