কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর * - অনুবাদসমূহের সূচী


অর্থসমূহের অনুবাদ আয়াত: (19) সূরা: সূরা আল-ফোরকান
فَقَدْ كَذَّبُوْكُمْ بِمَا تَقُوْلُوْنَ ۙ— فَمَا تَسْتَطِیْعُوْنَ صَرْفًا وَّلَا نَصْرًا ۚ— وَمَنْ یَّظْلِمْ مِّنْكُمْ نُذِقْهُ عَذَابًا كَبِیْرًا ۟
হে মুশ্বৰিকসকল! তোমালোকে আল্লাহৰ বাহিৰে যিসকলৰ উপাসনা কৰিছিলা, আজি সেইসকলেই তোমালোকৰ দাবীক মিছা প্ৰমাণিত কৰিলে, যিটো দাবী তোমালোকে কৰি আহিছিলা। গতিকে তোমালোকে নিজৰ শাস্তিকো প্ৰতিৰোধ কৰিব নোৱাৰিবা আৰু নিজক সহায়ও কৰিব নোৱাৰিবা, কাৰণ তোমালোক হৈছা অপাৰগ তথা বিৱশ। হে মুমিনসকল! তোমালোকৰ মাজৰো যিসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰি অন্যায় কৰিব, আমি তাক মহাশাস্তি ভোগ কৰাম, যিদৰে আমি সেইসকল লোকক ভোগ কৰাইছো, যাৰ বৰ্ণনা ওপৰত কৰা হৈছে।
আরবি তাফসীরসমূহ:
এই পৃষ্ঠার আয়াতগুলোর কতক ফায়দা:
• الجمع بين الترهيب من عذاب الله والترغيب في ثوابه.
আল্লাহৰ শাস্তিৰ ভয় দেখুৱা আৰু তেওঁৰ ছোৱাবৰ অনুপ্ৰেৰণা দিয়া, দুয়োটাই অত্যাৱশ্যক।

• متع الدنيا مُنْسِية لذكر الله.
পাৰ্থিৱ ভোগ-সামগ্ৰী আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী হোৱাৰ অন্যতম কাৰণ।

• بشرية الرسل نعمة من الله للناس لسهولة التعامل معهم.
ৰাছুলসকলৰ মানৱ হোৱাটো আল্লাহৰ ফালৰ পৰা মানুহৰ বাবে এক প্ৰকাৰ নিয়ামত, কিয়নো সিহঁতৰ সৈতে সম্পৰ্ক স্থাপন কৰা অতি সহজ।

• تفاوت الناس في النعم والنقم اختبار إلهي لعباده.
মানুহক বিভিন্ন প্ৰকাৰৰ নিয়ামত প্ৰদান কৰি আৰু বিভিন্ন শাস্তিৰে দণ্ডিত কৰি আল্লাহে সিহঁতৰ পৰীক্ষা লয়।

 
অর্থসমূহের অনুবাদ আয়াত: (19) সূরা: সূরা আল-ফোরকান
সূরাসমূহের সূচী পৃষ্ঠার নাম্বার
 
কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর - অনুবাদসমূহের সূচী

অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর। মারকাযু তাফসীর লিদ-দিরাসাতিল কুরআনিয়্যাহ থেকে প্রকাশিত।

বন্ধ