Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

আৰ-ৰাআদ

Objectives of the Surah:
الرد على منكري الوحي والنبوة ببيان مظاهر عظمة الله.
আল্লাহৰ মহত্বৰ নিদৰ্শনসমূহ বৰ্ণনা কৰি, অহী আৰু নবুওৱত অস্বীকাৰকাৰীসকলৰ দাবীক খণ্ডন কৰা। info

external-link copy
1 : 13

الٓمّٓرٰ ۫— تِلْكَ اٰیٰتُ الْكِتٰبِ ؕ— وَالَّذِیْۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ الْحَقُّ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یُؤْمِنُوْنَ ۟

(আলিফ-লাম-ৰা) এইবোৰ আখৰ সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই ছুৰাৰ উৎকৃষ্ট এই আয়াতসমূহ লগতে হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন হৈছে চিৰসত্য, যাৰ মাজত কোনো সন্দেহ নাই। আৰু এই ক্ষেত্ৰতো কোনো সন্দেহ নাই যে, ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। কিন্তু অধিকাংশ লোকে বিৰোধ আৰু অহংকাৰৰ ফলত ঈমান পোষণ নকৰে। info
التفاسير: |
Benefits of the Verses on this page:
• إثبات قدرة الله سبحانه وتعالى والتعجب من خلقه للسماوات على غير أعمدة تحملها، وهذا مع عظيم خلقتها واتساعها.
পৱিত্ৰ আৰু মহান আল্লাহৰ ক্ষমতাৰ প্ৰমাণ, তথা তেওঁৰ আকাশমণ্ডল সৃষ্টিক লৈ আশ্চৰ্য প্ৰকাশ যিটোক তেওঁ খুঁটাবিহীন উত্তোলন কৰিছে, অথচ এই আকাশমণ্ডল, সৃষ্টি আৰু প্ৰশস্ততাৰ ক্ষেত্ৰত বহুত ডাঙৰ। info

• إثبات قدرة الله وكمال ربوبيته ببرهان الخلق، إذ ينبت النبات الضخم، ويخرجه من البذرة الصغيرة، ثم يسقيه من ماء واحد، ومع هذا تختلف أحجام وألوان ثمراته وطعمها.
সৃষ্টিৰ প্ৰমাণিকতাই আল্লাহৰ ক্ষমতা তথা তেওঁৰ পূৰ্ণ প্ৰভুত্ব প্ৰমাণ কৰে। কাৰণ তেওঁ সুৰু সৰু বীজৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড গছ উৎপন্ন কৰে, আৰু তাক একে পানীৰে জীপাল কৰে। তথাপিও এইবোৰ গছৰ ফলৰ আকাৰ, ৰং আৰু সোৱাদ পৰস্পৰৰ পৰা ভিন্ন। info

• أن إخراج الله تعالى للأشجار الضخمة من البذور الصغيرة، بعد أن كانت معدومة، فيه رد على المشركين في إنكارهم للبعث؛ فإن إعادة جمع أجزاء الرفات المتفرقة والمتحللة في الأرض، وبعثها من جديد، بعد أن كانت موجودة، هو بمنزلة أسهل من إخراج المعدوم من البذرة.
সৰু সৰু বীজৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড গছ উলিওৱা আল্লাহৰ এই কাৰ্যই মুশ্বৰিকসকলৰ সেই দাবীক খণ্ডন কৰে, যিসকলে পুনৰুত্থানক অস্বীকাৰ কৰে। কিয়নো বিস্তৃত গেলি-পচি যোৱা আৰু মাটিত মিহলি হোৱা হাড়ক একত্ৰিত কৰি পুনৰ্জীৱিত কৰাটো, বীজৰ পৰা অস্তিত্বহীন গছক অস্তিত্ব প্ৰদান কৰাতকৈ অধিক সহজ। info