Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran * - Translations’ Index


Translation of the meanings Ayah: (78) Surah: Al-Isrā’
اَقِمِ الصَّلٰوةَ لِدُلُوْكِ الشَّمْسِ اِلٰی غَسَقِ الَّیْلِ وَقُرْاٰنَ الْفَجْرِ ؕ— اِنَّ قُرْاٰنَ الْفَجْرِ كَانَ مَشْهُوْدًا ۟
যথাসময়ত পৰিপূৰ্ণভাৱে ছালাত কায়েম কৰক, মাজ আকাশৰ পৰা সূৰ্য ঢলি পৰাৰ পিছত–জোহৰ আৰু আচৰ ইয়াৰ অন্তৰ্ভুক্ত- ৰাতিৰ অন্ধকাৰ পৰ্যন্ত- মাগৰিব আৰু ঈশ্বা ইয়াৰ অন্তৰ্ভুক্ত। ফজৰৰ ছালাত কায়েম কৰক আৰু ইয়াত দীৰ্ঘ তিলাৱত কৰিব। কিয়নো ফজৰৰ সময়ত দিন আৰু ৰাতিৰ ফিৰিস্তা উপস্থিত থাকে।
Arabic explanations of the Qur’an:
Benefits of the verses in this page:
• في الآيات دليل على شدة افتقار العبد إلى تثبيت الله إياه، وأنه ينبغي له ألا يزال مُتَمَلِّقًا لربه أن يثبته على الإيمان.
উক্ত আয়াতবোৰত প্ৰমাণ পোৱা গ'ল যে, আল্লাহে যাতে বান্দাক দৃঢ় তথা অটল ৰাখে ইয়াৰ প্ৰতি বান্দা অত্যন্ত অমুখাপেক্ষী। তথা বান্দাই সদায় আল্লাহৰ ওচৰত দুআ কৰা উচিত যে, তেওঁ যেন তাক ঈমানৰ ওপৰত দৃঢ় ৰাখে।

• عند ظهور الحق يَضْمَحِل الباطل، ولا يعلو الباطل إلا في الأزمنة والأمكنة التي يكسل فيها أهل الحق.
সত্য প্ৰকাশ পোৱাৰ লগে লগে অসত্য বিলুপ্ত হয়। আৰু অসত্য সেই সময়তেই আৰু সেই স্থানতেই আত্মপ্ৰকাশ কৰে, য’ত সত্যবাদীসকলে অৱহেলা কৰে।

• الشفاء الذي تضمنه القرآن عام لشفاء القلوب من الشُّبَه، والجهالة، والآراء الفاسدة، والانحراف السيئ والمقاصد السيئة.
কোৰআনত যি প্ৰতিষেধক আছে, সেয়া হৈছেঃ সন্দেহ, মুৰ্খতা, ভ্ৰান্ত ধাৰণা, কুসংস্কাৰ আৰু বেয়া উদ্দেশ্য আদিৰ।

• في الآيات دليل على أن المسؤول إذا سئل عن أمر ليس في مصلحة السائل فالأولى أن يعرض عن جوابه، ويدله على ما يحتاج إليه، ويرشده إلى ما ينفعه.
উক্ত আয়াতবোৰত এই কথাৰো প্ৰমাণ আছে যে, যদি কোনো ব্যক্তিয়ে এনেকুৱা কোনো প্ৰশ্ন কৰে যি প্ৰশ্নত তাৰ বাবে কোনো কল্যাণ নাই, তেনেক্ষেত্ৰত এনেকুৱা প্ৰশ্নৰ উত্তৰ নিদিয়াই ভাল, আৰু তাক সেই দিশত মাৰ্গদৰ্শন কৰা উচিত যিটো তাৰ বাবে আৱশ্যক, লগতে সেইসমূহ বিষয় জনাই দিয়া উচিত যিবোৰ তাৰ বাবে লাভদায়ক।

 
Translation of the meanings Ayah: (78) Surah: Al-Isrā’
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran - Translations’ Index

Assamese translation of "Abridged Explanation of the Quran" by Tafsir Center of Quranic Studies

close