Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል ኢስራዕ   አንቀጽ:
وَمَنْ یَّهْدِ اللّٰهُ فَهُوَ الْمُهْتَدِ ۚ— وَمَنْ یُّضْلِلْ فَلَنْ تَجِدَ لَهُمْ اَوْلِیَآءَ مِنْ دُوْنِهٖ ؕ— وَنَحْشُرُهُمْ یَوْمَ الْقِیٰمَةِ عَلٰی وُجُوْهِهِمْ عُمْیًا وَّبُكْمًا وَّصُمًّا ؕ— مَاْوٰىهُمْ جَهَنَّمُ ؕ— كُلَّمَا خَبَتْ زِدْنٰهُمْ سَعِیْرًا ۟
আৰু আল্লাহে যিসকলক হিদায়ত দিয়ে সিহঁতেহে হিদায়তপ্ৰাপ্ত হয় আৰু যিসকলক তেওঁ পথভ্ৰষ্ট কৰে সিহঁতৰ বাবে তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো অভিভাৱক বিচাৰি নাপাবা। কিয়ামতৰ দিনা আমি সিহঁতক উবৰি খোৱা অৱস্থাত অন্ধ, বোবা আৰু বধিৰ কৰি সমবেত কৰিম। সিহঁতৰ আবাসস্থল হ’ব জাহান্নাম; যেতিয়া ই নিস্তেজ হ’ব তেতিয়াই আমি সিহঁতৰ বাবে জুইৰ শিখা বৃদ্ধি কৰিম।
የአረብኛ ቁርኣን ማብራሪያ:
ذٰلِكَ جَزَآؤُهُمْ بِاَنَّهُمْ كَفَرُوْا بِاٰیٰتِنَا وَقَالُوْۤا ءَاِذَا كُنَّا عِظَامًا وَّرُفَاتًا ءَاِنَّا لَمَبْعُوْثُوْنَ خَلْقًا جَدِیْدًا ۟
এইটোৱেই হৈছে সিহঁতৰ প্ৰতিদান, কাৰণ সিহঁতে আমাৰ নিদৰ্শন অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘অস্থিত পৰিণত আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছতো আমি আকৌ নতুন সৃষ্টিৰূপে পুনৰুত্থিত হমনে’?
የአረብኛ ቁርኣን ማብራሪያ:
اَوَلَمْ یَرَوْا اَنَّ اللّٰهَ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ قَادِرٌ عَلٰۤی اَنْ یَّخْلُقَ مِثْلَهُمْ وَجَعَلَ لَهُمْ اَجَلًا لَّا رَیْبَ فِیْهِ ؕ— فَاَبَی الظّٰلِمُوْنَ اِلَّا كُفُوْرًا ۟
সিহঁতে লক্ষ্য নকৰে নেকি যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ সৃষ্টি কৰিবলৈ ক্ষমতাৱান? আৰু তেৱেঁই সিহঁতৰ বাবে স্থিৰ কৰিছে এটা নিৰ্দিষ্ট কাল, য’ত কোনো সন্দেহ নাই, তথাপিও যালিমসকলে কুফৰী নকৰাকৈ ক্ষেন্ত হোৱা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ لَّوْ اَنْتُمْ تَمْلِكُوْنَ خَزَآىِٕنَ رَحْمَةِ رَبِّیْۤ اِذًا لَّاَمْسَكْتُمْ خَشْیَةَ الْاِنْفَاقِ ؕ— وَكَانَ الْاِنْسَانُ قَتُوْرًا ۟۠
কোৱা, ‘যদি তোমালোকে মোৰ প্ৰতিপালকৰ দয়াৰ ভাণ্ডাৰৰ অধিকাৰী হ’লাহেঁতেন, তথাপিও সেই ভাণ্ডাৰ ব্যয় হৈ যোৱাৰ আশংকাত তোমালোকে তাক ধৰি ৰাখিলাহেঁতেন; অৱশ্যে মানুহ বৰ কৃপণ’।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ اٰتَیْنَا مُوْسٰی تِسْعَ اٰیٰتٍۢ بَیِّنٰتٍ فَسْـَٔلْ بَنِیْۤ اِسْرَآءِیْلَ اِذْ جَآءَهُمْ فَقَالَ لَهٗ فِرْعَوْنُ اِنِّیْ لَاَظُنُّكَ یٰمُوْسٰی مَسْحُوْرًا ۟
নিশ্চয় আমি মুছাক নটা স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ; এতেকে তুমি বনী ইছৰাঈলক সুধি চাব পাৰা; যেতিয়া তেওঁ সিহঁতৰ ওচৰলৈ আহিছিল, আৰু ফিৰআউনে তেওঁক কৈছিল, ‘হে মুছা! নিশ্চয় মোৰ মতে তুমি হৈছা এজন যাদুগ্ৰস্ত ব্যক্তি’।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ لَقَدْ عَلِمْتَ مَاۤ اَنْزَلَ هٰۤؤُلَآءِ اِلَّا رَبُّ السَّمٰوٰتِ وَالْاَرْضِ بَصَآىِٕرَ ۚ— وَاِنِّیْ لَاَظُنُّكَ یٰفِرْعَوْنُ مَثْبُوْرًا ۟
মুছাই কৈছিল, ‘তুমি নিশ্চিতভাৱে জানা যে, এইবোৰ স্পষ্ট নিদৰ্শন আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালকেই অৱতীৰ্ণ কৰিছে—প্ৰত্যক্ষ প্ৰমাণস্বৰূপে। ‘হে ফিৰআউন! মোৰ মতে তুমি হৈছা এজন ধ্বংসপ্ৰাপ্ত ব্যক্তি’।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَرَادَ اَنْ یَّسْتَفِزَّهُمْ مِّنَ الْاَرْضِ فَاَغْرَقْنٰهُ وَمَنْ مَّعَهٗ جَمِیْعًا ۟ۙ
অৱশেষত ফিৰআউনে তেওঁলোকক দেশৰ পৰা উচ্ছেদ কৰিবলৈ ইচ্ছা কৰিলে; তেতিয়া আমি তাক আৰু তাৰ সঙ্গীসকলৰ আটাইকে ডুবাই মাৰিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَّقُلْنَا مِنْ بَعْدِهٖ لِبَنِیْۤ اِسْرَآءِیْلَ اسْكُنُوا الْاَرْضَ فَاِذَا جَآءَ وَعْدُ الْاٰخِرَةِ جِئْنَا بِكُمْ لَفِیْفًا ۟ؕ
ইয়াৰ পিছত আমি বনী ইছৰাঈলক ক’লোঁ, ‘তোমালোকে পৃথিৱীত বসবাস কৰা আৰু যেতিয়া আখিৰাতৰ প্ৰতিশ্ৰুতি বাস্তবায়িত হ’ব তেতিয়া আমি তোমালোক আটাইকে একত্ৰিত কৰি উপস্থিত কৰিম।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል ኢስራዕ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት