Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
26 : 4

یُرِیْدُ اللّٰهُ لِیُبَیِّنَ لَكُمْ وَیَهْدِیَكُمْ سُنَنَ الَّذِیْنَ مِنْ قَبْلِكُمْ وَیَتُوْبَ عَلَیْكُمْ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟

এইবোৰ চৰীয়তি আদেশৰ দ্বাৰা আল্লাহৰ উদ্দেশ্য এই যে, তেওঁ যাতে তোমালোকৰ বাবে তেওঁৰ চৰীয়ত তথা ধৰ্মৰ নিদৰ্শনসমূহ আৰু পৃথিৱী ও আখিৰাতৰ কল্যাণবোৰ তোমালোকৰ বাবে বৰ্ণনা কৰে। আল্লাহে এইটোও বিচাৰে যে, তেওঁ যাতে তোমালোকৰ বাবে অতীত হোৱা নবীসকলৰ হালাল-হাৰামৰ নিয়ম-নীতিসমূহ, তেওঁলোকৰ সদ্ব্যৱহাৰ আৰু প্ৰশংসনীয় চৰিত্ৰৰ পথ দেখুৱায়, যাতে তোমালোকেও সেই পথত পৰিচালিত হোৱা। আল্লাহে এইটোও বিচাৰে যে, তেওঁ তোমালোকক যাতে গুনাহৰ পৰা আনুগত্যৰ পিনে ঘূৰাই আনে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কল্যাণ সম্পৰ্কে অৱগত। সেয়ে তেওঁ সেই অনুসাৰেই আদেশ দিয়ে। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু মানুহৰ কৰ্ম পৰিচালনাত অতি প্ৰজ্ঞাৱান। info
التفاسير:
Benefits of the verses in this page:
• حُرمة نكاح المتزوجات: حرائر أو إماء حتى تنقضي عدتهن أيًّا كان سبب العدة.
বিবাহিত মহিলা, স্বাধীন হওঁক বা দাসী, সিহঁতক নিকাহ কৰা হাৰাম। যেতিয়া লৈকে স্বামীৰ পৰা পৃথক হৈ ইদ্দত পালন নকৰিব, ইদ্দতৰ সময় সীমা যিমানেই নহওঁক কিয়। info

• أن مهر المرأة يتعين بعد الدخول بها، وجواز أن تحط بعض مهرها إذا كان بطيب نفس منها.
আৰু বুজা গল যে, স্ত্ৰীৰ মোহৰ তাইৰ লগত সহবাস কৰাৰ পিছত অনিবাৰ্য হৈ পৰে। আনহাতে স্ত্ৰীয়ে যদি নিজ ইচ্ছাই মোহৰানাৰ কিছু অংশ ক্ষমা কৰি দিয়ে তেন্তে তাই কৰিব পাৰে। info

• جواز نكاح الإماء المؤمنات عند عدم القدرة على نكاح الحرائر؛ إذا خاف على نفسه الوقوع في الزنى.
যদি স্বাধীন নাৰীক বিবাহ কৰাৰ ক্ষমতা নাথাকে আৰু ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা হয় তেন্তে মুছলিম দাসীক বিবাহ কৰা বৈধ। info

• من مقاصد الشريعة بيان الهدى والضلال، وإرشاد الناس إلى سنن الهدى التي تردُّهم إلى الله تعالى.
চৰীয়তৰ উদ্দেশ্যসমূহৰ অন্যতম এটা উদ্দেশ্য হৈছে, হিদায়ত আৰু ভ্ৰষ্টতা স্পষ্ট কৰা লগতে মানুহক আল্লাহৰ নিকটৱৰ্তী কৰিবলৈ হিদায়তৰ পথ দেখুৱা। info