Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran * - Translations’ Index


Translation of the meanings Ayah: (55) Surah: Ghāfir
فَاصْبِرْ اِنَّ وَعْدَ اللّٰهِ حَقٌّ وَّاسْتَغْفِرْ لِذَنْۢبِكَ وَسَبِّحْ بِحَمْدِ رَبِّكَ بِالْعَشِیِّ وَالْاِبْكَارِ ۟
হে ৰাছুল! আপোনাৰ জাতিয়ে আপোনাক অস্বীকাৰ কৰা কাৰ্যত আৰু সিহঁতৰ নিৰ্যাতনত আপুনি ধৈৰ্য্য ধাৰণ কৰক। নিশ্চয় আল্লাহে আপোনাক সহায়-সহযোগিতা আৰু সমৰ্থন কৰিব বুলি যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। গতিকে আপুনি আপোনাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক, লগতে পুৱা-গধূলি আপোনাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে তাছবীহ পাঠ কৰক।
Arabic explanations of the Qur’an:
Benefits of the verses in this page:
• نصر الله لرسله وللمؤمنين سُنَّة إلهية ثابتة.
এই বিষয়টো প্ৰমাণিত যে, আল্লাহে প্ৰত্যেক যুগতে ৰাছুলসকলক আৰু মুমিনসকলক সহায় কৰি আহিছে।

• اعتذار الظالم يوم القيامة لا ينفعه.
কিয়ামতৰ দিনা অন্যায়কাৰীসকলৰ অজুহাতে কোনো উপকাৰ নকৰিব।

• أهمية الصبر في مواجهة الباطل.
বাতিলৰ সন্মুখত ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব।

• دلالة خلق السماوات والأرض على البعث؛ لأن من خلق ما هو عظيم قادر على إعادة الحياة إلى ما دونه.
আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিয়ে পুনৰুত্থানৰ প্ৰমাণবহন কৰে। কাৰণ যি সত্ত্বাই ডাঙৰ বস্তু সৃষ্টি কৰিবলৈ সক্ষম, তেওঁ সৰু বস্তু এটাৰ মাজত জীৱন দান কৰিবলৈও নিশ্চয় সক্ষম।

 
Translation of the meanings Ayah: (55) Surah: Ghāfir
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran - Translations’ Index

Assamese translation of "Abridged Explanation of the Quran" by Tafsir Center of Quranic Studies

close