የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (74) ምዕራፍ: ሱረቱ አት-ተውባህ
یَحْلِفُوْنَ بِاللّٰهِ مَا قَالُوْا ؕ— وَلَقَدْ قَالُوْا كَلِمَةَ الْكُفْرِ وَكَفَرُوْا بَعْدَ اِسْلَامِهِمْ وَهَمُّوْا بِمَا لَمْ یَنَالُوْا ۚ— وَمَا نَقَمُوْۤا اِلَّاۤ اَنْ اَغْنٰىهُمُ اللّٰهُ وَرَسُوْلُهٗ مِنْ فَضْلِهٖ ۚ— فَاِنْ یَّتُوْبُوْا یَكُ خَیْرًا لَّهُمْ ۚ— وَاِنْ یَّتَوَلَّوْا یُعَذِّبْهُمُ اللّٰهُ عَذَابًا اَلِیْمًا فِی الدُّنْیَا وَالْاٰخِرَةِ ۚ— وَمَا لَهُمْ فِی الْاَرْضِ مِنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟
মুনাফিকসকলে আল্লাহৰ মিছা শপত খাই কয় যে, সিহঁতে আপোনাক গালি-শপনি পাৰা নাই তথা ইছলামক কটাক্ষ কৰা নাই, যিবোৰ আপুনি শুনিছে। বাস্তৱতে সিহঁতে কুফুৰীমূলক সেইবোৰ কথা কৈছে, যিবোৰৰ বিষয়ে আপুনি ইতিমধ্যে গম পাইছে। এইদৰে সিহঁতে ঈমান পোষণ কৰাৰ পিছত কুফুৰীত লিপ্ত হৈছে। সিহঁতে নবীৰ হত্যাকো নিশ্চিত কৰিছিল, যিটো সফল হোৱা নাছিল। সিহঁতে সেই বিষয়টোক অস্বীকাৰ কৰিছে যিটোক অস্বীকাৰ কৰা অসম্ভৱ। আল্লাহে সিহঁতক সেই যুদ্ধলব্ধ সম্পদৰ দ্বাৰা লাভান্বিত কৰিছে, যি সম্পদ আল্লাহে নবীক প্ৰদান কৰিছে। এতেকে এতিয়া যদি সিহঁতে নিফাকৰ পৰা তাওবা কৰে তেন্তে সিহঁতৰ পক্ষে এয়া অধিক কল্যাণকৰ হব নিফাকত অটল থকাতকৈ। আনহাতে যদি তাওবাৰ পৰা বিমুখ হয় তেন্তে আল্লাহে পৃথিৱীত সিহঁতক হত্যা আৰু বন্দীৰ দৰে কষ্টদায়ক শাস্তি প্ৰদান কৰিব আৰু আখিৰাতত জুইৰে বেদনাদায়ক শাস্তি বিহিব। এই ক্ষেত্ৰত সিহঁতৰ কোনো সংৰক্ষক তথা সহায়ক নাথাকিব যিয়ে সিহঁতক সহায় কৰিব তথা সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰি মুক্তি প্ৰদান কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب جهاد الكفار والمنافقين، فجهاد الكفار باليد وسائر أنواع الأسلحة الحربية، وجهاد المنافقين بالحجة واللسان.
কাফিৰ আৰু মুনাফিকৰ লগত জিহাদ কৰা ফৰজ। যদিও কাফিৰৰ লগত জিহাদ হাত তথা যুদ্ধৰ অস্ত্ৰৰে কৰা হব আৰু মুনাফিকৰ লগত প্ৰমাণ আৰু যুক্তিৰে কৰা হ'ব।

• المنافقون من شرّ الناس؛ لأنهم غادرون يقابلون الإحسان بالإساءة.
মুনাফিক হৈছে আটাইতকৈ নিকৃষ্ট মানৱ, কিয়নো সিহঁত বিশ্বাসঘাতক। উপকাৰৰ প্ৰতিদান অপকাৰেৰে দিয়ে।

• في الآيات دلالة على أن نقض العهد وإخلاف الوعد يورث النفاق، فيجب على المسلم أن يبالغ في الاحتراز عنه.
উক্ত আয়াতবোৰত এই কথাৰ প্ৰমাণ পোৱা যায় যে, সন্ধি উলংঘা কৰিলে আৰু প্ৰতিশ্ৰুতি ভঙ্গ কৰিলে নিফাক সৃষ্টি হয়। এতেকে মুছলিমসকলে এনেকুৱা কাৰ্যৰ পৰা বিৰত থকা উচিত।

• في الآيات ثناء على قوة البدن والعمل، وأنها تقوم مقام المال، وهذا أصل عظيم في اعتبار أصول الثروة العامة والتنويه بشأن العامل.
উক্ত আয়াতবোৰত শক্তিশালী শৰীৰ আৰু কৰ্মৰ প্ৰশংসা কৰা হৈছে, লগতে এইটোও যে এটা সম্পত্তি সেই কথাকো প্ৰমাণ কৰা হৈছে। প্ৰকৃততে এয়া সাৰ্বজনিক সম্পত্তি আৰু অধ্যৱসায়ৰ গুৰুত্ব বুজোৱাৰ এটা গুৰুত্বপূৰ্ণ মৌলিক বিধান।

 
የይዘት ትርጉም አንቀጽ: (74) ምዕራፍ: ሱረቱ አት-ተውባህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት