কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর * - অনুবাদসমূহের সূচী


অর্থসমূহের অনুবাদ আয়াত: (40) সূরা: সূরা আন-নূর
اَوْ كَظُلُمٰتٍ فِیْ بَحْرٍ لُّجِّیٍّ یَّغْشٰىهُ مَوْجٌ مِّنْ فَوْقِهٖ مَوْجٌ مِّنْ فَوْقِهٖ سَحَابٌ ؕ— ظُلُمٰتٌ بَعْضُهَا فَوْقَ بَعْضٍ ؕ— اِذَاۤ اَخْرَجَ یَدَهٗ لَمْ یَكَدْ یَرٰىهَا ؕ— وَمَنْ لَّمْ یَجْعَلِ اللّٰهُ لَهٗ نُوْرًا فَمَا لَهٗ مِنْ نُّوْرٍ ۟۠
অথবা সিহঁতৰ সৎকৰ্মৰ উদাহৰণ হৈছে গভীৰ সাগৰত থকা অন্ধকাৰৰ দৰে। যাৰ ওপৰি ভাগত আছে প্ৰচণ্ড ঢৌৰ ওপৰত ঢৌ, আৰু আকাশত আছে মেঘপুঞ্জ, যি মেঘে আকাশত থকা তৰাবোৰকো ঢাকি পেলাইছে। গতিকে অন্ধকাৰৰ ওপৰত অন্ধকাৰে বিৰাজ কৰিছে। এনেকুৱা অন্ধকাৰত থকা ব্যক্তিয়ে যদি নিজৰ হাতখনকো উলিয়ায়, তথাপিও সি ঘন অন্ধকাৰৰ ফলত সেই হাতখন দেখা নাপাব। এইটোৱেই হৈছে কাফিৰৰ অৱস্থা। সিহঁতক অজ্ঞতা, সন্দেহ, দোমোজা আৰু হৃদয়ত মাৰি দিয়া মোহৰ আদিৰ অন্ধকাৰৰ ওপৰত অন্ধকাৰে আৱৰি আছে। যাক আল্লাহে পথভ্ৰষ্টতাৰ পৰা উলিয়াই সঠিক পথৰ হিদায়ত প্ৰদান নকৰিব তথা তেওঁৰ গ্ৰন্থৰ সঠিক জ্ঞান দান নকৰিব, সি কেতিয়াও সঠিক পথত পৰিচালিত হ'ব নোৱাৰে আৰু পোহৰ বিচাৰি কোনো কিতাপৰো সন্ধান নাপাব।
আরবি তাফসীরসমূহ:
এই পৃষ্ঠার আয়াতগুলোর কতক ফায়দা:
• موازنة المؤمن بين المشاغل الدنيوية والأعمال الأخروية أمر لازم.
মুমিনসকলৰ বাবে পাৰ্থিৱ কৰ্ম আৰু আখিৰাতৰ কৰ্মক তুলনামূলকভাৱে লক্ষ্য কৰা অতি আৱশ্যক।

• بطلان عمل الكافر لفقد شرط الإيمان.
কাফিৰসকলৰ সৎকৰ্ম বিফল হ'ব। কিয়নো সিহঁতৰ ওচৰত ঈমান নাই, ঈমান হৈছে সৎকৰ্ম গ্ৰহণযোগ্য হোৱাৰ এটা অন্যতম চৰ্ত।

• أن الكافر نشاز من مخلوقات الله المسبِّحة المطيعة.
আল্লাহৰ সকলো আনুগত্যশীল আৰু গুণগান কৰা সৃষ্টিৰ বিপৰীতে কাফিৰসকল হৈছে অৱজ্ঞাকাৰী।

• جميع مراحل المطر من خلق الله وتقديره.
বৰষুণৰ সকলো পৰ্যায় হৈছে আল্লাহৰ সৃষ্টি, আৰু তেওঁৰ পূৰ্বসিদ্ধান্ত।

 
অর্থসমূহের অনুবাদ আয়াত: (40) সূরা: সূরা আন-নূর
সূরাসমূহের সূচী পৃষ্ঠার নাম্বার
 
কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর - অনুবাদসমূহের সূচী

অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর। মারকাযু তাফসীর লিদ-দিরাসাতিল কুরআনিয়্যাহ থেকে প্রকাশিত।

বন্ধ