আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- আবু জুৱাইৰিয়া শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান ৰিয়াজী * - অনুবাদসমূহৰ সূচীপত্ৰ

PDF XML CSV Excel API
Please review the Terms and Policies

অৰ্থানুবাদ ছুৰা: ছুৰা আল-ক্বাৰিআহ   আয়াত:

ছুৰা আল-ক্বাৰিআহ

اَلْقَارِعَةُ ۟ۙ
ভীতিপ্ৰদ মহা বিপদ।
আৰবী তাফছীৰসমূহ:
مَا الْقَارِعَةُ ۟ۚ
ভীতিপ্ৰদ মহা বিপদ কি?
আৰবী তাফছীৰসমূহ:
وَمَاۤ اَدْرٰىكَ مَا الْقَارِعَةُ ۟ؕ
ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা?
আৰবী তাফছীৰসমূহ:
یَوْمَ یَكُوْنُ النَّاسُ كَالْفَرَاشِ الْمَبْثُوْثِ ۟ۙ
সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।
আৰবী তাফছীৰসমূহ:
وَتَكُوْنُ الْجِبَالُ كَالْعِهْنِ الْمَنْفُوْشِ ۟ؕ
আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙীন ঊণৰ দৰে।
আৰবী তাফছীৰসমূহ:
فَاَمَّا مَنْ ثَقُلَتْ مَوَازِیْنُهٗ ۟ۙ
এতেকে যাৰ (ছোৱাবৰ) তুলাচনী গধুৰ হ’ব,
আৰবী তাফছীৰসমূহ:
فَهُوَ فِیْ عِیْشَةٍ رَّاضِیَةٍ ۟ؕ
তেওঁ থাকিব সন্তোষজনক জীৱনত;
আৰবী তাফছীৰসমূহ:
وَاَمَّا مَنْ خَفَّتْ مَوَازِیْنُهٗ ۟ۙ
আৰু যাৰ পাল্লা পাতল হ’ব,
আৰবী তাফছীৰসমূহ:
فَاُمُّهٗ هَاوِیَةٌ ۟ؕ
তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।
আৰবী তাফছীৰসমূহ:
وَمَاۤ اَدْرٰىكَ مَا هِیَهْ ۟ؕ
আৰু তুমি কি জানা সেইটোনো কি?
আৰবী তাফছীৰসমূহ:
نَارٌ حَامِیَةٌ ۟۠
এইটো হৈছে এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।
আৰবী তাফছীৰসমূহ:
 
অৰ্থানুবাদ ছুৰা: ছুৰা আল-ক্বাৰিআহ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- আবু জুৱাইৰিয়া শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান ৰিয়াজী - অনুবাদসমূহৰ সূচীপত্ৰ

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। অনুবাদ কৰিছে, আবু জুৱাইৰিয়া শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান ৰিয়াজী চাহাবে। অনুবাদকালঃ ১৪৩৮ হিজৰী।

বন্ধ