Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
33 : 40

یَوْمَ تُوَلُّوْنَ مُدْبِرِیْنَ ۚ— مَا لَكُمْ مِّنَ اللّٰهِ مِنْ عَاصِمٍ ۚ— وَمَنْ یُّضْلِلِ اللّٰهُ فَمَا لَهٗ مِنْ هَادٍ ۟

যিদিনা তোমালোকে জাহান্নামক দেখি পিছ হোঁহকা দি পলায়ন কৰিব বিচৰিবা, তেতিয়া কোনেও তোমালোকক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। আল্লাহে যাক নিলগীয়া কৰিব তথা তেওঁ যাক ঈমান পোষণ কৰাৰ তাওফীক নিদিব, তাক কোনেও হিদায়ত দিব নোৱাৰে। কিয়নো হিদায়তৰ বাবে তাওফীক প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। info
التفاسير:
Benefits of the Verses on this page:
• لجوء المؤمن إلى ربه ليحميه من كيد أعدائه.
শত্ৰুৰ চক্ৰান্তৰ পৰা ৰক্ষা পাবলৈ মুমিন বান্দাই আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰে। info

• جواز كتم الإيمان للمصلحة الراجحة أو لدرء المفسدة.
কোনো গুৰুত্বপূৰ্ণ হিত ৰক্ষাৰ্থে অথবা কোনো ক্ষতিৰ পৰা বাচিবলৈ ঈমান গোপন কৰা বৈধ। info

• تقديم النصح للناس من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info