Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (39) ምዕራፍ: አት-ተውባህ
اِلَّا تَنْفِرُوْا یُعَذِّبْكُمْ عَذَابًا اَلِیْمًا ۙ۬— وَّیَسْتَبْدِلْ قَوْمًا غَیْرَكُمْ وَلَا تَضُرُّوْهُ شَیْـًٔا ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
হে মুমিনসকল! যদি তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবলৈ নোলোৱা, তেন্তে আল্লাহে তোমালোকক কষ্টদায়ক আৰু অপমানমূলক শাস্তি প্ৰদান কৰিব, তথা এনেকুৱা জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব, যিসকলে আল্লাহৰ আনুগত্য কৰিব। যেতিয়া তেওঁলোকক যুদ্ধৰ বাবে ওলাবলৈ কোৱা হ'ব তেতিয়া তেওঁলোকে ওলাই পৰিব। তেওঁৰ আদেশ অমান্য কৰি তোমালোকে তেওঁৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিবা। তেওঁ অমুখাপেক্ষী, তোমালোক হৈছা তেওঁৰ মুখাপেক্ষী। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তোমালোকৰ অবিহনেই তেওঁৰ দ্বীন আৰু নবীক সহায় কৰিবলৈ সক্ষম।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• العادات المخالفة للشرع بالاستمرار عليها دونما إنكار لها يزول قبحها عن النفوس، وربما ظُن أنها عادات حسنة.
চৰীয়ত বিৰোধী স্বভাৱক যদি আঁতৰাই পেলোৱা নহয় তথা বেয়া বুলি ভৱা নহয়, লগতে ধাৰাবাহিকভাৱে যদি তাৰ ওপৰত আমল কৰা হয় তেন্তে অন্তৰৰ পৰা সেইটো যে বেয়া স্বভাৱ, এই ধাৰণাটো নাইকীয়া হৈ যায়, আনকি কেতিয়াবা এনেকুৱাও লাগে যে, এইটো এটা ভাল কাম।

• عدم النفير في حال الاستنفار من كبائر الذنوب الموجبة لأشد العقاب، لما فيها من المضار الشديدة.
জিহাদৰ বাবে আহ্বান কৰাৰ সময়ত সঁহাৰি নিদিয়াটো এটা মহা অপৰাধ, ইয়াৰ শাস্তিও বৰ কঠিন। কিয়নো ইয়াৰ ক্ষতি অধিক।

• فضيلة السكينة، وأنها من تمام نعمة الله على العبد في أوقات الشدائد والمخاوف التي تطيش فيها الأفئدة، وأنها تكون على حسب معرفة العبد بربه، وثقته بوعده الصادق، وبحسب إيمانه وشجاعته.
শান্তিৰ গুৰুত্ব। কঠিন আৰু বিপদৰ সময়ত অন্তৰ যেতিয়া ভীত-সন্ত্ৰস্ত হয় তেতিয়া শান্তি লাভ কৰাটো আল্লাহৰ ফালৰ পৰা বান্দাৰ ওপৰত এইটো এটা ডাঙৰ নিয়ামত। বান্দাই শান্তি সেই অনুপাতে লাভ কৰে, যি পৰিমাণে তেওঁ আল্লাহ সম্পৰ্কে অৱগত, আৰু তেওঁৰ প্ৰতিশ্ৰুতিৰ প্ৰতি বিশ্বস্ত, লগতে বান্দাৰ ঈমান আৰু উৎসাহ মুতাবিক।

• أن الحزن قد يعرض لخواص عباد الله الصدِّيقين وخاصة عند الخوف على فوات مصلحة عامة.
শোক কেতিয়াবা কেতিয়াবা আল্লাহৰ বিশেষ সদাচাৰী বান্দাসকলৰো হয়, বিশেষকৈ যেতিয়া সৰ্বসাধাৰণৰ কল্যাণ বিনষ্ট হোৱা আশংকা হয়।

 
የይዘት ትርጉም አንቀጽ: (39) ምዕራፍ: አት-ተውባህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት