Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
28 : 31

مَا خَلْقُكُمْ وَلَا بَعْثُكُمْ اِلَّا كَنَفْسٍ وَّاحِدَةٍ ؕ— اِنَّ اللّٰهَ سَمِیْعٌ بَصِیْرٌ ۟

হে মানৱজাতি! কিয়ামতৰ দিনা তোমালোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে সৃষ্টি কৰা আৰু পুনৰুত্থিত কৰা বিষয়টো এটা প্ৰাণ সৃষ্টি কৰাৰ দৰেই সহজ। নিশ্চয় আল্লাহ সকলো কথা শ্ৰৱণকাৰী। কোনো কথা শুনিবলৈ তেওঁক আন কোনো কথাই অসুবিধা নকৰে। এটা বস্তু দেখিবলৈ তেওঁ আনটো বস্তুৰ পৰা কেতিয়াও অমনোযোগী নহয়। ঠিক সেইদৰে কোনো এটা প্ৰাণীক সৃষ্টি কৰিবলৈ আৰু পুনৰুত্থিত কৰিবলৈ আন কোনো প্ৰাণীৰ সৃষ্টিৰ পৰা তথা পুনৰুত্থান কৰাৰ পৰা তেওঁ অমনোযোগী নহয়। info
التفاسير:
Benefits of the verses in this page:
• نعم الله وسيلة لشكره والإيمان به، لا وسيلة للكفر به.
আল্লাহৰ নিয়ামতবোৰ হৈছে তেওঁৰ কৃতজ্ঞতা আৰু ঈমান পোষণ কৰাৰ মাধ্যম, তেওঁৰ লগত কুফৰী কৰাৰ মাধ্যম নহয়। info

• خطر التقليد الأعمى، وخاصة في أمور الاعتقاد.
অন্ধানুকৰণৰ ভয়াৱহতা, বিশেষকৈ আক্বীদাৰ ক্ষেত্ৰত। info

• أهمية الاستسلام لله والانقياد له وإحسان العمل من أجل مرضاته.
আল্লাহৰ সন্মুখত পৰিপূৰ্ণৰূপে আত্মসমৰ্পন কৰা আৰু তেওঁৰ অনুসৰণৰ লগতে তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবে সৎকৰ্ম কৰাৰ গুৰুত্ব। info

• عدم تناهي كلمات الله.
আল্লাহৰ বাণীৰ কোনো অন্ত নাই। info