Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አን-ነሕል   አንቀጽ:
وَاللّٰهُ اَنْزَلَ مِنَ السَّمَآءِ مَآءً فَاَحْیَا بِهِ الْاَرْضَ بَعْدَ مَوْتِهَا ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّسْمَعُوْنَ ۟۠
আৰু আল্লাহেই আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে (আল্লাহৰ) কথা শুনে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّ لَكُمْ فِی الْاَنْعَامِ لَعِبْرَةً ؕ— نُسْقِیْكُمْ مِّمَّا فِیْ بُطُوْنِهٖ مِنْ بَیْنِ فَرْثٍ وَّدَمٍ لَّبَنًا خَالِصًا سَآىِٕغًا لِّلشّٰرِبِیْنَ ۟
নিশ্চয় ঘৰচীয়া জন্তুৰ মাজতো তোমালোকৰ বাবে আছে শিক্ষা। তাৰ পেটৰ গোবৰ আৰু তেজৰ মাজৰ পৰা তোমালোকক সেৱন কৰাওঁ বিশুদ্ধ আৰু নিৰ্ভেজাল গাখীৰ, যিটো সেৱনকাৰীসকলৰ বাবে অতি তৃপ্তিকৰ।
የአረብኛ ቁርኣን ማብራሪያ:
وَمِنْ ثَمَرٰتِ النَّخِیْلِ وَالْاَعْنَابِ تَتَّخِذُوْنَ مِنْهُ سَكَرًا وَّرِزْقًا حَسَنًا ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّعْقِلُوْنَ ۟
আৰু খেজুৰ গছৰ ফল আৰু আঙুৰৰ পৰা তোমালোকে মাদক আৰু উত্তম খাদ্য গ্ৰহণ কৰা; নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَوْحٰی رَبُّكَ اِلَی النَّحْلِ اَنِ اتَّخِذِیْ مِنَ الْجِبَالِ بُیُوْتًا وَّمِنَ الشَّجَرِ وَمِمَّا یَعْرِشُوْنَ ۟ۙ
আৰু তোমাৰ প্ৰতিপালকে মৌ-মাখিক প্ৰত্যাদেশ কৰিছে যে, ‘তুমি পাহাৰত, গছত আৰু মানুহে তৈয়াৰ কৰা হেদালিত মৌচাক সাজি লোৱা;
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ كُلِیْ مِنْ كُلِّ الثَّمَرٰتِ فَاسْلُكِیْ سُبُلَ رَبِّكِ ذُلُلًا ؕ— یَخْرُجُ مِنْ بُطُوْنِهَا شَرَابٌ مُّخْتَلِفٌ اَلْوَانُهٗ فِیْهِ شِفَآءٌ لِّلنَّاسِ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّتَفَكَّرُوْنَ ۟
‘ইয়াৰ পিছত প্ৰত্যেক ফলৰ পৰা অলপ অলপ খোৱা, আৰু তোমাৰ প্ৰতিপালকৰ সহজ পথ অনুসৰণ কৰা’। তাৰ পেটৰ পৰা নিৰ্গত হয় বিভিন্ন ৰঙৰ পানীয়, ইয়াৰ মাজত মানুহৰ বাবে আছে আৰোগ্য। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।
የአረብኛ ቁርኣን ማብራሪያ:
وَاللّٰهُ خَلَقَكُمْ ثُمَّ یَتَوَفّٰىكُمْ وَمِنْكُمْ مَّنْ یُّرَدُّ اِلٰۤی اَرْذَلِ الْعُمُرِ لِكَیْ لَا یَعْلَمَ بَعْدَ عِلْمٍ شَیْـًٔا ؕ— اِنَّ اللّٰهَ عَلِیْمٌ قَدِیْرٌ ۟۠
আৰু আল্লাহেই তোমালোকক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব আৰু তোমালোকৰ মাজৰ কিছুমানক প্ৰত্যাৱৰ্তিত কৰা হ’ব নিকৃষ্টতম বয়সত; যাতে জ্ঞান লাভৰ পিছত আকৌ সি সকলো নজনা হয়। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, পূৰ্ণ ক্ষমতাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
وَاللّٰهُ فَضَّلَ بَعْضَكُمْ عَلٰی بَعْضٍ فِی الرِّزْقِ ۚ— فَمَا الَّذِیْنَ فُضِّلُوْا بِرَآدِّیْ رِزْقِهِمْ عَلٰی مَا مَلَكَتْ اَیْمَانُهُمْ فَهُمْ فِیْهِ سَوَآءٌ ؕ— اَفَبِنِعْمَةِ اللّٰهِ یَجْحَدُوْنَ ۟
আৰু আল্লাহে জীৱনোপকৰণত তোমালোকৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। কিন্তু যিসকলক শ্ৰেষ্ঠত্ব দিয়া হৈছে সিহঁতে সিহঁতৰ অধীনস্থ দাস-দাসীসকলক নিজৰ জীৱনোপকৰণৰ পৰা পৰ্যাপ্ত পৰিমাণৰ দান কেতিয়াও নিদিয়ে, (এইকাৰণে যে,) যাতে সিহঁতেও এই ক্ষেত্ৰত সিহঁতৰ সমান হৈ নাযায়। এতেকে সিহঁতে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰে নেকি?
የአረብኛ ቁርኣን ማብራሪያ:
وَاللّٰهُ جَعَلَ لَكُمْ مِّنْ اَنْفُسِكُمْ اَزْوَاجًا وَّجَعَلَ لَكُمْ مِّنْ اَزْوَاجِكُمْ بَنِیْنَ وَحَفَدَةً وَّرَزَقَكُمْ مِّنَ الطَّیِّبٰتِ ؕ— اَفَبِالْبَاطِلِ یُؤْمِنُوْنَ وَبِنِعْمَتِ اللّٰهِ هُمْ یَكْفُرُوْنَ ۟ۙ
আৰু আল্লাহে তোমালোকৰ পৰাই তোমালোকৰ সঙ্গিনী সৃষ্টি কৰিছে আৰু তোমালোকৰ সঙ্গিনীৰ পৰাই তোমালোকৰ বাবে সন্তান আৰু নাতিপুতি সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকক উত্তম জীৱনোপকৰণ দান কৰিছে। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে আৰু আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিবনে?
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አን-ነሕል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት