Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
38 : 36

وَالشَّمْسُ تَجْرِیْ لِمُسْتَقَرٍّ لَّهَا ؕ— ذٰلِكَ تَقْدِیْرُ الْعَزِیْزِ الْعَلِیْمِ ۟ؕ

সিহঁতৰ বাবে আল্লাহৰ তাওহীদৰ আৰু এটা প্ৰমাণ হৈছে সূৰ্য্য, যিটো নিৰ্ধাৰিত সময়লৈকে গতি কৰি আছে, ইয়াৰ সঠিক ম্যাদ সম্পৰ্কে একমাত্ৰ আল্লাহেই অৱগত। সূৰ্য্যই কেতিয়াও নিজৰ নিৰ্ধাৰিত সময় অতিক্ৰম কৰিব নোৱাৰিব। এই নিৰ্ধাৰণ হৈছে মহাপৰাক্ৰমশালী আল্লাহৰ নিৰ্ধাৰণ, যাক কোনেও বিৱশ কৰিব নোৱাৰে। তেৱেঁই সৰ্বজ্ঞ, সৃষ্টি সম্পৰ্কে কোনো কথাই তেওঁৰ পৰা গোপন নহয়। info
التفاسير:
Benefits of the Verses on this page:
• ما أهون الخلق على الله إذا عصوه، وما أكرمهم عليه إن أطاعوه.
বান্দাই যদি আল্লাহৰ অবাধ্যতা কৰে তেন্তে আল্লাহৰ দৃষ্টিত বান্দা তুচ্ছ হৈ পৰে। আনহাতে যদি তেওঁৰ আনুগত্য কৰে তেন্তে তেওঁৰ দৃষ্টিত সন্মানিত হৈ পৰে। info

• من الأدلة على البعث إحياء الأرض الهامدة بالنبات الأخضر، وإخراج الحَبِّ منه.
আখিৰাতৰ জীৱনৰ অন্যতম এটা প্ৰমাণ হৈছে মৃত ভূমিক জীৱিত কৰি তাত সেউজীয়া উদ্ভিদ সৃষ্টি কৰা, তথা সেইবোৰৰ পৰা শস্য আদি উৎপন্ন কৰা। info

• من أدلة التوحيد: خلق المخلوقات في السماء والأرض وتسييرها بقدر.
আকাশ আৰু পৃথিৱীত মখলুক সৃষ্টি কৰা তথা সেইবোৰক সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰা আদি, এই সকলোবোৰ হৈছে তাওহীদৰ প্ৰমাণ। info