next

আল-মুজাদালাহ

prev

1 : 58

قَدْ سَمِعَ اللّٰهُ قَوْلَ الَّتِیْ تُجَادِلُكَ فِیْ زَوْجِهَا وَتَشْتَكِیْۤ اِلَی اللّٰهِ ۖۗ— وَاللّٰهُ یَسْمَعُ تَحَاوُرَكُمَا ؕ— اِنَّ اللّٰهَ سَمِیْعٌ بَصِیْرٌ ۟

(হে ৰাছুল!) আল্লাহে নিশ্চয় শুনিছে সেই নাৰীৰ কথা; যিয়ে তাইৰ স্বামীৰ বিষয়ে তোমাৰ লগত বাদানুবাদ কৰি আছিল আৰু আল্লাহৰ ওচৰত অভিযোগ কৰি আছিল। আল্লাহে তোমালোক দুয়োৰে কথোপকথন শুনিছে; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। info
التفاسير: |

2 : 58

اَلَّذِیْنَ یُظٰهِرُوْنَ مِنْكُمْ مِّنْ نِّسَآىِٕهِمْ مَّا هُنَّ اُمَّهٰتِهِمْ ؕ— اِنْ اُمَّهٰتُهُمْ اِلَّا الّٰٓـِٔیْ وَلَدْنَهُمْ ؕ— وَاِنَّهُمْ لَیَقُوْلُوْنَ مُنْكَرًا مِّنَ الْقَوْلِ وَزُوْرًا ؕ— وَاِنَّ اللّٰهَ لَعَفُوٌّ غَفُوْرٌ ۟

তোমালোকৰ মাজৰ যিসকলে নিজৰ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, (সিহঁতে জানি থোৱা উচিত যে) সিহঁতৰ স্ত্ৰীসকল সিহঁতৰ মাক হৈ নাযায়, বৰং সিহঁতৰ মাতৃ হৈছে কেৱল সেইসকল তিৰোতা, যিসকলে সিহঁতক জন্ম দিছে; আৰু নিশ্চয় সিহঁতে অসংগত আৰু মিছা ভিত্তিহীন কথা কৈছে; নিশ্চয় আল্লাহ অধিক পাপ মোচনকাৰী আৰু বৰ ক্ষমাশীল। info
التفاسير: |

3 : 58

وَالَّذِیْنَ یُظٰهِرُوْنَ مِنْ نِّسَآىِٕهِمْ ثُمَّ یَعُوْدُوْنَ لِمَا قَالُوْا فَتَحْرِیْرُ رَقَبَةٍ مِّنْ قَبْلِ اَنْ یَّتَمَآسَّا ؕ— ذٰلِكُمْ تُوْعَظُوْنَ بِهٖ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟

আৰু যিসকলে সিহঁতৰ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, আৰু পিছত নিজৰ উক্তি প্ৰত্যাহাৰ কৰে, তেন্তে (ইয়াৰ কাফফাৰা হৈছে) ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে এজন দাস মুক্ত কৰা, ইয়াৰ দ্বাৰা তোমালোকক উপদেশ দিয়া হৈছে; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত। info
التفاسير: |

4 : 58

فَمَنْ لَّمْ یَجِدْ فَصِیَامُ شَهْرَیْنِ مُتَتَابِعَیْنِ مِنْ قَبْلِ اَنْ یَّتَمَآسَّا ۚ— فَمَنْ لَّمْ یَسْتَطِعْ فَاِطْعَامُ سِتِّیْنَ مِسْكِیْنًا ؕ— ذٰلِكَ لِتُؤْمِنُوْا بِاللّٰهِ وَرَسُوْلِهٖ ؕ— وَتِلْكَ حُدُوْدُ اللّٰهِ ؕ— وَلِلْكٰفِرِیْنَ عَذَابٌ اَلِیْمٌ ۟

কিন্তু যিয়ে এইটো কৰিব নোৱাৰিব, তেন্তে (তাৰ প্ৰায়শ্চিত হৈছে) ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে সি একেৰাহে দুমাহ ছিয়াম (ৰোজা) পালন কৰিব লাগিব; আৰু যিয়ে এইটোও কৰিবলৈ সক্ষম নহয়, সি ষাঠিজন মিছকীনক আহাৰ কৰাব লাগিব; এই বিধান এইকাৰণে যে, যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা। এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত বিধান; আৰু অস্বীকাৰকাৰীসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। info
التفاسير: |

5 : 58

اِنَّ الَّذِیْنَ یُحَآدُّوْنَ اللّٰهَ وَرَسُوْلَهٗ كُبِتُوْا كَمَا كُبِتَ الَّذِیْنَ مِنْ قَبْلِهِمْ وَقَدْ اَنْزَلْنَاۤ اٰیٰتٍۢ بَیِّنٰتٍ ؕ— وَلِلْكٰفِرِیْنَ عَذَابٌ مُّهِیْنٌ ۟ۚ

নিশ্চয় যিবিলাক মানুহে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতক অপদস্ত কৰা হ’ব যেনেকৈ অপদস্ত কৰা হৈছিল সিহঁতৰ পূৰ্বৱৰ্তীসকলক; আৰু আমি সুস্পষ্ট আয়াত অৱতীৰ্ণ কৰিছো; আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি-- info
التفاسير: |

6 : 58

یَوْمَ یَبْعَثُهُمُ اللّٰهُ جَمِیْعًا فَیُنَبِّئُهُمْ بِمَا عَمِلُوْا ؕ— اَحْصٰىهُ اللّٰهُ وَنَسُوْهُ ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟۠

যিদিনা আল্লাহে সিহঁত সকলোকে পুনৰুজ্জীৱিত কৰি উঠাব, তাৰ পিছত সিহঁতে যি আমল কৰিছিল সেয়া তেওঁ সিহঁতক জনাই দিব; আল্লাহে সেইবোৰ হিচাপ কৰি ৰাখিছে যদিও সিহঁতে পাহৰি গৈছে; আৰু আল্লাহ প্ৰতিটো বস্তুৰ প্ৰত্যক্ষদৰ্শী। info
التفاسير: |
next

আল-মুজাদালাহ

prev
:
0:00 0:00