Check out the new design

Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Translations’ Index


Translation of the meanings Ayah: (19) Surah: Ar-Rūm
یُخْرِجُ الْحَیَّ مِنَ الْمَیِّتِ وَیُخْرِجُ الْمَیِّتَ مِنَ الْحَیِّ وَیُحْیِ الْاَرْضَ بَعْدَ مَوْتِهَا ؕ— وَكَذٰلِكَ تُخْرَجُوْنَ ۟۠
তেৱেঁই জীৱক নিৰ্জীৱৰ পৰা উলিয়ায়, উদাহৰণস্বৰূপে পানীৰ টোপালৰ পৰা মানৱ আৰু কণীৰ পৰা কুকুৰাৰ শাৱক। আৰু তেৱেঁই মৃতক জীৱিতৰ পৰা উলিয়ায়, যেনেঃ মানুহৰ পৰা বীৰ্যৰ টোপাল, কুকুৰাৰ পৰা কণী। তথা তেৱেঁই পানী বৰ্ষণ কৰি শুকান মৃত ভূমিক সেউজীয়া কৰি তোলে। এতেকে যিদৰে ভূমিৰ পৰা উদ্ভিদ উৎপন্ন হৈ সেউজীয়া হৈ পৰে, ঠিক সেইদৰেই তোমালোকক হিচাপ-নিকাচৰ বাবে কবৰৰ পৰা উলিওৱা হ’ব।
Arabic explanations of the Qur’an:
Benefits of the verses in this page:
• إعمار العبد أوقاته بالصلاة والتسبيح علامة على حسن العاقبة.
বান্দাই চালাত আৰু তাছবীহৰ জৰিয়তে সময়ৰ সদ্ব্যৱহাৰ কৰাটো উত্তম পৰিণামৰ প্ৰতীক।

• الاستدلال على البعث بتجدد الحياة، حيث يخلق الله الحي من الميت والميت من الحي.
জীৱনৰ নতুন নতুন পৰ্যায়সমূহে পুনৰুত্থানৰ প্ৰমাণবহন কৰে। যেনে আল্লাহে নিৰ্জীৱৰ পৰা জীৱ সৃষ্টি কৰে আৰু জীৱৰ পৰা মৃতক উলিয়ায়।

• آيات الله في الأنفس والآفاق لا يستفيد منها إلا من يُعمِل وسائل إدراكه الحسية والمعنوية التي أنعم الله بها عليه.
স্বয়ং মানুহৰ মাজত থকা নিদৰ্শন আৰু বিশ্বজগতত বিস্তৃত আল্লাহৰ নিদৰ্শনসমূহৰ পৰা কেৱল সেইসকল লোকেই উপকৃত হয়, যিসকলে প্ৰকাশ্য আৰু অপ্ৰকাশ্য বোধশক্তিৰ মাধ্যমত আল্লাহৰ এই নিয়ামতসমূহক সঠিকভাৱে সদ্ব্যৱহাৰ কৰে।

 
Translation of the meanings Ayah: (19) Surah: Ar-Rūm
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Translations’ Index

Issued by Tafsir Center for Quranic Studies

close