Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (100) ምዕራፍ: አት-ተውባህ
وَالسّٰبِقُوْنَ الْاَوَّلُوْنَ مِنَ الْمُهٰجِرِیْنَ وَالْاَنْصَارِ وَالَّذِیْنَ اتَّبَعُوْهُمْ بِاِحْسَانٍ ۙ— رَّضِیَ اللّٰهُ عَنْهُمْ وَرَضُوْا عَنْهُ وَاَعَدَّ لَهُمْ جَنّٰتٍ تَجْرِیْ تَحْتَهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ— ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟
যিসকলে পোন প্ৰথমে ঈমানৰ প্ৰতি আগুৱাই আহিছিল, সেইসকল মুহাজিৰীন যিসকলে নিজৰ ঘৰ-দুৱাৰ আৰু স্বদেশ ত্যাগ কৰি আল্লাহৰ পিনে হিজৰত কৰিছিল, আৰু আনচাৰসকলৰ মাজৰ যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সমৰ্থন কৰিছিল আৰু সহায় কৰিছিল, লগতে যিসকলে পোন প্ৰথমে ঈমান পোষণ কৰা মুহাজিৰীন আৰু আনচাৰসকলক ইহছানৰ সৈতে তেওঁলোকৰ কথা, কৰ্ম আৰু বিশ্বাসৰ অনুসৰণ কৰিছিল, আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে। আৰু তেওঁলোকৰ আনুগত্য স্বীকাৰ কৰিছে। আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট, কাৰণ আল্লাহে তেওঁলোকক মহাপ্ৰতিদান দান কৰিছে। আৰু তেওঁলোকৰ বাবে এনেকুৱা জান্নাত নিৰ্মাণ কৰি থৈছে, যাৰ অট্টালিকাসমূহৰ তলদেশত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোক চিৰস্থায়ী হ'ব। এইটোৱে হৈছে মহা সফলতা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• فضل المسارعة إلى الإيمان، والهجرة في سبيل الله، ونصرة الدين، واتباع طريق السلف الصالح.
ঈমানৰ পিনে অগ্ৰসৰ হোৱা, আল্লাহৰ পথত হিজৰত কৰা, দ্বীনক সমৰ্থন কৰা আৰু পূৰ্বৱৰ্তী পূণ্যৱান লোকসকলৰ অনুসৰণ কৰাৰ গুৰুত্ব।

• استئثار الله عز وجل بعلم الغيب، فلا يعلم أحد ما في القلوب إلا الله.
অদৃশ্যৰ জ্ঞানৰ অধিকাৰী একমাত্ৰ সৰ্বশক্তিমান আল্লাহ। এতেকে অন্তৰৰ গোপন বিষয় আল্লাহৰ বাহিৰে আন কোনেও নাজানে।

• الرجاء لأهل المعاصي من المؤمنين بتوبة الله عليهم ومغفرته لهم إن تابوا وأصلحوا عملهم.
ঈমান পোষণকাৰী গুনাহ কৰা ব্যক্তিয়ে যদি তাওবা কৰে আৰু নিজৰ আমল সংশোধন কৰে তেন্তে আশা কৰা যায় আল্লাহে তাৰ তাওবা কবুল কৰিব আৰু ক্ষমা কৰিব।

• وجوب الزكاة وبيان فضلها وأثرها في تنمية المال وتطهير النفوس من البخل وغيره من الآفات.
যাকাতৰ অনিবাৰ্যতা আৰু ইয়াৰ গুৰুত্বৰ বৰ্ণনা আৰু সম্পদ বিকশিত কৰাৰ তথা আত্মাক কৃপণালী আদি বেমাৰৰ পৰা পৱিত্ৰ কৰাৰ বৰ্ণনা।

 
የይዘት ትርጉም አንቀጽ: (100) ምዕራፍ: አት-ተውባህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት