Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran * - Translations’ Index


Translation of the meanings Ayah: (142) Surah: Al-Baqarah
سَیَقُوْلُ السُّفَهَآءُ مِنَ النَّاسِ مَا وَلّٰىهُمْ عَنْ قِبْلَتِهِمُ الَّتِیْ كَانُوْا عَلَیْهَا ؕ— قُلْ لِّلّٰهِ الْمَشْرِقُ وَالْمَغْرِبُ ؕ— یَهْدِیْ مَنْ یَّشَآءُ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟
অজ্ঞান তথা নিৰ্বোধ ইয়াহুদী আৰু সিহঁতৰ লগত হয় ভৰ দিয়া মুনাফিকসকলে নিশ্চয় কব যে, ইতিপূৰ্বে দেখুন মুছলিমসকলৰ কিবলা বাইতুল মাক্বদিছ আছিল, এতিয়া কিয় সেই কিবলা পৰিত্যাগ কৰিলে? হে নবী! আপুনি কৈ দিয়ক, পূৱ, পশ্চিম আৰু সকলো দিশৰ ৰাজত্ব কেৱল আল্লাহৰেই। তেওঁ তেওঁৰ বান্দাসকলক যিপিনে ইচ্ছা সেই পিনেই মুখ কৰিবলৈ আদেশ দিব পাৰে। তেওঁ নিজ বান্দাসকলৰ যাকে ইচ্ছা তাকেই পোন বাটৰ হিদায়ত দিয়ে যি বাটত কোনো বক্ৰতা নাই আৰু ভ্ৰষ্টতাও নাই।
Arabic explanations of the Qur’an:
Benefits of the verses in this page:
• أن الاعتراض على أحكام الله وشرعه والتغافل عن مقاصدها دليل على السَّفَه وقلَّة العقل.
আল্লাহৰ আহকাম তথা তেওঁৰ চৰীয়তৰ প্ৰতি অভিযোগ আৰু ইয়াৰ উদ্দেশ্যক আওকাণ কৰাটো হৈছে নিৰ্বোধতা ও অজ্ঞতাৰ প্ৰমাণ।

• فضلُ هذه الأمة وشرفها، حيث أثنى عليها الله ووصفها بالوسطية بين سائر الأمم.
এই উম্মতৰ প্ৰতিষ্ঠা আৰু মৰ্যদাৰ বিৱৰণ। কিয়নো আল্লাহে এই উম্মতৰ প্ৰশংসা কৰিছে তথা ইয়াক সকলো উম্মতৰ মাজত মধ্যৱৰ্তী উম্মত হিচাপে স্বীকৃতি দিছে।

• التحذير من متابعة أهل الكتاب في أهوائهم؛ لأنهم أعرضوا عن الحق بعد معرفته.
আহলে কিতাবৰ প্ৰবৃত্তিৰ অনুসৰণৰ পৰা সাৱধান কৰা। কাৰণ সিহঁতে সত্য জনাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লৈছে।

• جواز نَسْخِ الأحكام الشرعية في الإسلام زمن نزول الوحي، حيث نُسِخَ التوجه إلى بيت المقدس، وصار إلى المسجد الحرام.
ইছলামত অহী অৱতীৰ্ণ হোৱাৰ কালত চৰীয়তি বিধান ৰহিত কৰাৰ বৈধতা। কিয়নো বাইতুল মাক্বদিছৰ পিনে মুখ কৰাৰ বিধান ৰহিত কৰি মছজিদে হাৰামৰ পিনে মুখ কৰাৰ আদেশ দিয়া হৈছে।

 
Translation of the meanings Ayah: (142) Surah: Al-Baqarah
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran - Translations’ Index

Assamese translation of "Abridged Explanation of the Quran" by Tafsir Center of Quranic Studies

close