Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (19) ছুৰা: আল-আহক্বাফ
وَلِكُلٍّ دَرَجٰتٌ مِّمَّا عَمِلُوْا ۚ— وَلِیُوَفِّیَهُمْ اَعْمَالَهُمْ وَهُمْ لَا یُظْلَمُوْنَ ۟
দুয়োটা গোটৰ বাবে –জান্নাতবাসী আৰু জাহান্নামবাসীৰ বাবে- সিহঁতৰ কৰ্ম অনুপাতে শ্ৰেণী থাকিব। জান্নাতীসকলে থাকিব উচ্চ শ্ৰেণীত আৰু জাহান্নামীসকলে থাকিব নিম্ন শ্ৰেণীত। আল্লাহে তেওঁলোক আটাইকে তেওঁলোকৰ কৰ্ম অনুসাৰে পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। কিয়ামতৰ দিনা তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব, তেওঁলোকৰ নেকীও হ্ৰাস কৰা নহ’ব আৰু গুনাহো বৃদ্ধি কৰা নহ’ব।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• بيان مكانة بِرِّ الوالدين في الإسلام، بخاصة في حق الأم، والتحذير من العقوق.
ইছলামত পিতা-মাতাৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ গুৰুত্ব প্ৰদান কৰা হৈছে, বিশেষকৈ মাকৰ সৈতে, আৰু তেওঁলোকৰ অবাধ্যতা কৰাৰ পৰা নিষেধ কৰা হৈছে।

• بيان خطر التوسع في ملاذّ الدنيا؛ لأنها تشغل عن الآخرة.
পাৰ্থিৱ জীৱনৰ ভোগ-বিলাসক অগ্ৰাধিকাৰ দিয়াৰ ভয়াৱহতা, কিয়নো এইবোৰে মানুহক আখিৰাতৰ পৰা অমনোযোগী কৰি তোলে।

• بيان الوعيد الشديد لأصحاب الكبر والفسوق.
অহংকাৰী আৰু পাপিষ্ঠসকলক কঠোৰভাৱে সতৰ্ক কৰা হৈছে।

 
অৰ্থানুবাদ আয়াত: (19) ছুৰা: আল-আহক্বাফ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ