Check out the new design

কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর * - অনুবাদসমূহের সূচী


অর্থসমূহের অনুবাদ আয়াত: (48) সূরা: আন-নিসা
اِنَّ اللّٰهَ لَا یَغْفِرُ اَنْ یُّشْرَكَ بِهٖ وَیَغْفِرُ مَا دُوْنَ ذٰلِكَ لِمَنْ یَّشَآءُ ۚ— وَمَنْ یُّشْرِكْ بِاللّٰهِ فَقَدِ افْتَرٰۤی اِثْمًا عَظِیْمًا ۟
নিশ্চয় আল্লাহে তেওঁৰ সৃষ্টিৰ পৰা কাৰোবাক তেওঁৰ অংশীদাৰ গণ্য কৰা গুনাহক কেতিয়াও ক্ষমা নকৰিব। কিন্তু শ্বিৰ্ক আৰু কুফৰৰ বাহিৰে আন আন গুনাহসমূহ যিটো ইচ্ছা কৰিব, নিজ অনুগ্ৰহত ক্ষমা কৰিব অথবা যাক ইচ্ছা কৰিব ন্যায় অনুসাৰে শাস্তি প্ৰদান কৰিব। যিয়ে আল্লাহৰ লগত অংশীদাৰ (শ্বিৰ্ক) স্থাপন কৰিব, সি ইমান ডাঙৰ পাপ কৰ্ম কৰিছে যে, তাওবা অবিহনে মৃত্যুবৰণ কৰিলে কেতিয়াও ক্ষমাৰ যোগ্য নহয়।
আরবি তাফসীরসমূহ:
এই পৃষ্ঠার আয়াতগুলোর কতক ফায়দা:
• كفاية الله للمؤمنين ونصره لهم تغنيهم عما سواه.
আল্লাহৰ সহায়-সহযোগিতাৰ পিছত মুমিনসকলৰ বাবে আন কাৰো প্ৰয়োজন নাথাকে।

• بيان جرائم اليهود، كتحريفهم كلام الله، وسوء أدبهم مع رسوله صلى الله عليه وسلم، وتحاكمهم إلى غير شرعه سبحانه.
ইয়াহুদীসকলৰ অপৰাধৰ বৰ্ণনা, যেনে- আল্লাহৰ বাণী বিকৃত কৰা, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত অমাৰ্জিত ব্যৱহাৰ কৰা, লগতে আল্লাহৰ চৰীয়তৰ বিপৰীতে আন কাৰোবাক বিচাৰ ফয়চালাৰ বাবে নিৰ্ণয় কৰা।

• بيان خطر الشرك والكفر، وأنه لا يُغْفر لصاحبه إذا مات عليه، وأما ما دون ذلك فهو تحت مشيئة الله تعالى.
শ্বিৰ্ক তথা কুফৰৰ ভয়াৱহতা স্পষ্ট কৰা লগতে এই কথা স্পষ্ট কৰা যে, কোনো ব্যক্তি শ্বিৰ্ক বা কুফৰ অৱস্থাত মৃত্যুবৰণ কৰিলে তেন্তে তাক ক্ষমা কৰা নহব। কিন্তু ইয়াৰ বাহিৰে আন আন গুনাহসমূহ আল্লাহৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব।

 
অর্থসমূহের অনুবাদ আয়াত: (48) সূরা: আন-নিসা
সূরাসমূহের সূচী পৃষ্ঠার নাম্বার
 
কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর - অনুবাদসমূহের সূচী

মারকাযু তাফসীর লিদ-দিরাসাতিল কুরআনিয়্যাহ থেকে প্রকাশিত।

বন্ধ