prev

আল-ইনশ্বিক্বাক্ব

next
Objectives of the Surah:
تذكير الإنسان برجوعه لربه، وبيان ضعفه، وتقلّب الأحوال به.
নিজ প্ৰতিপালকৰ প্ৰতি উভতি আহিবলৈ মানুহক সতৰ্কবাৰ্তা দিয়া হৈছে, লগতে সিহঁতৰ দুৰ্বলতাৰ বিষয়ে আৰু অৱস্থাৰ পৰিবৰ্তনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। info

1 : 84

اِذَا السَّمَآءُ انْشَقَّتْ ۟ۙ

যেতিয়া আকাশখন ফাঁটি যাব, আৰু তাৰ পৰা ফিৰিস্তাসকল নামি আহিব। info
التفاسير: |

2 : 84

وَاَذِنَتْ لِرَبِّهَا وَحُقَّتْ ۟ۙ

আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়। info
التفاسير: |

3 : 84

وَاِذَا الْاَرْضُ مُدَّتْ ۟ؕ

আৰু যেতিয়া মহান আল্লাহে পৃথিৱীক সম্প্ৰসাৰিত কৰিব, যিদৰে ছাল সম্প্ৰসাৰণ কৰা হয়। info
التفاسير: |

4 : 84

وَاَلْقَتْ مَا فِیْهَا وَتَخَلَّتْ ۟ۙ

আৰু তাৰ ভিতৰত থকা সম্পদৰ ভাণ্ডাৰ আৰু মৃতসকলক বাহিৰলৈ নিক্ষেপ কৰিব আৰু গৰ্ভশূন্য হ’ব। info
التفاسير: |

5 : 84

وَاَذِنَتْ لِرَبِّهَا وَحُقَّتْ ۟ؕ

আৰু ই তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰণীয়। info
التفاسير: |

6 : 84

یٰۤاَیُّهَا الْاِنْسَانُ اِنَّكَ كَادِحٌ اِلٰی رَبِّكَ كَدْحًا فَمُلٰقِیْهِ ۟ۚ

হে মানৱ! তুমি পৃথিৱীত যিবোৰ ভাল-বেয়া কাম কৰিছা, ক্বিয়ামতৰ দিনা সেইবোৰ তোমালোকে দেখিবলৈ পাবা, যাতে আল্লাহে তোমাক ইয়াৰ প্ৰতিদান দিব পাৰে। info
التفاسير: |

7 : 84

فَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِیَمِیْنِهٖ ۟ۙ

এতেকে যিজন ব্যক্তিক তাৰ আমলনামা সোঁ হাতত দিয়া হ’ব। info
التفاسير: |

8 : 84

فَسَوْفَ یُحَاسَبُ حِسَابًا یَّسِیْرًا ۟ۙ

সেইজন ব্যক্তিৰ হিচাপ-নিকাচ আল্লাহে অতি সহজে গ্ৰহণ কৰিব। কোনো ধৰণৰ জবাবদিহি নকৰাকৈ কেৱল আমলবোৰ উপস্থাপন কৰাৰ মাধ্যমতে তেওঁলোকৰ হিচাপ গ্ৰহণ কৰিব। info
التفاسير: |

9 : 84

وَّیَنْقَلِبُ اِلٰۤی اَهْلِهٖ مَسْرُوْرًا ۟ؕ

সেইজন ব্যক্তি নিজৰ আপোনজনলৈ প্ৰফুল্লচিত্তে উভতি যাব। info
التفاسير: |

10 : 84

وَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ وَرَآءَ ظَهْرِهٖ ۟ۙ

পক্ষান্তৰে যিজন ব্যক্তিক তাৰ আমলনামা (কৰ্মপত্ৰ) পিছফালৰ পৰা বাওঁ হাতত দিয়া হ’ব। info
التفاسير: |

11 : 84

فَسَوْفَ یَدْعُوْا ثُبُوْرًا ۟ۙ

সেইজন ব্যক্তিয়ে নিজৰ ধ্বংস আহ্বান কৰিব। info
التفاسير: |

12 : 84

وَّیَصْلٰی سَعِیْرًا ۟ؕ

আৰু সি জাহান্নামত প্ৰৱেশ কৰি জ্বলন্ত জুইত জ্বলি থাকিব। info
التفاسير: |

13 : 84

اِنَّهٗ كَانَ فِیْۤ اَهْلِهٖ مَسْرُوْرًا ۟ؕ

কাৰণ পৃথিৱীত সি কুফুৰী আৰু পাপকৰ্ম কৰি পৰিয়ালবৰ্গৰ মাজত বৰ আনন্দিত আছিল। info
التفاسير: |

14 : 84

اِنَّهٗ ظَنَّ اَنْ لَّنْ یَّحُوْرَ ۟ۚۛ

নিশ্চয় সি ভাবিছিল যে, সি মৃত্যুৰ পিছত কেতিয়াও পুনৰুত্থিত নহ’ব। info
التفاسير: |

15 : 84

بَلٰۤی ۛۚ— اِنَّ رَبَّهٗ كَانَ بِهٖ بَصِیْرًا ۟ؕ

হয়, নিশ্চয় আল্লাহে তাক সেইদৰেই পুনৰুত্থিত কৰিব, যিদৰে তেওঁ তাক প্ৰথমবাৰ সৃষ্টি কৰিছিল। নিশ্চিতৰূপে তাৰ প্ৰতিপালক তাৰ সকলো অৱস্থা সম্পৰ্কে সম্যক অৱগত। তাৰ কোনো কৰ্মই আল্লাহৰ পৰা গোপন নাছিল, আৰু মহান আল্লাহে শীঘ্ৰেই তাক তাৰ কৰ্মৰ প্ৰতিদান দিব। info
التفاسير: |

16 : 84

فَلَاۤ اُقْسِمُ بِالشَّفَقِ ۟ۙ

মহান আল্লাহে সেই ৰঙা কিৰণৰ শপত কৰিছে, যিটো সূৰ্য্য মাৰ যোৱাৰ পিছত মহাকাশত থাকি যায়। info
التفاسير: |

17 : 84

وَالَّیْلِ وَمَا وَسَقَ ۟ۙ

লগতে শপত কৰিছে ৰাতিৰ আৰু ইয়াৰ মাজত যিবোৰৰ সমাবেশ ঘটে। info
التفاسير: |

18 : 84

وَالْقَمَرِ اِذَا اتَّسَقَ ۟ۙ

তথা চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰি পূৰ্ণিমা চন্দ্ৰৰ ৰূপ লয়। info
التفاسير: |

19 : 84

لَتَرْكَبُنَّ طَبَقًا عَنْ طَبَقٍ ۟ؕ

হে মানৱ! নিশ্চয় তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ যাব লাগিব। যেনেদৰে শুক্ৰবিন্দুৰ পৰা ৰক্তপিণ্ডলৈ, তাৰ পৰা মাংসৰ টুকুৰালৈ, তাৰ পৰা জীৱনলৈ, তাৰ পৰা মৃত্যুলৈ, তাৰ পৰা পুনৰ জীৱিত হৈ উত্থিত হ’বা। info
التفاسير: |

20 : 84

فَمَا لَهُمْ لَا یُؤْمِنُوْنَ ۟ۙ

তেন্তে এই কাফিৰসকলৰ কি হৈছে, ইহঁতে আল্লাহ আৰু ক্বিয়ামতৰ প্ৰতি ঈমান পোষণ নকৰে কিয়? info
التفاسير: |

21 : 84

وَاِذَا قُرِئَ عَلَیْهِمُ الْقُرْاٰنُ لَا یَسْجُدُوْنَ ۟

আৰু যেতিয়া সিহঁতৰ আগত কোৰআন তিলাৱত কৰা হয়, তেতিয়া সিহঁতে কিয় নিজ প্ৰতিপালকৰ প্ৰতি ছাজদা নকৰে? info
التفاسير: |

22 : 84

بَلِ الَّذِیْنَ كَفَرُوْا یُكَذِّبُوْنَ ۟ؗۖ

বৰং কাফিৰসকলে ৰাছুলে লৈ অহা কোৰআনক অস্বীকাৰ কৰে। info
التفاسير: |

23 : 84

وَاللّٰهُ اَعْلَمُ بِمَا یُوْعُوْنَ ۟ؗۖ

সিহঁতৰ আন্তৰত যি আছে মহান আল্লাহে সেই সম্পৰ্কে সবিশেষ অৱগত আৰু সিহঁতৰ কোনো আমলে আল্লাহৰ পৰা গোপন নহয়। info
التفاسير: |

24 : 84

فَبَشِّرْهُمْ بِعَذَابٍ اَلِیْمٍ ۟ۙ

হে ৰাছুল! আপুনি সিহঁতক সেই যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়ক, যাৰ বাবে সিহঁতে অপেক্ষা কৰি আছে। info
التفاسير: |
Benefits of the Verses on this page:
• خضوع السماء والأرض لربهما.
আকাশ আৰু পৃথিৱী হৈছে আল্লাহৰ আদেশৰ অনুগত। info

• كل إنسان ساعٍ إما لخير وإما لشرّ.
প্ৰত্যেক ব্যক্তিয়েই চেষ্টা কৰি আছে, সেই চেষ্টা ভালৰ কাৰণেই হওক বা বেয়াৰ কাৰণে। info

• علامة السعادة يوم القيامة أخذ الكتاب باليمين، وعلامة الشقاء أخذه بالشمال.
ক্বিয়ামতৰ দিৱসত সৌভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব, আৰু দুৰ্ভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে, আমলনামা তাৰ বাওঁ হাতত দিয়া হ’ব। info

prev

আল-ইনশ্বিক্বাক্ব

next
:
0:00 0:00