Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran * - Translations’ Index


Translation of the meanings Ayah: (50) Surah: Āl-‘Imrān
وَمُصَدِّقًا لِّمَا بَیْنَ یَدَیَّ مِنَ التَّوْرٰىةِ وَلِاُحِلَّ لَكُمْ بَعْضَ الَّذِیْ حُرِّمَ عَلَیْكُمْ وَجِئْتُكُمْ بِاٰیَةٍ مِّنْ رَّبِّكُمْ ۫— فَاتَّقُوا اللّٰهَ وَاَطِیْعُوْنِ ۟
॥এইদৰে মই মোৰ পূৰ্বে অৱতীৰ্ণ পুথি তাওৰাতৰ সমৰ্থন কৰিবলৈ তোমালোকৰ ওচৰত আহিছো। লগতে মই তোমালোকৰ ওচৰত এই কাৰণেও আহিছো যাতে তোমালোকৰ বাবে সহজ আৰু তোমালোকৰ সুবিধাৰ বাবে এনে কিছুমান বস্তু বৈধ কৰিম যিটো পূৰ্বে অবৈধ আছিল। লগতে মই মোৰ কথাৰ সত্যতাৰ বাবে স্পষ্ট প্ৰমাণ লৈ আহিছো। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা লগতে মই তোমালোকক যি বিষয়ৰ ফালে আহ্বান কৰি আছো সেইটো তোমালোকে মানি লোৱা।
Arabic explanations of the Qur’an:
Benefits of the verses in this page:
• شرف الكتابة والخط وعلو منزلتهما، حيث بدأ الله تعالى بذكرهما قبل غيرهما.
লিখন-কলা আৰু লিপিৰ মহত্ব আৰু ইয়াৰ শ্ৰেষ্ঠতা। কিয়নো আল্লাহে প্ৰথমে এই দুটাৰ কথাই উল্লেখ কৰিছে।

• من سنن الله تعالى أن يؤيد رسله بالآيات الدالة على صدقهم، مما لا يقدر عليه البشر.
আল্লাহৰ এইটো নিয়ম যে, তেওঁ নিজ ৰাছুলৰ সমৰ্থন এনেকুৱা নিদৰ্শনৰ দ্বাৰা কৰে যিবোৰে ৰাছুলৰ সত্যতা প্ৰমাণ কৰে আৰু এই কাম আন কোনো মানুহৰ ক্ষমতাৰ বাহিৰত।

• جاء عيسى بالتخفيف على بني إسرائيل فيما شُدِّد عليهم في بعض شرائع التوراة، وفي هذا دلالة على وقوع النسخ بين الشرائع.
ঈছা আলাইহিচ্ছালাম বনী ইছৰাঈলৰ বাবে তাওৰাতৰ কিছুমান কঠিন আদেশ সহজ আৰু সুবিধাজনক বনাবলৈ প্ৰেৰিত হৈছিল। ইয়াৰ দ্বাৰা এইটো বুজা গ'ল যে, বিভিন্ন চৰীয়তৰ মাজত নছখ (পৰবৰ্তী আদেশৰ দ্বাৰা পূৰ্বৱৰ্তী আদেশক ৰহিত কৰাৰ) প্ৰক্ৰিয়া জাৰি আছিল।

 
Translation of the meanings Ayah: (50) Surah: Āl-‘Imrān
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran - Translations’ Index

Assamese translation of "Abridged Explanation of the Quran" by Tafsir Center of Quranic Studies

close