Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
16 : 10

قُلْ لَّوْ شَآءَ اللّٰهُ مَا تَلَوْتُهٗ عَلَیْكُمْ وَلَاۤ اَدْرٰىكُمْ بِهٖ ۖؗۗ— فَقَدْ لَبِثْتُ فِیْكُمْ عُمُرًا مِّنْ قَبْلِهٖ ؕ— اَفَلَا تَعْقِلُوْنَ ۟

হে ৰাছুল! আপুনি কওঁক যে, তোমালোকক কোৰআন তিলাৱত কৰি শুনোৱাটো যদি আল্লাহে নিবিচাৰিলেহেঁতেন তেন্তে মই তোমালোকক সেয়া তিলাৱত কৰি নুশুনোৱালোহেঁতেন আৰু তোমালোকৰ ওচৰত লৈয়ো নাহিলোহেঁতেন। আৰু যদি আল্লাহে বিচাৰিলেহেঁতেন তেন্তে মই তোমালোকক মোৰ মুখেৰে কোৰআন সম্পৰ্কে অৱগত নকৰিলোহেঁতেন। নিশ্চয় তোমালোকে জানা, তোমালোকৰ মাজত মই এটা দীৰ্ঘ সময় অৰ্থাৎ ৪০ বছৰ সময় অতিবাহিত কৰিছো আৰু এই সময়ছোৱাত মই লিখা পঢ়া একোৱে জনা নাছিলো। মই এনেকুৱা কোনো বিষয় বিচৰাও নাছিলো আৰু সন্ধানো কৰা নাছিলো। তোমালোকে নিজৰ বিবেক বুদ্ধি প্ৰয়োগ কৰি এইটো বুজিবলৈ চেষ্টা নকৰা নেকি যে, মই যি তোমালোকৰ ওচৰত লৈ আহিছো সেয়া আল্লাহৰ ফালৰ পৰা আৰু তাত মোৰ কোনো হস্তক্ষেপ নাই। info
التفاسير: |
Benefits of the Verses on this page:
• عظم الافتراء على الله والكذب عليه وتحريف كلامه كما فعل اليهود بالتوراة.
আল্লাহৰ প্ৰতি মিছা অপবাদ লগোৱা আৰু মিছা প্ৰচাৰ কৰা তথা তেওঁৰ বাণী পৰিবৰ্তন কৰাটো এটা মহা পাপ, যিদৰে ইয়াহুদীসকলে তাওৰাতৰ ক্ষেত্ৰত কৰিছিল। info

• النفع والضر بيد الله عز وجل وحده دون ما سواه.
লাভ লোকচানৰ অধিকাৰ কেৱল আল্লাহৰ হাতত। তেওঁৰ বাহিৰে আন কাৰো ওচৰত ইয়াৰ ক্ষমতা নাই। info

• بطلان قول المشركين بأن آلهتهم تشفع لهم عند الله.
মুশ্বৰিকসকলৰ এই দাবী খণ্ডন যে সিহঁতৰ উপাস্যবোৰে আল্লাহৰ ওচৰত মধ্যস্ততা কৰিব। info

• اتباع الهوى والاختلاف على الدين هو سبب الفرقة.
প্ৰবৃত্তিৰ অনুসৰণ আৰু দ্বীনৰ মাজত মতানৈক্য কৰাটো হৈছে বহুধাবিভক্ত হোৱাৰ অন্যতম কাৰণ। info