Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አን-ነሕል   አንቀጽ:
وَاَلْقٰی فِی الْاَرْضِ رَوَاسِیَ اَنْ تَمِیْدَ بِكُمْ وَاَنْهٰرًا وَّسُبُلًا لَّعَلَّكُمْ تَهْتَدُوْنَ ۟ۙ
আৰু তেৱেঁই পৃথিৱীত সুদৃঢ় পৰ্বতমালা স্থাপন কৰিছে, যাতে পৃথিৱীয়ে তোমালোকক লৈ থৰক-বৰক কৰিব নোৱাৰে, আৰু স্থাপন কৰিছে নদ-নদী আৰু পথসমূহ, যাতে তোমালোকে নিজৰ গন্তব্যস্থলত যাব পাৰা;
የአረብኛ ቁርኣን ማብራሪያ:
وَعَلٰمٰتٍ ؕ— وَبِالنَّجْمِ هُمْ یَهْتَدُوْنَ ۟
আৰু (তেৱেঁই) পথ নিৰ্দেশক চিহ্নসমূহ (স্থাপন কৰিছে)। লগতে তৰা নক্ষত্ৰৰ দ্বাৰাও (মানুহে) পথ নিৰ্দেশ পায়।
የአረብኛ ቁርኣን ማብራሪያ:
اَفَمَنْ یَّخْلُقُ كَمَنْ لَّا یَخْلُقُ ؕ— اَفَلَا تَذَكَّرُوْنَ ۟
এতেকে যিজনে সৃষ্টি কৰে, তেওঁ তাৰ দৰে নেকি যিজনে সৃষ্টি কৰিব নোৱাৰে? তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنْ تَعُدُّوْا نِعْمَةَ اللّٰهِ لَا تُحْصُوْهَا ؕ— اِنَّ اللّٰهَ لَغَفُوْرٌ رَّحِیْمٌ ۟
আৰু তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰিলে কেতিয়াও তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।
የአረብኛ ቁርኣን ማብራሪያ:
وَاللّٰهُ یَعْلَمُ مَا تُسِرُّوْنَ وَمَا تُعْلِنُوْنَ ۟
আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়া আল্লাহে (ভালদৰেই) জানে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ یَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ لَا یَخْلُقُوْنَ شَیْـًٔا وَّهُمْ یُخْلَقُوْنَ ۟ؕ
আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁতকেই সৃষ্টি কৰা হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
اَمْوَاتٌ غَیْرُ اَحْیَآءٍ ؕۚ— وَمَا یَشْعُرُوْنَ ۙ— اَیَّانَ یُبْعَثُوْنَ ۟۠
(বৰং সিহঁত) নিষ্প্ৰাণ, নিৰ্জীৱ আৰু সিহঁতক কেতিয়া পুনৰুত্থিত কৰা হ’ব সেই বিষয়েও সিহঁতৰ কোনো চেতনা (বোধ) নাই।
የአረብኛ ቁርኣን ማብራሪያ:
اِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ ۚ— فَالَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ قُلُوْبُهُمْ مُّنْكِرَةٌ وَّهُمْ مُّسْتَكْبِرُوْنَ ۟
তোমালোকৰ ইলাহ কেৱল এজন ইলাহ, এতেকে যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ অন্তৰ হৈছে অস্বীকাৰকাৰী আৰু সিহঁত হৈছে অহংকাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
لَا جَرَمَ اَنَّ اللّٰهَ یَعْلَمُ مَا یُسِرُّوْنَ وَمَا یُعْلِنُوْنَ ؕ— اِنَّهٗ لَا یُحِبُّ الْمُسْتَكْبِرِیْنَ ۟
ইয়াত কোনো সন্দেহ নাই যে, আল্লাহে (ভালদৰেই) জানে সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে। নিশ্চয় তেওঁ অহংকাৰীসকলক পছন্দ নকৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا قِیْلَ لَهُمْ مَّاذَاۤ اَنْزَلَ رَبُّكُمْ ۙ— قَالُوْۤا اَسَاطِیْرُ الْاَوَّلِیْنَ ۟ۙ
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেতিয়া সিহঁতে কয়, ‘পূৰ্বৱৰ্তীসকলৰ উপকথা’!
የአረብኛ ቁርኣን ማብራሪያ:
لِیَحْمِلُوْۤا اَوْزَارَهُمْ كَامِلَةً یَّوْمَ الْقِیٰمَةِ ۙ— وَمِنْ اَوْزَارِ الَّذِیْنَ یُضِلُّوْنَهُمْ بِغَیْرِ عِلْمٍ ؕ— اَلَا سَآءَ مَا یَزِرُوْنَ ۟۠
ফলত কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে অজ্ঞতাবশতঃ বিভ্ৰান্ত কৰিছে। চোৱা, সিহঁতে যি বহন কৰিব সেয়া কিমান নিকৃষ্ট!
የአረብኛ ቁርኣን ማብራሪያ:
قَدْ مَكَرَ الَّذِیْنَ مِنْ قَبْلِهِمْ فَاَتَی اللّٰهُ بُنْیَانَهُمْ مِّنَ الْقَوَاعِدِ فَخَرَّ عَلَیْهِمُ السَّقْفُ مِنْ فَوْقِهِمْ وَاَتٰىهُمُ الْعَذَابُ مِنْ حَیْثُ لَا یَشْعُرُوْنَ ۟
নিশ্চয় সিহঁতৰ পূৰ্বৱৰ্তীসকলে চক্ৰান্ত কৰিছিল, ফলত আল্লাহে সিহঁতৰ প্ৰাসাদৰ ভিত্তিমূলত আঘাত কৰিছিল; ইয়াৰ ফলত প্ৰাসাদৰ চাদ সিহঁতৰ ওপৰত খহি পৰিছিল আৰু সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে একোৱেই উপলব্ধি কৰিব পৰা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አን-ነሕል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት