Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran * - Translations’ Index


Translation of the meanings Ayah: (46) Surah: Tā-ha
قَالَ لَا تَخَافَاۤ اِنَّنِیْ مَعَكُمَاۤ اَسْمَعُ وَاَرٰی ۟
আল্লাহে তেওঁলোক দুয়োকে সম্বোধন কৰি ক'লেঃ তোমালোক দুয়ো ভয় নকৰিবা। নিশ্চয় সহায় তথা সমৰ্থনৰ বাবে মই তোমালোকৰ লগত আছোঁ। অৱশ্যে মই সেই সকলো বিষয় শুনা পাম তথা চাই থাকিম, যিবোৰ তোমালোকৰ আৰু ফিৰআউনৰ মাজত সংঘটিত হ'ব।
Arabic explanations of the Qur’an:
Benefits of the verses in this page:
• كمال اعتناء الله بكليمه موسى عليه السلام والأنبياء والرسل، ولورثتهم نصيب من هذا الاعتناء على حسب أحوالهم مع الله.
কালিমুল্লাহ মূছা আলাইহিচ্ছালাম আৰু অন্যান্য নবী ৰাছুলসকলে আল্লাহৰ পূৰ্ণ সহযোগ লাভ কৰিছে। তথা তেওঁলোকৰ উত্তৰাধিকাৰীসকলেও আল্লাহৰ লগত থকা সম্পৰ্ক অনুযায়ী এই সহযোগৰ কিছু অংশ লাভ কৰিছে।

• من الهداية العامة للمخلوقات أن تجد كل مخلوق يسعى لما خلق له من المنافع، وفي دفع المضار عن نفسه.
সকলো সৃষ্টিয়ে সাধাৰণ মাৰ্গদৰ্শন লাভ কৰাৰ ফলস্বৰূপেই প্ৰত্যেক সৃষ্টিয়ে সেই লাভাংশ পাবলৈ চেষ্টা কৰে, যাৰ বাবে তাক সৃষ্টি কৰা হৈছে। তথা নিজকে সকলো প্ৰকাৰ অনিষ্টৰ পৰা ৰক্ষা কৰাৰ প্ৰয়াস কৰে।

• بيان فضيلة الأمر بالمعروف والنهي عن المنكر، وأن ذلك يكون باللين من القول لمن معه القوة، وضُمِنَت له العصمة.
সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ গুৰুত্বৰ বৰ্ণনা। তথা ক্ষমতাধাৰী ব্যক্তিৰ লগত নম্ৰভাৱে এই দায়িত্ব পালন কৰা উচিত।

• الله هو المختص بعلم الغيب في الماضي والحاضر والمستقبل.
অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কীয় সকলো গায়েবৰ জ্ঞান একমাত্ৰ আল্লাহৰ বাবে নিৰ্দিষ্ট।

 
Translation of the meanings Ayah: (46) Surah: Tā-ha
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran - Translations’ Index

Assamese translation of "Abridged Explanation of the Quran" by Tafsir Center of Quranic Studies

close