Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (63) ছুৰা: আশ্ব-শ্বুআৰা
فَاَوْحَیْنَاۤ اِلٰی مُوْسٰۤی اَنِ اضْرِبْ بِّعَصَاكَ الْبَحْرَ ؕ— فَانْفَلَقَ فَكَانَ كُلُّ فِرْقٍ كَالطَّوْدِ الْعَظِیْمِ ۟ۚ
ইপিনে আমি এই আদেশ প্ৰদান কৰি মুছালৈ অহী কৰিলোঁ যে, আপুনি আপোনাৰ লাখুটিডালেৰে সাগৰত আঘাত কৰক। এতেকে তেওঁ যেতিয়া সাগৰত বেত্ৰাঘাত কৰিলে, ইয়াৰ ফলত সাগৰত ফাট মেলি বনী ইছৰাঈলৰ গোত্ৰৰ সংখ্যা অনুসাৰে বাৰটা পথ তৈয়াৰ হ’ল। প্ৰত্যেক পথৰ দুয়োটা অংশ পৰ্বতৰ দৰে মজবুত আৰু বিশাল আছিল। এটোপাল পানীও তাৰ পৰা নিৰ্গত হোৱা নাছিল।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الله مع عباده المؤمنين بالنصر والتأييد والإنجاء من الشدائد.
আল্লাহে সদায় তেওঁৰ মুমিন বান্দাসকলক সহায়, সমৰ্থন কৰে, তথা তেওঁলোকক বিপদৰ পৰা ৰক্ষা কৰে।

• ثبوت صفتي العزة والرحمة لله تعالى.
সৰ্বশক্তিমান আৰু ৰহমত, আল্লাহৰ এই দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ’ল।

• خطر التقليد الأعمى.
অন্ধ অনুকৰণৰ লোকচান।

• أمل المؤمن في ربه عظيم.
মুমিনসকল নিজ প্ৰতিপালকৰ ওচৰত ডাঙৰ আশাবাদী।

 
অৰ্থানুবাদ আয়াত: (63) ছুৰা: আশ্ব-শ্বুআৰা
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ