የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚይ ቋንቋ ትርጉም * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: ሱረቱ አል ሙጃደላ   አንቀጽ:

ছুৰা আল-মুজাদালাহ

قَدْ سَمِعَ اللّٰهُ قَوْلَ الَّتِیْ تُجَادِلُكَ فِیْ زَوْجِهَا وَتَشْتَكِیْۤ اِلَی اللّٰهِ ۖۗ— وَاللّٰهُ یَسْمَعُ تَحَاوُرَكُمَا ؕ— اِنَّ اللّٰهَ سَمِیْعٌ بَصِیْرٌ ۟
(হে ৰাছুল!) আল্লাহে নিশ্চয় শুনিছে সেই নাৰীৰ কথা; যিয়ে তাইৰ স্বামীৰ বিষয়ে তোমাৰ লগত বাদানুবাদ কৰি আছিল আৰু আল্লাহৰ ওচৰত অভিযোগ কৰি আছিল। আল্লাহে তোমালোক দুয়োৰে কথোপকথন শুনিছে; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَّذِیْنَ یُظٰهِرُوْنَ مِنْكُمْ مِّنْ نِّسَآىِٕهِمْ مَّا هُنَّ اُمَّهٰتِهِمْ ؕ— اِنْ اُمَّهٰتُهُمْ اِلَّا الّٰٓـِٔیْ وَلَدْنَهُمْ ؕ— وَاِنَّهُمْ لَیَقُوْلُوْنَ مُنْكَرًا مِّنَ الْقَوْلِ وَزُوْرًا ؕ— وَاِنَّ اللّٰهَ لَعَفُوٌّ غَفُوْرٌ ۟
তোমালোকৰ মাজৰ যিসকলে নিজৰ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, (সিহঁতে জানি থোৱা উচিত যে) সিহঁতৰ স্ত্ৰীসকল সিহঁতৰ মাক হৈ নাযায়, বৰং সিহঁতৰ মাতৃ হৈছে কেৱল সেইসকল তিৰোতা, যিসকলে সিহঁতক জন্ম দিছে; আৰু নিশ্চয় সিহঁতে অসংগত আৰু মিছা ভিত্তিহীন কথা কৈছে; নিশ্চয় আল্লাহ অধিক পাপ মোচনকাৰী আৰু বৰ ক্ষমাশীল।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ یُظٰهِرُوْنَ مِنْ نِّسَآىِٕهِمْ ثُمَّ یَعُوْدُوْنَ لِمَا قَالُوْا فَتَحْرِیْرُ رَقَبَةٍ مِّنْ قَبْلِ اَنْ یَّتَمَآسَّا ؕ— ذٰلِكُمْ تُوْعَظُوْنَ بِهٖ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟
আৰু যিসকলে সিহঁতৰ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, আৰু পিছত সিহঁতৰ উক্তি প্ৰত্যাহাৰ কৰে, তেন্তে (ইয়াৰ কাফফাৰা হৈছে) ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে এজন দাস মুক্ত কৰা, ইয়াৰ দ্বাৰা তোমালোকক উপদেশ দিয়া হৈছে; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَنْ لَّمْ یَجِدْ فَصِیَامُ شَهْرَیْنِ مُتَتَابِعَیْنِ مِنْ قَبْلِ اَنْ یَّتَمَآسَّا ۚ— فَمَنْ لَّمْ یَسْتَطِعْ فَاِطْعَامُ سِتِّیْنَ مِسْكِیْنًا ؕ— ذٰلِكَ لِتُؤْمِنُوْا بِاللّٰهِ وَرَسُوْلِهٖ ؕ— وَتِلْكَ حُدُوْدُ اللّٰهِ ؕ— وَلِلْكٰفِرِیْنَ عَذَابٌ اَلِیْمٌ ۟
কিন্তু যিয়ে এইটো কৰিব নোৱাৰিব, তেন্তে (তাৰ প্ৰায়শ্চিত হৈছে) ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে সি একেৰাহে দুমাহ ছিয়াম (ৰোজা) পালন কৰিব লাগিব; আৰু যিয়ে এইটোও কৰিবলৈ সক্ষম নহয়, সি ষাঠিজন মিছকীনক আহাৰ কৰাব লাগিব; এই বিধান এইকাৰণে যে, যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা। এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত বিধান; আৰু অস্বীকাৰকাৰীসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الَّذِیْنَ یُحَآدُّوْنَ اللّٰهَ وَرَسُوْلَهٗ كُبِتُوْا كَمَا كُبِتَ الَّذِیْنَ مِنْ قَبْلِهِمْ وَقَدْ اَنْزَلْنَاۤ اٰیٰتٍۢ بَیِّنٰتٍ ؕ— وَلِلْكٰفِرِیْنَ عَذَابٌ مُّهِیْنٌ ۟ۚ
নিশ্চয় যিবিলাক মানুহে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতক অপদস্ত কৰা হ’ব যেনেকৈ অপদস্ত কৰা হৈছিল সিহঁতৰ পূৰ্বৱৰ্তীসকলক; আৰু আমি সুস্পষ্ট আয়াত অৱতীৰ্ণ কৰিছো; আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি--
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ یَبْعَثُهُمُ اللّٰهُ جَمِیْعًا فَیُنَبِّئُهُمْ بِمَا عَمِلُوْا ؕ— اَحْصٰىهُ اللّٰهُ وَنَسُوْهُ ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟۠
যিদিনা আল্লাহে সিহঁত সকলোকে পুনৰুজ্জীৱিত কৰি উঠাব, তাৰ পিছত সিহঁতে যি আমল কৰিছিল সেয়া তেওঁ সিহঁতক জনাই দিব; আল্লাহে সেইবোৰ হিচাপ কৰি ৰাখিছে যদিও সিহঁতে পাহৰি গৈছে; আৰু আল্লাহ প্ৰতিটো বস্তুৰ প্ৰত্যক্ষদৰ্শী।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ تَرَ اَنَّ اللّٰهَ یَعْلَمُ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— مَا یَكُوْنُ مِنْ نَّجْوٰی ثَلٰثَةٍ اِلَّا هُوَ رَابِعُهُمْ وَلَا خَمْسَةٍ اِلَّا هُوَ سَادِسُهُمْ وَلَاۤ اَدْنٰی مِنْ ذٰلِكَ وَلَاۤ اَكْثَرَ اِلَّا هُوَ مَعَهُمْ اَیْنَ مَا كَانُوْا ۚ— ثُمَّ یُنَبِّئُهُمْ بِمَا عَمِلُوْا یَوْمَ الْقِیٰمَةِ ؕ— اِنَّ اللّٰهَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟
তুমি লক্ষ্য কৰা নাইনে যে, আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহে জানে? তিনিজন ব্যক্তিৰ মাজত এনেকুৱা কোনো গোপন পৰামৰ্শ নহয় য’ত চতুৰ্থজন হিচাপে তেওঁ নাথাকে, আৰু পাঁচজনৰ মাজতো নহয় য’ত ষষ্টজন হিচাপে তেওঁ নাথাকে। সিহঁত ইয়াতকৈ কম হওক বা বেছি হওক, তেওঁ সিহঁতৰ লগতে আছে সিহঁত য’তেই নাথাকক কিয়। তাৰ পিছত ক্বিয়ামতৰ দিনা তেওঁ সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে জনাই দিব। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ تَرَ اِلَی الَّذِیْنَ نُهُوْا عَنِ النَّجْوٰی ثُمَّ یَعُوْدُوْنَ لِمَا نُهُوْا عَنْهُ وَیَتَنٰجَوْنَ بِالْاِثْمِ وَالْعُدْوَانِ وَمَعْصِیَتِ الرَّسُوْلِ ؗ— وَاِذَا جَآءُوْكَ حَیَّوْكَ بِمَا لَمْ یُحَیِّكَ بِهِ اللّٰهُ ۙ— وَیَقُوْلُوْنَ فِیْۤ اَنْفُسِهِمْ لَوْلَا یُعَذِّبُنَا اللّٰهُ بِمَا نَقُوْلُ ؕ— حَسْبُهُمْ جَهَنَّمُ ۚ— یَصْلَوْنَهَا ۚ— فَبِئْسَ الْمَصِیْرُ ۟
তুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলক গোপন পৰামৰ্শ কৰিবলৈ নিষেধ কৰা হৈছিল? তাৰ পিছতো সিহঁতে সেইটোকে পুনৰাবৃত্তি কৰিলে যিটো কৰিবলৈ সিহঁতক নিষেধ কৰা হৈছিল; আৰু সিহঁতে দুষ্কাৰ্য, সীমালংঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণৰ বাবে গোপন পৰামৰ্শ কৰে। সিহঁতে যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে তোমাক এনে কথাৰ দ্বাৰা অভিবাদন জনায় যিটোৰ দ্বাৰা আল্লাহে তোমাক অভিবাদন জনোৱা নাই। সিহঁতে মনে মনে কয়, ‘আমি যি কওঁ তাৰ বাবে আল্লাহে আমাক কিয় শাস্তি নিদিয়ে’? জাহান্নামেই সিহঁতৰ বাবে যথেষ্ট, য’ত সিহঁতে প্ৰৱেশ কৰিব, আৰু কিমান যে নিকৃষ্ট সেই গন্তব্যস্থল!
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا تَنَاجَیْتُمْ فَلَا تَتَنَاجَوْا بِالْاِثْمِ وَالْعُدْوَانِ وَمَعْصِیَتِ الرَّسُوْلِ وَتَنَاجَوْا بِالْبِرِّ وَالتَّقْوٰی ؕ— وَاتَّقُوا اللّٰهَ الَّذِیْۤ اِلَیْهِ تُحْشَرُوْنَ ۟
হে ঈমান্দাৰসকল! তোমালোকে যেতিয়া গোপনে পৰামৰ্শ কৰিবা তেতিয়া যাতে তোমালোকে গুনাহ, সীমালংঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণ সম্পৰ্কে গোপন পৰামৰ্শ নকৰা। বৰং তোমালোকে সৎকৰ্ম আৰু তাক্বৱা অৱলম্বনৰ বিষয়ে গোপন পৰামৰ্শ কৰিবা, লগতে আল্লাহক ভয় কৰা, যাৰ ওচৰত তোমালোকক সমবেত কৰা হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّمَا النَّجْوٰی مِنَ الشَّیْطٰنِ لِیَحْزُنَ الَّذِیْنَ اٰمَنُوْا وَلَیْسَ بِضَآرِّهِمْ شَیْـًٔا اِلَّا بِاِذْنِ اللّٰهِ ؕ— وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟
গোপন পৰামৰ্শ কেৱল চয়তানৰ প্ৰৰোচনাতহে হয়, যাতে মুমিনসকলে কষ্ট পায়। কিন্তু আল্লাহৰ অনুমতি অবিহনে চয়তানে তেওঁলোকৰ সামান্যতম ক্ষতি সাধন কৰিবলৈও সক্ষম নহয়। এতেকে মুমিনসকলে কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا قِیْلَ لَكُمْ تَفَسَّحُوْا فِی الْمَجٰلِسِ فَافْسَحُوْا یَفْسَحِ اللّٰهُ لَكُمْ ۚ— وَاِذَا قِیْلَ انْشُزُوْا فَانْشُزُوْا یَرْفَعِ اللّٰهُ الَّذِیْنَ اٰمَنُوْا مِنْكُمْ ۙ— وَالَّذِیْنَ اُوْتُوا الْعِلْمَ دَرَجٰتٍ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟
হে মুমিনসকল! তোমালোকক যেতিয়া কোৱা হয় ‘বৈঠকত স্থান প্ৰশস্ত কৰি দিয়া’ তেতিয়া তোমালোকে স্থান প্ৰশস্ত কৰি দিবা, আল্লাহেও তোমালোকক প্ৰশস্ততা দান কৰিব; আৰু যেতিয়া তোমালোকক কোৱা হয়, ‘উঠা’ তেতিয়া উঠি যাবা। তোমালোকৰ ভিতৰত যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا نَاجَیْتُمُ الرَّسُوْلَ فَقَدِّمُوْا بَیْنَ یَدَیْ نَجْوٰىكُمْ صَدَقَةً ؕ— ذٰلِكَ خَیْرٌ لَّكُمْ وَاَطْهَرُ ؕ— فَاِنْ لَّمْ تَجِدُوْا فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟
হে মুমিনসকল! তোমালোকে যেতিয়া ৰাছুলৰ সৈতে অকলশৰীয়াকৈ কথা ক’ব বিচৰা, তেতিয়া তোমালোকে এনে কথা কোৱাৰ আগতে চাদাক্বা প্ৰদান কৰিবা, এইটোৱে তোমালোকৰ বাবে শ্ৰেয় আৰু পৰিশোধক; কিন্তু যদি তোমালোকে সক্ষম নোহোৱা তেন্তে নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।
የአረብኛ ቁርኣን ማብራሪያ:
ءَاَشْفَقْتُمْ اَنْ تُقَدِّمُوْا بَیْنَ یَدَیْ نَجْوٰىكُمْ صَدَقٰتٍ ؕ— فَاِذْ لَمْ تَفْعَلُوْا وَتَابَ اللّٰهُ عَلَیْكُمْ فَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ وَاَطِیْعُوا اللّٰهَ وَرَسُوْلَهٗ ؕ— وَاللّٰهُ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟۠
অকলশৰীয়াকৈ পৰামৰ্শ কৰাৰ আগতে চাদাক্বা দিব লাগিব বুলি তোমালোকে ভয় পালা নেকি? যিহেতু তোমালোকে এইটো কৰিব নোৱাৰিলা, আৰু আল্লাহেও তোমালোকক ক্ষমা কৰি দিলে, তেন্তে তোমালোকে ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। তোমালোকে যি কৰা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ تَرَ اِلَی الَّذِیْنَ تَوَلَّوْا قَوْمًا غَضِبَ اللّٰهُ عَلَیْهِمْ ؕ— مَا هُمْ مِّنْكُمْ وَلَا مِنْهُمْ ۙ— وَیَحْلِفُوْنَ عَلَی الْكَذِبِ وَهُمْ یَعْلَمُوْنَ ۟ۚ
তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলে এনেকুৱা সম্প্ৰদায়ৰ লগত বন্ধুত্ব কৰে যিসকলৰ ওপৰত আল্লাহ ক্ৰোধান্বিত হৈছে? সিহঁত (অৰ্থাৎ মুনাফিকসকল) তোমালোকৰো দলভুক্ত নহয় আৰু সিহঁতৰো দলভুক্ত নহয়; আৰু সিহঁতে জানি বুজি মিছা শপত খায়।
የአረብኛ ቁርኣን ማብራሪያ:
اَعَدَّ اللّٰهُ لَهُمْ عَذَابًا شَدِیْدًا ؕ— اِنَّهُمْ سَآءَ مَا كَانُوْا یَعْمَلُوْنَ ۟
আল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে কঠোৰ শাস্তি। নিশ্চয় সিহঁতে যি কৰে সেয়া কিমান যে গৰ্হিত!
የአረብኛ ቁርኣን ማብራሪያ:
اِتَّخَذُوْۤا اَیْمَانَهُمْ جُنَّةً فَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ فَلَهُمْ عَذَابٌ مُّهِیْنٌ ۟
সিহঁতে নিজৰ শপতবোৰক ঢাল হিচাপে গ্ৰহণ কৰিছে, তাৰ পিছত সিহঁতে আল্লাহৰ পথত বাধা প্ৰদান কৰিছে। ফলত সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
لَنْ تُغْنِیَ عَنْهُمْ اَمْوَالُهُمْ وَلَاۤ اَوْلَادُهُمْ مِّنَ اللّٰهِ شَیْـًٔا ؕ— اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ؕ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
আল্লাহৰ শাস্তিৰ বিপৰীতে সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি সিহঁতৰ কোনো কামত নাহিব; সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ یَبْعَثُهُمُ اللّٰهُ جَمِیْعًا فَیَحْلِفُوْنَ لَهٗ كَمَا یَحْلِفُوْنَ لَكُمْ وَیَحْسَبُوْنَ اَنَّهُمْ عَلٰی شَیْءٍ ؕ— اَلَاۤ اِنَّهُمْ هُمُ الْكٰذِبُوْنَ ۟
যিদিনা আল্লাহে সিহঁত সকলোকে পুনৰুত্থিত কৰিব, সেইদিনা সিহঁতে আল্লাহৰ ওচৰত এনেকুৱা শপত কৰিব যেনেকুৱা শপত সিহঁতে তোমালোকৰ ওচৰত কৰে, আৰু সিহঁতে ধাৰণা কৰিব যে, সিহঁত ভাল কিবা এটাৰ ওপৰত প্ৰতিষ্ঠিত আছে। সাৱধান! নিশ্চয় সিহঁতেই হৈছে প্ৰকৃত মিছলীয়া।
የአረብኛ ቁርኣን ማብራሪያ:
اِسْتَحْوَذَ عَلَیْهِمُ الشَّیْطٰنُ فَاَنْسٰىهُمْ ذِكْرَ اللّٰهِ ؕ— اُولٰٓىِٕكَ حِزْبُ الشَّیْطٰنِ ؕ— اَلَاۤ اِنَّ حِزْبَ الشَّیْطٰنِ هُمُ الْخٰسِرُوْنَ ۟
চয়তানে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে; আৰু সিহঁতক আল্লাহৰ স্মৰণ পাহৰাই দিছে। ইহঁতেই হৈছে চয়তানৰ দল। নিশ্চয় চয়তানৰ দলেই হৈছে ক্ষতিগ্ৰস্ত।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الَّذِیْنَ یُحَآدُّوْنَ اللّٰهَ وَرَسُوْلَهٗۤ اُولٰٓىِٕكَ فِی الْاَذَلِّیْنَ ۟
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতেই হ’ব চৰম লাঞ্ছিতসকলৰ অন্তৰ্ভুক্ত।
የአረብኛ ቁርኣን ማብራሪያ:
كَتَبَ اللّٰهُ لَاَغْلِبَنَّ اَنَا وَرُسُلِیْ ؕ— اِنَّ اللّٰهَ قَوِیٌّ عَزِیْزٌ ۟
আল্লাহে লিখি ৰাখিছে যে, ‘মই আৰু মোৰ ৰাছুলসকলেই নিশ্চিতভাৱে বিজয়ী হ’ম’। নিশ্চয় আল্লাহ মহাশক্তিমান, মহাপৰাক্ৰমশালী।
የአረብኛ ቁርኣን ማብራሪያ:
لَا تَجِدُ قَوْمًا یُّؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ یُوَآدُّوْنَ مَنْ حَآدَّ اللّٰهَ وَرَسُوْلَهٗ وَلَوْ كَانُوْۤا اٰبَآءَهُمْ اَوْ اَبْنَآءَهُمْ اَوْ اِخْوَانَهُمْ اَوْ عَشِیْرَتَهُمْ ؕ— اُولٰٓىِٕكَ كَتَبَ فِیْ قُلُوْبِهِمُ الْاِیْمَانَ وَاَیَّدَهُمْ بِرُوْحٍ مِّنْهُ ؕ— وَیُدْخِلُهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ— رَضِیَ اللّٰهُ عَنْهُمْ وَرَضُوْا عَنْهُ ؕ— اُولٰٓىِٕكَ حِزْبُ اللّٰهِ ؕ— اَلَاۤ اِنَّ حِزْبَ اللّٰهِ هُمُ الْمُفْلِحُوْنَ ۟۠
আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় তুমি বিচাৰি নাপাবা, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক বিৰুদ্ধাচাৰণ কৰা লোকক ভাল পায়--- যদিও সিহঁত তেওঁলোকৰ পিতা বা পুত্ৰ অথবা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওক কিয়! এওঁলোকৰ অন্তৰতেই আল্লাহে ঈমান লিখি দিছে আৰু তেওঁৰ তৰফৰ পৰা ৰূহৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিছে। তেওঁলোকক তেওঁ প্ৰৱেশ কৰাব এনেকুৱা জান্নাতসমূহত যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হয়। তাত তেওঁলোকে চিৰকাল থাকিব; আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। তেওঁলোকেই হৈছে আল্লাহৰ দল। জানি থোৱা, আল্লাহৰ দলেই সফলতা লাভ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: ሱረቱ አል ሙጃደላ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚይ ቋንቋ ትርጉም - የትርጉሞች ማዉጫ

በሸይኽ ረፊቁል ኢስላም ሓቢቡ ራሕማን ወደ አሳሚይ ቋንቋ የተተረጎመ የቁርኣን ትርጉም፣ በ1438 ዓ.ሂ የታተመ።

መዝጋት