Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
19 : 33

اَشِحَّةً عَلَیْكُمْ ۖۚ— فَاِذَا جَآءَ الْخَوْفُ رَاَیْتَهُمْ یَنْظُرُوْنَ اِلَیْكَ تَدُوْرُ اَعْیُنُهُمْ كَالَّذِیْ یُغْشٰی عَلَیْهِ مِنَ الْمَوْتِ ۚ— فَاِذَا ذَهَبَ الْخَوْفُ سَلَقُوْكُمْ بِاَلْسِنَةٍ حِدَادٍ اَشِحَّةً عَلَی الْخَیْرِ ؕ— اُولٰٓىِٕكَ لَمْ یُؤْمِنُوْا فَاَحْبَطَ اللّٰهُ اَعْمَالَهُمْ ؕ— وَكَانَ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرًا ۟

হে মুমিনসকল! সিহঁতে তোমালোকৰ প্ৰতি অতি কৃপণালী কৰে। ধন-সম্পদৰ ক্ষেত্ৰতো কৃপণালী কৰে, সেইকাৰণেই তোমালোকক সহায় কৰিবলৈ ব্যয় নকৰে। শাৰীৰিক দিশতো কৃপণালী কৰে, সেয়ে তোমালোকৰ লগত মিলি যুদ্ধ নকৰে। বন্ধত্বৰ ক্ষেত্ৰতো কৃপণালী কৰে, সেয়ে তোমালোকৰ লগত বন্ধুত্ব নকৰে। শত্ৰুৰ লগত মোকাবিলাৰ সময়ত যেতিয়া সিহঁত ভীত-সন্ত্ৰস্ত হয়, হে ৰাছুল! তেতিয়া আপুনি সিহঁতক দেখিবলৈ পাব, সিহঁতে কাপুৰুষৰ নিচিনা মৃত্যুৰ ভয়ত মূৰ্চ্ছা যোৱা ব্যক্তিৰ দৰে চকু ওলোটাই আপোনাৰ পিনে থৰ লাগি চাই আছে। কিন্তু যেতিয়া সিহঁতৰ এই ভয় দূৰ হয়, তথা সিহঁত নিশ্চিন্ত হয় তেতিয়া সিহঁতে আপোনাক কথাৰ জৰিয়তে কটাক্ষ কৰি কষ্ট দিয়ে। সিহঁত হৈছে যুদ্ধলব্ধ সম্পদৰ লোভী, সেই সম্পদ লাভৰ আশাত সদায় ঘাত পাতি থাকে। এনেকুৱা বৈশিষ্ট্যৰ লোকসকলে কেতিয়াও প্ৰকৃত মুমিন হ’ব নোৱাৰে। সেইকাৰণেই আল্লাহে সিহঁতৰ কৰ্মৰ প্ৰতিফল ব্যৰ্থ কৰি দিছে। এই ব্যৰ্থ প্ৰক্ৰিয়া আল্লাহৰ বাবে অতি সহজ। info
التفاسير:
Benefits of the verses in this page:
• الآجال محددة؛ لا يُقَرِّبُها قتال، ولا يُبْعِدُها هروب منه.
মৃত্যুৰ সময় নিৰ্ধাৰিত। যুদ্ধৰ ফলত ই কেতিয়াও নিকটৱৰ্তী নহয়। আনহাতে পলায়নৰ ফলত এই সময় কেতিয়াও পিছুৱাই নাযায়। info

• التثبيط عن الجهاد في سبيل الله شأن المنافقين دائمًا.
আল্লাহৰ পথত জিহাদ কৰিবলৈ বাধা প্ৰদান কৰাটো হৈছে মুনাফিকসকলৰ পৰম্পৰাগত চৰিত্ৰ। info

• الرسول صلى الله عليه وسلم قدوة المؤمنين في أقواله وأفعاله.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ মুমিনসকলৰ বাবে উত্তম আদৰ্শ। info

• الثقة بالله والانقياد له من صفات المؤمنين.
আল্লাহৰ প্ৰতি ভৰসা কৰা আৰু তেওঁৰ আনুগত্য কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info