Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

চ'দ

Purposes of the Surah:
ذكر المخاصمة بالباطل وعاقبتها.
অসত্যৰ দ্বাৰা কৰা বিবাদ আৰু ইয়াৰ পৰিণামৰ বৰ্ণনা। info

external-link copy
1 : 38

صٓ وَالْقُرْاٰنِ ذِی الذِّكْرِ ۟ؕ

চোৱাদ। এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। আল্লাহে কোৰআনৰ শপত খাই এই কথা উল্লেখ কৰিছে যে, কোৰআনত আছে মানুহৰ বাবে এনেকুৱা উপদেশ, যিবোৰ দুনিয়া আৰু আখিৰাতত মানুহৰ বাবে উপকাৰী। মুশ্বৰিকসকলে আল্লাহৰ অংশীদাৰ থকা বুলি যি ধাৰণা পোষণ কৰে, সেইটো সম্পুৰ্ণৰূপে মিছা। info
التفاسير:
Benefits of the verses in this page:
• أقسم الله عز وجل بالقرآن العظيم، فالواجب تَلقِّيه بالإيمان والتصديق، والإقبال على استخراج معانيه.
আল্লাহে পৱিত্ৰ মহান কোৰআনৰ শপত খাইছে। গতিকে ইয়াৰ ওপৰত ঈমান পোষণ কৰা আৰু ইয়াক সমৰ্থন কৰা অত্যাৱশ্যক। লগতে ইয়াৰ তাৎপৰ্যক স্বীকাৰ কৰা উচিত। info

• غلبة المقاييس المادية في أذهان المشركين برغبتهم في نزول الوحي على السادة والكبراء.
মুশ্বৰিকসকলৰ চিন্তাধাৰাক ভৌতিক চাহিদাই গ্ৰাস কৰিছে। সেইকাৰণেই সিহঁতে তুলনাৰ ক্ষেত্ৰত ভৌতিক বস্তুক অগ্ৰাধিকাৰ দিয়ে। যাৰ ফলত সিহঁতে নেতৃস্থানীয় আৰু প্ৰমুখ লোকসকলৰ ওপৰত অহী অৱতীৰ্ণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। info

• سبب إعراض الكفار عن الإيمان: التكبر والتجبر والاستعلاء عن اتباع الحق.
কাফিৰসকলে ঈমান পোষণ নকৰাৰ অন্যতম কাৰণ হৈছে সিহঁতৰ অহংকাৰ, গৌৰৱ আৰু আত্মাভিমান। info