Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (7) ছুৰা: আত-তাগাবূন
زَعَمَ الَّذِیْنَ كَفَرُوْۤا اَنْ لَّنْ یُّبْعَثُوْا ؕ— قُلْ بَلٰی وَرَبِّیْ لَتُبْعَثُنَّ ثُمَّ لَتُنَبَّؤُنَّ بِمَا عَمِلْتُمْ ؕ— وَذٰلِكَ عَلَی اللّٰهِ یَسِیْرٌ ۟
আল্লাহক অস্বীকাৰকাৰীসকলে ভাবিছে যে, আল্লাহে সিহঁতৰ মৃত্যুৰ পিছত সিহঁতক কেতিয়াও পুনৰ্জীৱিত নকৰিব। হে ৰাছুল! এই পুনৰুত্থান অস্বীকাৰকাৰীসকলক কৈ দিয়কঃ কিয় নহয়, মোৰ প্ৰতিপালকৰ শপত! নিশ্চয় ক্বিয়ামতৰ দিনা তোমালোকক পুনৰ্জীৱিত কৰা হ'ব। তাৰ পিছত তোমালোকক পৃথিৱীত কৰা কৰ্মবোৰৰ বিষয়ে অৱগত কৰোৱা হ'ব। আৰু এই পুনৰুত্থান আল্লাহৰ বাবে তেনেই উজু, কিয়নো তেৱেঁই তোমালোকক প্ৰথম বাৰ সৃষ্টি কৰিছে। গতিকে তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক হিচাপ-নিকাচৰ বাবে পুনৰ্জীৱিত কৰিবলৈ তেওঁ সক্ষম।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• من قضاء الله انقسام الناس إلى أشقياء وسعداء.
আল্লাহে মানুহক দুটা ভাগত বিভক্ত কৰিছে, সৌভাগ্যশালী আৰু দুৰ্ভগীয়া।

• من الوسائل المعينة على العمل الصالح تذكر خسارة الناس يوم القيامة.
নেক আমল কৰাৰ অন্যতম সহায়ক হৈছে ক্বিয়ামত দিৱসৰ ক্ষতিগ্ৰস্ততাক স্মৰণ কৰা।

 
অৰ্থানুবাদ আয়াত: (7) ছুৰা: আত-তাগাবূন
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ