Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran * - Translations’ Index


Translation of the meanings Ayah: (29) Surah: Fussilat
وَقَالَ الَّذِیْنَ كَفَرُوْا رَبَّنَاۤ اَرِنَا الَّذَیْنِ اَضَلّٰنَا مِنَ الْجِنِّ وَالْاِنْسِ نَجْعَلْهُمَا تَحْتَ اَقْدَامِنَا لِیَكُوْنَا مِنَ الْاَسْفَلِیْنَ ۟
আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলে ক’বঃ হে আমাৰ প্ৰতিপালক! জিন আৰু মানৱৰ মাজৰ পৰা যিসকলে আমাক পথভ্ৰষ্ট কৰিছিল, আমাক সেইসকল লোকৰ দৰ্শন কৰাই দিয়া। ইবলীছক দেখুৱাই দিয়া, যিয়ে কুফৰীৰ বাট মুকলি কৰিছিল আৰু ইয়াৰ পিনে আহ্বান কৰিছিল। তথা আদমৰ সেই সন্তানক দেখুৱাই দিয়া, যিয়ে তেজ প্ৰবাহিত কৰাৰ ধাৰা আৰম্ভ কৰিছিল। জাহান্নামত আমি সিহঁতক আমাৰ ভৰিৰে মোহাৰিম। যাতে সিহঁতে জাহান্নামত নিম্নস্তৰৰ অধিবাসী হয়, যিসকলে আটাইতকৈ কঠিন শাস্তি ভোগ কৰিব।
Arabic explanations of the Qur’an:
Benefits of the verses in this page:
• سوء الظن بالله صفة من صفات الكفار.
আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰাটো হৈছে কাফিৰসকলৰ এটা বৈশিষ্ট্য।

• الكفر والمعاصي سبب تسليط الشياطين على الإنسان.
কুফৰী আৰু পাপকৰ্মৰ কাৰণে মানুহৰ ওপৰত চয়তানে প্ৰভাৱ বিস্তাৰ কৰে।

• تمنّي الأتباع أن ينال متبوعوهم أشدّ العذاب يوم القيامة.
কিয়ামতৰ দিনা অনুসাৰীসকলে আশা কৰিব যে, সিহঁতে যিসকলক অনুসৰণ কৰিছিল সেইসকলক কঠোৰতম শাস্তি বিহা হওক।

 
Translation of the meanings Ayah: (29) Surah: Fussilat
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran - Translations’ Index

Assamese translation of "Abridged Explanation of the Quran" by Tafsir Center of Quranic Studies

close