Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል ኢስራዕ   አንቀጽ:
اِلَّا رَحْمَةً مِّنْ رَّبِّكَ ؕ— اِنَّ فَضْلَهٗ كَانَ عَلَیْكَ كَبِیْرًا ۟
কিন্তু এয়া প্ৰত্যাহাৰ নকৰাটো হৈছে তোমাৰ প্ৰতিপালকৰ দয়া; নিশ্চয় তোমাৰ প্ৰতি আছে তেওঁৰ মহা অনুগ্ৰহ।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ لَّىِٕنِ اجْتَمَعَتِ الْاِنْسُ وَالْجِنُّ عَلٰۤی اَنْ یَّاْتُوْا بِمِثْلِ هٰذَا الْقُرْاٰنِ لَا یَاْتُوْنَ بِمِثْلِهٖ وَلَوْ كَانَ بَعْضُهُمْ لِبَعْضٍ ظَهِیْرًا ۟
কোৱা, ‘যদি এই কোৰআনৰ অনুৰূপ কোৰআন আনিবলৈ মানুহ আৰু জিন সমবেত হয় তথাপিও ইয়াৰ অনুৰূপ আনিব নোৱাৰিব, যদিও সিহঁতে পৰস্পৰে পৰস্পৰক সহায় কৰে’।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ صَرَّفْنَا لِلنَّاسِ فِیْ هٰذَا الْقُرْاٰنِ مِنْ كُلِّ مَثَلٍ ؗ— فَاَبٰۤی اَكْثَرُ النَّاسِ اِلَّا كُفُوْرًا ۟
আৰু নিশ্চয় আমি এই কোৰআনত মানুহৰ বাবে বিভিন্ন উপমা বিশদভাৱে বৰ্ণনা কৰিছোঁ; কিন্তু অধিকাংশ মানুহেই কুফৰী নকৰাকৈ ক্ষান্ত হোৱা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالُوْا لَنْ نُّؤْمِنَ لَكَ حَتّٰی تَفْجُرَ لَنَا مِنَ الْاَرْضِ یَنْۢبُوْعًا ۟ۙ
আৰু সিহঁতে কয়, ‘আমি কেতিয়াও তোমাৰ ওপৰত ঈমান পোষণ নকৰোঁ, যেতিয়ালৈকে তুমি আমাৰ বাবে ভূমিৰ পৰা এটা প্ৰস্ৰৱন উৎসাৰিত নকৰিবা;
የአረብኛ ቁርኣን ማብራሪያ:
اَوْ تَكُوْنَ لَكَ جَنَّةٌ مِّنْ نَّخِیْلٍ وَّعِنَبٍ فَتُفَجِّرَ الْاَنْهٰرَ خِلٰلَهَا تَفْجِیْرًا ۟ۙ
‘অথবা তোমাৰ বাবে খেজুৰ আৰু আঙুৰৰ এটা বাগিচা হ’ব, যাৰ মাজত তুমি নিজৰা প্ৰবাহিত কৰিবা’,
የአረብኛ ቁርኣን ማብራሪያ:
اَوْ تُسْقِطَ السَّمَآءَ كَمَا زَعَمْتَ عَلَیْنَا كِسَفًا اَوْ تَاْتِیَ بِاللّٰهِ وَالْمَلٰٓىِٕكَةِ قَبِیْلًا ۟ۙ
‘অথবা তুমি যেনেকৈ কোৱা সেই অনুযায়ী আকাশক খণ্ড-বিখণ্ড কৰি আমাৰ ওপৰত পেলাই দিয়া, নাইবা আল্লাহ আৰু ফিৰিস্তাসকলক আমাৰ সন্মুখত উপস্থিত কৰা’,
የአረብኛ ቁርኣን ማብራሪያ:
اَوْ یَكُوْنَ لَكَ بَیْتٌ مِّنْ زُخْرُفٍ اَوْ تَرْقٰی فِی السَّمَآءِ ؕ— وَلَنْ نُّؤْمِنَ لِرُقِیِّكَ حَتّٰی تُنَزِّلَ عَلَیْنَا كِتٰبًا نَّقْرَؤُهٗ ؕ— قُلْ سُبْحَانَ رَبِّیْ هَلْ كُنْتُ اِلَّا بَشَرًا رَّسُوْلًا ۟۠
‘অথবা তোমাৰ বাবে এটা সোণৰ ঘৰ হ’ব নাইবা তুমি আকাশত আৰোহণ কৰিবা কিন্তু তোমাৰ আকাশ আৰোহণত আমি কেতিয়াও ঈমান পোষণ নকৰোঁ যেতিয়ালৈকে তুমি আমাৰ বাবে এখন কিতাব অৱতীৰ্ণ নকৰিবা, যিখন আমি পঢ়িম। কোৱা, ‘পৱিত্ৰ মহান মোৰ প্ৰতিপালক! মই হৈছোঁ কেৱল এজন মানুহ, তথা ৰাছুল’।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا مَنَعَ النَّاسَ اَنْ یُّؤْمِنُوْۤا اِذْ جَآءَهُمُ الْهُدٰۤی اِلَّاۤ اَنْ قَالُوْۤا اَبَعَثَ اللّٰهُ بَشَرًا رَّسُوْلًا ۟
আৰু যেতিয়া মানুহৰ ওচৰলৈ হিদায়ত আহিল, তেতিয়া সিহঁতক কেৱল এই কথাই ঈমান আনিবলৈ বাধা দিলে যে, ‘আল্লাহে এজন মানুহক ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি’?
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ لَّوْ كَانَ فِی الْاَرْضِ مَلٰٓىِٕكَةٌ یَّمْشُوْنَ مُطْمَىِٕنِّیْنَ لَنَزَّلْنَا عَلَیْهِمْ مِّنَ السَّمَآءِ مَلَكًا رَّسُوْلًا ۟
কোৱা, ‘ফিৰিস্তাসকল যদি নিশ্চিন্ত হৈ পৃথিৱীত বিচৰণ কৰিব পাৰিলেহেঁতেন তেন্তে নিশ্চয় আমি আকাশৰ পৰা সিহঁতৰ ওচৰলৈ ফিৰিস্তাকেই ৰাছুল হিচাপে প্ৰেৰণ কৰিলোঁহেঁতেন’।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ كَفٰی بِاللّٰهِ شَهِیْدًا بَیْنِیْ وَبَیْنَكُمْ ؕ— اِنَّهٗ كَانَ بِعِبَادِهٖ خَبِیْرًا بَصِیْرًا ۟
কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট; নিশ্চয় তেওঁ নিজৰ বান্দাসকলৰ বিষয়ে পূৰ্ণ অৱহিত, পূৰ্ণদ্ৰষ্টা’।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል ኢስራዕ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት