Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
34 : 41

وَلَا تَسْتَوِی الْحَسَنَةُ وَلَا السَّیِّئَةُ ؕ— اِدْفَعْ بِالَّتِیْ هِیَ اَحْسَنُ فَاِذَا الَّذِیْ بَیْنَكَ وَبَیْنَهٗ عَدَاوَةٌ كَاَنَّهٗ وَلِیٌّ حَمِیْمٌ ۟

আল্লাহে সন্তুষ্টি লাভ কৰা সৎকৰ্ম আৰু আনুগত্য তথা তেওঁ অসন্তুষ্ট হোৱা পাপকৰ্ম আৰু গুনাহ, এই দুয়োটা কেতিয়াও সমান হ'ব নোৱাৰে। যিয়ে আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰে, তাৰ এই বেয়া ব্যৱহাৰ দূৰ কৰিবলৈ আপুনি তাৰ সৈতে উত্তম ব্যৱহাৰ কৰক। যদি আপুনি তাৰ লগত ভাল ব্যৱহাৰ কৰে তেন্তে আপুনি দেখিবলৈ পাব, সি পূৰ্বৰ ঘোৰ শত্ৰুতা পাহৰি আপোনাৰ অন্তৰঙ্গ বন্ধু হৈ পৰিব। info
التفاسير:
Benefits of the verses in this page:
• منزلة الاستقامة عند الله عظيمة.
সঠিক পথত অবিচল থকাৰ বাবে আল্লাহৰ ওচৰত আছে মহান মৰ্যাদা। info

• كرامة الله لعباده المؤمنين وتولِّيه شؤونهم وشؤون مَن خلفهم.
আল্লাহে মুমিনসকলক বিশেষ মৰ্যাদা প্ৰদান কৰিছে, সেইকাৰণে তেওঁ তেওঁলোকৰ যাৱতীয় বিষয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে তথা তেওঁলোকে এৰি থৈ যোৱা লোকৰো দায়িত্ব লৈছে। info

• مكانة الدعوة إلى الله، وأنها أفضل الأعمال.
আল্লাহৰ প্ৰতি আহ্বান কৰাৰ মহত্ব, তথা এইটো হৈছে আটাইতকৈ উত্তম আমল। info

• الصبر على الإيذاء والدفع بالتي هي أحسن خُلُقان لا غنى للداعي إلى الله عنهما.
নিৰ্যাতনত ধৈৰ্য্য ধাৰণ কৰা আৰু বেয়া ব্যৱহাৰকাৰীৰ বেয়া আচৰণক সদ্ব্যৱহাৰৰ দ্বাৰা প্ৰতিহত কৰা, এই দুয়োটা গুণ হৈছে উৎকৃষ্ট বৈশিষ্ট্য। আল্লাহৰ প্ৰতি আহ্বানকাৰী ব্যক্তি কেতিয়াও এই দুয়োটা বৈশিষ্ট্যৰ পৰা অমুখাপেক্ষী নহয়। info