Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
16 : 25

لَهُمْ فِیْهَا مَا یَشَآءُوْنَ خٰلِدِیْنَ ؕ— كَانَ عَلٰی رَبِّكَ وَعْدًا مَّسْـُٔوْلًا ۟

এই জান্নাতত তেওঁলোকৰ বাবে সেই সকলো নিয়ামত উপলব্ধ থাকিব, যিবোৰ তেওঁলোকে বিচাৰিব। এইটো আল্লাহৰ প্ৰতি এনেকুৱা এটা বচন, যিটো মুত্তাক্বী বান্দাসকলে তেওঁৰ ওচৰত আবেদন কৰিব। আল্লাহৰ প্ৰতিশ্ৰুতি অৱশ্যে পূৰণ হ'ব, তেওঁ কেতিয়াও নিজৰ প্ৰতিশ্ৰুতি ভঙ্গ নকৰে। info
التفاسير: |
Benefits of the Verses on this page:
• الجمع بين الترهيب من عذاب الله والترغيب في ثوابه.
আল্লাহৰ শাস্তিৰ ভয় দেখুৱা আৰু তেওঁৰ ছোৱাবৰ অনুপ্ৰেৰণা দিয়া, দুয়োটাই অত্যাৱশ্যক। info

• متع الدنيا مُنْسِية لذكر الله.
পাৰ্থিৱ ভোগ-সামগ্ৰী আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী হোৱাৰ অন্যতম কাৰণ। info

• بشرية الرسل نعمة من الله للناس لسهولة التعامل معهم.
ৰাছুলসকলৰ মানৱ হোৱাটো আল্লাহৰ ফালৰ পৰা মানুহৰ বাবে এক প্ৰকাৰ নিয়ামত, কিয়নো সিহঁতৰ সৈতে সম্পৰ্ক স্থাপন কৰা অতি সহজ। info

• تفاوت الناس في النعم والنقم اختبار إلهي لعباده.
মানুহক বিভিন্ন প্ৰকাৰৰ নিয়ামত প্ৰদান কৰি আৰু বিভিন্ন শাস্তিৰে দণ্ডিত কৰি আল্লাহে সিহঁতৰ পৰীক্ষা লয়। info