Check out the new design

কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর * - অনুবাদসমূহের সূচী


অর্থসমূহের অনুবাদ আয়াত: (10) সূরা: আয-যুমার
قُلْ یٰعِبَادِ الَّذِیْنَ اٰمَنُوا اتَّقُوْا رَبَّكُمْ ؕ— لِلَّذِیْنَ اَحْسَنُوْا فِیْ هٰذِهِ الدُّنْیَا حَسَنَةٌ ؕ— وَاَرْضُ اللّٰهِ وَاسِعَةٌ ؕ— اِنَّمَا یُوَفَّی الصّٰبِرُوْنَ اَجْرَهُمْ بِغَیْرِ حِسَابٍ ۟
হে ৰাছুল! আপুনি মোৰ সেইসকল বান্দাক কৈ দিয়ক, যিসকলে মোৰ প্ৰতি আৰু মোৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছেঃ তোমালোকে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। তোমালোকৰ মাজৰ যিয়ে সৎকৰ্ম কৰিব, তেওঁ এই পৃথিৱীতে সহায়, সুস্বাস্থ্য আৰু ধন-সম্পদৰ জৰিয়তে কল্যাণ লাভ কৰিব আৰু আখিৰাতত লাভ কৰিব জান্নাত। জানি থোৱা! আল্লাহৰ পৃথিৱী প্ৰশস্ত, এতেকে ইয়াৰ মাজত এনেকুৱা ঠাই বিচাৰি হিজৰত কৰা, য’ত আল্লাহৰ ইবাদত কৰিবলৈ কোনো ধৰণৰ বাধাৰ সন্মুখীন নহ’বা। দৰাচলতে ধৈৰ্য্য ধাৰণকাৰীসকলক কিয়ামতৰ দিনা অধিকমাত্ৰাত আৰু বেলেগ বেলেগ প্ৰকাৰৰ প্ৰতিদান দিয়া হ’ব যে, যাৰ গণনা সম্ভৱ নহয়।
আরবি তাফসীরসমূহ:
এই পৃষ্ঠার আয়াতগুলোর কতক ফায়দা:
• رعاية الله للإنسان في بطن أمه.
আল্লাহে মানুহক তাৰ মাকৰ গৰ্ভতো পৰিপূৰ্ণভাৱে লক্ষ্য ৰাখে।

• ثبوت صفة الغنى وصفة الرضا لله.
আল্লাহৰ দুটা গুণৰ প্ৰমাণ পোৱা গ'ল, ‘অমুখাপেক্ষী’ আৰু “আল্লাহৰ সন্তুষ্টি”।

• تعرّف الكافر إلى الله في الشدة وتنكّره له في الرخاء، دليل على تخبطه واضطرابه.
কাফিৰসকলে বিপদৰ সময়ত আল্লাহক স্মৰণ কৰে আৰু সুখত থকাৰ সময়ত অস্বীকাৰ কৰে। এইটো হৈছে সিহঁতৰ বিবেকহীনতাৰ প্ৰমাণ।

• الخوف والرجاء صفتان من صفات أهل الإيمان.
আশংকা আৰু আশা, এই দুটা হৈছে ঈমান্দাৰসকলৰ গুণ।

 
অর্থসমূহের অনুবাদ আয়াত: (10) সূরা: আয-যুমার
সূরাসমূহের সূচী পৃষ্ঠার নাম্বার
 
কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর - অনুবাদসমূহের সূচী

মারকাযু তাফসীর লিদ-দিরাসাতিল কুরআনিয়্যাহ থেকে প্রকাশিত।

বন্ধ