የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (28) ምዕራፍ: ሱረቱ አት-ተውባህ
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنَّمَا الْمُشْرِكُوْنَ نَجَسٌ فَلَا یَقْرَبُوا الْمَسْجِدَ الْحَرَامَ بَعْدَ عَامِهِمْ هٰذَا ۚ— وَاِنْ خِفْتُمْ عَیْلَةً فَسَوْفَ یُغْنِیْكُمُ اللّٰهُ مِنْ فَضْلِهٖۤ اِنْ شَآءَ ؕ— اِنَّ اللّٰهَ عَلِیْمٌ حَكِیْمٌ ۟
হে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ অনুসাৰীসকল! জানি থোৱা! নিশ্চয় মুশ্বৰিকসকল হৈছে অপৱিত্ৰ। কাৰণ সিহঁতৰ মাজত আছে কুফৰ, অন্যায়-অত্যাচাৰ আৰু বেয়া স্বভাৱ। এতেকে এইবাৰৰ পিছত অৰ্থাৎ ন হিজৰীৰ পিছত সিহঁতে যেন মক্কাৰ নিৰ্দিষ্ট এলেকাত প্ৰৱেশ নকৰে, যদিও সিহঁত হজ্জ তথা উমৰাৰ নিয়তেৰে নাহক কিয়। হে মুমিনসকল! সিহঁতৰ দ্বাৰা অহা খাদ্য বস্তু আৰু অন্যান্য সা-সামগ্ৰী বন্ধ হোৱাৰ যদি তোমালোকে আশংকা কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহৰ অনুগ্ৰহই তোমালোকৰ বাবে যথেষ্ট। নিশ্চয় আল্লাহ তোমালোকৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে অৱগত, তোমালোকৰ বাবে যোগান ধৰাৰ ক্ষেত্ৰত তেওঁ মহাপ্ৰজ্ঞাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• في الآيات دليل على أن تعلق القلب بأسباب الرزق جائز، ولا ينافي التوكل.
উক্ত আয়াতবোৰত এই কথাৰ প্ৰমাণ পোৱা যায় যে, জীৱিকাৰ উপায় অৱলম্বনৰ লগত আন্তৰিক সম্পৰ্ক স্থাপন কৰাটো বৈধ, এইটো আল্লাহৰ ওপৰত ভৰসা কৰাৰ বিপৰীত নহয়।

• في الآيات دليل على أن الرزق ليس بالاجتهاد، وإنما هو فضل من الله تعالى تولى قسمته.
উক্ত আয়াতবোৰত এই কথাৰো প্ৰমাণ পোৱা যায় যে, জীৱিকা কেৱল কষ্টৰ ফলত নাহে, বৰং আল্লাহৰ অনুগ্ৰহৰ ফলতহে লাভ হয়। জীৱিকা বন্টনৰ দায়িত্ব আল্লাহৰ হাতত।

• الجزية واحد من خيارات ثلاثة يعرضها الإسلام على الأعداء، يقصد منها أن يكون الأمر كله للمسلمين بنزع شوكة الكافرين.
ইছলামে শত্ৰুৰ সন্মুখত যি তিনিটা বিকল্প উপস্থাপন কৰে, তাৰে এটা হৈছে কৰ। ইয়াৰ উদ্দেশ্য হৈছে যাতে সকলো অধিকাৰ মুছলিমসকলৰ অধীনত থাকে, আৰু কাফিৰসকলৰ প্ৰভুত্ব সমাপ্ত হৈ যায়।

• في اليهود من الخبث والشر ما أوصلهم إلى أن تجرؤوا على الله، وتنقَّصوا من عظمته سبحانه.
ইয়াহুদীসকলে নিজৰ মাজত থকা কু-স্বভাৱ আৰু নিকৃষ্ট মানসিকতাৰ বহিঃপ্ৰকাশ কৰি আল্লাহৰ ওপৰত মিছা আৰোপ কৰাৰ দুসাহস কৰিছে, লগতে তেওঁৰ মৰ্যাদা হানি কৰাৰ প্ৰয়াস কৰিছে।

 
የይዘት ትርጉም አንቀጽ: (28) ምዕራፍ: ሱረቱ አት-ተውባህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት