Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (53) ছুৰা: আঝ-ঝুমাৰ
قُلْ یٰعِبَادِیَ الَّذِیْنَ اَسْرَفُوْا عَلٰۤی اَنْفُسِهِمْ لَا تَقْنَطُوْا مِنْ رَّحْمَةِ اللّٰهِ ؕ— اِنَّ اللّٰهَ یَغْفِرُ الذُّنُوْبَ جَمِیْعًا ؕ— اِنَّهٗ هُوَ الْغَفُوْرُ الرَّحِیْمُ ۟
হে ৰাছুল! আপুনি মোৰ সেই বান্দাসকলক কৈ দিয়ক, যিসকলে শ্বিৰ্কত লিপ্ত হৈ অথবা গুনাহত পতিত হৈ সীমালঙ্ঘন কৰি নিজৰ ওপৰত অন্যায় কৰিছেঃ তোমালোকে আল্লাহৰ ৰহমতৰ পৰা আৰু তোমালোকৰ গুনাহৰ মাগফিৰাতৰ পৰা নিৰাশ নহ’বা। নিঃসন্দেহে আল্লাহে প্ৰত্যেক সেই ব্যক্তিৰ গুনাহ ক্ষমা কৰি দিয়ে, যিয়ে তেওঁৰ ওচৰত তাওবা কৰে। নিশ্চয় তেওঁ তাওবাকাৰী ব্যক্তিসকলৰ প্ৰতি ক্ষমাশীল, তেওঁলোকৰ প্ৰতি দয়ালু।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• النعمة على الكافر استدراج.
কাফিৰসকলক প্ৰদান কৰা নিয়ামতসমূহ হৈছে প্ৰকৃততে একপ্ৰকাৰ অৱকাশ।

• سعة رحمة الله بخلقه.
আল্লাহৰ ৰহমত সৃষ্টিজগতৰ প্ৰতি অতি প্ৰশস্ত।

• الندم النافع هو ما كان في الدنيا، وتبعته توبة نصوح.
উপকাৰী অনুতাপ কেৱল সেইটো, যিটো পৃথিৱীত কৰা হয়, যি অনুতাপৰ পিছত লগে লগে নিৰ্ভেজাল তাওবা কৰা হয়।

 
অৰ্থানুবাদ আয়াত: (53) ছুৰা: আঝ-ঝুমাৰ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ