কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় অনুবাদ * - অনুবাদসমূহের সূচী

PDF XML CSV Excel API
Please review the Terms and Policies

অর্থসমূহের অনুবাদ সূরা: সূরা আল-বাইয়েনাহ   আয়াত:

ছুৰা আল-বায়্যিনাহ

لَمْ یَكُنِ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ وَالْمُشْرِكِیْنَ مُنْفَكِّیْنَ حَتّٰی تَاْتِیَهُمُ الْبَیِّنَةُ ۟ۙ
আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে লগতে মুশ্বৰিকসকল, সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ নহালৈকে সিহঁতে বিৰত থাকিবলৈ প্ৰস্তুত নাছিল।
আরবি তাফসীরসমূহ:
رَسُوْلٌ مِّنَ اللّٰهِ یَتْلُوْا صُحُفًا مُّطَهَّرَةً ۟ۙ
আল্লাহৰ তৰফৰ পৰা এজন ৰাছুল, যিজনে তিলাৱত কৰি শুনাব পৱিত্ৰ পত্ৰসমূহ,
আরবি তাফসীরসমূহ:
فِیْهَا كُتُبٌ قَیِّمَةٌ ۟ؕ
য’ত আছে সঠিক বিধিবদ্ধ বিধান।
আরবি তাফসীরসমূহ:
وَمَا تَفَرَّقَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ اِلَّا مِنْ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنَةُ ۟ؕ
আৰু যিসকলক কিতাব দিয়া হৈছিল সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে বিভক্ত হৈছিল।
আরবি তাফসীরসমূহ:
وَمَاۤ اُمِرُوْۤا اِلَّا لِیَعْبُدُوا اللّٰهَ مُخْلِصِیْنَ لَهُ الدِّیْنَ ۙ۬— حُنَفَآءَ وَیُقِیْمُوا الصَّلٰوةَ وَیُؤْتُوا الزَّكٰوةَ وَذٰلِكَ دِیْنُ الْقَیِّمَةِ ۟ؕ
আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে, লগতে যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন।
আরবি তাফসীরসমূহ:
اِنَّ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ وَالْمُشْرِكِیْنَ فِیْ نَارِ جَهَنَّمَ خٰلِدِیْنَ فِیْهَا ؕ— اُولٰٓىِٕكَ هُمْ شَرُّ الْبَرِیَّةِ ۟ؕ
নিশ্চয় আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে, সিহঁতে আৰু মুশ্বৰিকসকলে জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব; ইহঁতেই হৈছে নিকৃষ্ট সৃষ্টি।
আরবি তাফসীরসমূহ:
اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ ۙ— اُولٰٓىِٕكَ هُمْ خَیْرُ الْبَرِیَّةِ ۟ؕ
নিশ্চয় যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ।
আরবি তাফসীরসমূহ:
جَزَآؤُهُمْ عِنْدَ رَبِّهِمْ جَنّٰتُ عَدْنٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ— رَضِیَ اللّٰهُ عَنْهُمْ وَرَضُوْا عَنْهُ ؕ— ذٰلِكَ لِمَنْ خَشِیَ رَبَّهٗ ۟۠
তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ পুৰস্কাৰ হৈছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোকে চিৰকাল থাকিব। আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। এই (প্ৰতিদান) তাৰ বাবে, যিয়ে নিজ প্ৰতিপালকক ভয় কৰে।
আরবি তাফসীরসমূহ:
 
অর্থসমূহের অনুবাদ সূরা: সূরা আল-বাইয়েনাহ
সূরাসমূহের সূচী পৃষ্ঠার নাম্বার
 
কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় অনুবাদ - অনুবাদসমূহের সূচী

অসমীয়া ভাষায় কুরআনুল কারীমের অর্থসমূহের অনুবাদ। অনুবাদ করেছেন শায়খ রাফিকুল ইসলাম হাবিবুর রহমান। অনুবাদকাল: ১৪৩৮হি.।

বন্ধ