prev

আত-তাকৱীৰ

next
Intencije ove sure:
كمال القرآن في تذكير الأنفس باختلال الكون عند البعث.
মানৱ আত্মাক স্মৰণ কৰোৱাবলৈ পুনৰুত্থানৰ সময়ত হ'বলগীয়া ভয়াৱহ পৰিস্থিতি সম্পৰ্কে কোৰআনে উল্লেখ কৰিছে। info

1 : 81

اِذَا الشَّمْسُ كُوِّرَتْ ۟

যেতিয়া সূৰ্য্যৰ অস্তিত্ব সংকীৰ্ণ কৰি দিয়া হ’ব আৰু সূৰ্য্যৰ পোহৰ সমাপ্ত কৰি দিয়া হ’ব। info
التفاسير: |

2 : 81

وَاِذَا النُّجُوْمُ انْكَدَرَتْ ۟

আৰু যেতিয়া তৰাবোৰ খহি পৰিব আৰু তাৰ পোহৰ শেষ হৈ যাব। info
التفاسير: |

3 : 81

وَاِذَا الْجِبَالُ سُیِّرَتْ ۟

আৰু পৰ্বতবোৰক তাৰ স্থানৰ পৰা চলমান কৰি দিয়া হ'ব। info
التفاسير: |

4 : 81

وَاِذَا الْعِشَارُ عُطِّلَتْ ۟

যিবোৰ গৰ্ভৱতী উটকলৈ গৰাকীয়ে গৌৰৱ কৰে, সেইসময়ত সেইবোৰ উটক অযত্নে এৰি দিয়া হ'ব। info
التفاسير: |

5 : 81

وَاِذَا الْوُحُوْشُ حُشِرَتْ ۟

যেতিয়া বনৰীয়া জন্তুবোৰক মানুহৰ লগত একে স্থানতে একত্ৰিত কৰা হ'ব। info
التفاسير: |

6 : 81

وَاِذَا الْبِحَارُ سُجِّرَتْ ۟

আৰু যেতিয়া সাগৰবোৰক প্ৰজ্জ্বলিত কৰা হ’ব, ফলত সেইবোৰ জুইত পৰিণত হ'ব। info
التفاسير: |

7 : 81

وَاِذَا النُّفُوْسُ زُوِّجَتْ ۟

আৰু যেতিয়া আত্মাবোৰক সেইবোৰৰ দৰে আত্মাৰ সৈতে মিলিত কৰা হ’ব। এতেকে পাপীৰ সৈতে পাপীক আৰু সদাচাৰীৰ সৈতে সদাচাৰীক মিলিত কৰা হ'ব। info
التفاسير: |

8 : 81

وَاِذَا الْمَوْءٗدَةُ سُىِٕلَتْ ۟

আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যা শিশুক আল্লাহে প্ৰশ্ন কৰিব। info
التفاسير: |

9 : 81

بِاَیِّ ذَنْۢبٍ قُتِلَتْ ۟ۚ

তোমাৰ হত্যাকাৰীয়ে তোমাক কি কাৰণত হত্যা কৰিছিল? info
التفاسير: |

10 : 81

وَاِذَا الصُّحُفُ نُشِرَتْ ۟

আৰু যেতিয়া বান্দাৰ আমালনামা উন্মোচিত কৰা হ’ব, যাতে প্ৰত্যেক ব্যক্তিয়ে নিজৰ আমলনামা (কৰ্মপত্ৰ) পঢ়িব পাৰে। info
التفاسير: |

11 : 81

وَاِذَا السَّمَآءُ كُشِطَتْ ۟

আৰু যেতিয়া আকাশৰ আৱৰণ খুলি দিয়া হ’ব, যিদৰে ছাগলীৰ ছাল পৃথক কৰা হয়। info
التفاسير: |

12 : 81

وَاِذَا الْجَحِیْمُ سُعِّرَتْ ۟

আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ'ব। info
التفاسير: |

13 : 81

وَاِذَا الْجَنَّةُ اُزْلِفَتْ ۟

আৰু যেতিয়া জান্নাতক মুত্তাক্বীসকলৰ ওচৰত ৰখা হ'ব। info
التفاسير: |

14 : 81

عَلِمَتْ نَفْسٌ مَّاۤ اَحْضَرَتْ ۟ؕ

যেতিয়া এইবোৰ সংঘটিত হ’ব, তেতিয়া প্ৰত্যেক ব্যক্তিয়ে জানিব পাৰিব যে, তেওঁ সেই দিৱসটোৰ বাবে কি আমল আগবঢ়াইছে। info
التفاسير: |

15 : 81

فَلَاۤ اُقْسِمُ بِالْخُنَّسِ ۟ۙ

মহান আল্লাহে সেইবোৰ নক্ষত্ৰৰ শপত খাইছে, যিবোৰে ৰাতিত প্ৰকাশ হোৱাৰ আগতে লুকাই থাকে। info
التفاسير: |

16 : 81

الْجَوَارِ الْكُنَّسِ ۟ۙ

যিবোৰে নিজ নিজ অক্ষ ৰেখাত ঘূৰি থাকে আৰু প্ৰভাত অহাৰ লগে লগে তেনেদৰে লুকাই যায়, যিদৰে হৰিণে নিজৰ ঘৰত সোমায়। info
التفاسير: |

17 : 81

وَالَّیْلِ اِذَا عَسْعَسَ ۟ۙ

এইদৰে তেওঁ শপত খাইছে ৰাতিৰ প্ৰথম ভাগৰ যেতিয়া ৰাতিৰ আগমন হয়, এইদৰে তেওঁ শপত খাইছে ৰাতিৰ শেষ ভাগৰ যেতিয়া ৰাতিৰ অন্ধকাৰ গুচি যায়। info
التفاسير: |

18 : 81

وَالصُّبْحِ اِذَا تَنَفَّسَ ۟ۙ

এইদৰে মহান আল্লাহে সেই সময়ৰো শপত খাইছে, যেতিয়া পুৱাৰ ভাগত পোহৰ প্ৰসাৰিত হয়। info
التفاسير: |

19 : 81

اِنَّهٗ لَقَوْلُ رَسُوْلٍ كَرِیْمٍ ۟ۙ

নিশ্চয় মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন হৈছে মহান আল্লাহৰ বাণী। যিখন বিশ্বস্ত ফিৰিস্তাই অৰ্থাৎ জিব্ৰীল আলাইহিচ্ছালামে তেওঁৰ ওচৰলৈ লৈ আহিছে। info
التفاسير: |

20 : 81

ذِیْ قُوَّةٍ عِنْدَ ذِی الْعَرْشِ مَكِیْنٍ ۟ۙ

তেওঁ হৈছে অত্যন্ত শক্তিশালী আৰু তেওঁ আকাশৰ প্ৰতিপালকৰ মহা মৰ্যাদাসম্পন্ন। info
التفاسير: |

21 : 81

مُّطَاعٍ ثَمَّ اَمِیْنٍ ۟ؕ

আকাশবাসীসকলে তেওঁৰ আনুগত্য কৰে। তেওঁ অহী পৌঁচাই দিয়াৰ দায়িত্বত অত্যন্ত বিশ্বস্ত। info
التفاسير: |

22 : 81

وَمَا صَاحِبُكُمْ بِمَجْنُوْنٍ ۟ۚ

আৰু তোমালোকৰ নিতৌ দিনৰ সংগী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, যাৰ বিবেক সম্পৰ্কে, বিশ্বস্ততা সম্পৰ্কে আৰু সততা সম্পৰ্কে তোমালেকে ভালদৰেই পৰিচিত। তেওঁ কোনো উন্মাদ নহয়, যিদৰে তোমালোকে অপবাদ স্বৰূপে দাবী কৰি আছা। info
التفاسير: |

23 : 81

وَلَقَدْ رَاٰهُ بِالْاُفُقِ الْمُبِیْنِ ۟ۚ

নিশ্চয় তোমালোকৰ সঙ্গীয়ে জিব্ৰীলক তেওঁৰ প্ৰকৃত ৰূপত আকাশৰ সুস্পষ্ট দিগন্তত দেখিছে। info
التفاسير: |

24 : 81

وَمَا هُوَ عَلَی الْغَیْبِ بِضَنِیْنٍ ۟ۚ

আৰু তোমালকৰ সঙ্গীজন কৃপণো নহয় যে, যি বস্তু পৌঁচাবলৈ তেখেতক নিযুক্ত কৰা হৈছে সেয়া পৌঁচাবলৈ তেখেতে কৃপণালী কৰিব। এইদৰে তেখেতে তোমালোকৰ পৰা বিনিময়ো গ্ৰহণ নকৰে, যিদৰে জ্যোতিষীয়ে বিনিময় বিচাৰে। info
التفاسير: |

25 : 81

وَمَا هُوَ بِقَوْلِ شَیْطٰنٍ رَّجِیْمٍ ۟ۙ

আৰু এই কোৰআন আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত কোনো অভিশপ্ত চয়তাৰ বাণী নহয়। info
التفاسير: |

26 : 81

فَاَیْنَ تَذْهَبُوْنَ ۟ؕ

এতেকে ইমানখিনি প্ৰমাণৰ পাছতো এইখন আল্লাহৰ বাণী নহয় বুলি অস্বীকাৰ কৰিবলৈ তোমালোকে কোনটো পথ অৱলম্বন কৰিবা? info
التفاسير: |

27 : 81

اِنْ هُوَ اِلَّا ذِكْرٌ لِّلْعٰلَمِیْنَ ۟ۙ

এই কোৰআন হৈছে জিন আৰু মানুহৰ বাবে উপদেশ আৰু সতৰ্কবাণীহে। info
التفاسير: |

28 : 81

لِمَنْ شَآءَ مِنْكُمْ اَنْ یَّسْتَقِیْمَ ۟ؕ

তোমালোকৰ মাজৰ পৰা সেই ব্যক্তিৰ বাবে, যিয়ে সত্যৰ পথ অৱলম্বন কৰিবলৈ ইচ্ছুক। info
التفاسير: |

29 : 81

وَمَا تَشَآءُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ رَبُّ الْعٰلَمِیْنَ ۟۠

তোমালোকে সত্যৰ পথত পৰিচালিত হ’বলৈ বা নহ’বলৈ তেতিয়ালৈকে ইচ্ছা কৰিব নোৱাৰিবা, যেতিয়ালৈকে আল্লাহে ইচ্ছা নকৰিব। তেৱেঁই হৈছে গোটেই সৃষ্টিজগতৰ প্ৰতিপালক। info
التفاسير: |
Poruke i pouke ajeta na ovoj stranici:
• حَشْر المرء مع من يماثله في الخير أو الشرّ.
ক্বিয়ামতৰ দিনা ভাল আৰু বেয়া চৰিত্ৰ অনুসৰি তাৰ সমপৰ্যায়ৰ ব্যক্তিৰ সৈতে প্ৰত্যেক ব্যক্তিকে উত্থিত কৰা হ’ব। info

• إذا كانت الموءُودة تُسأل فما بالك بالوائد؟ وهذا دليل على عظم الموقف.
যেতিয়া জীৱন্ত সমাধিস্থ কন্যা শিশুক সোধা হ’ব তেতিয়া সমাধিস্থকাৰীৰ দশা কি হ’ব। এইটোৱে এই কথা প্ৰমাণ কৰে যে, সেই দিৱসটো হ'ব অত্যন্ত ভয়াৱহ। info

• مشيئة العبد تابعة لمشيئة الله.
বান্দাৰ ইচ্ছা হৈছে আল্লাহৰ ইচ্ছাৰ অধীনস্থ। info

prev

আত-তাকৱীৰ

next
:
0:00 0:00