Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
37 : 41

وَمِنْ اٰیٰتِهِ الَّیْلُ وَالنَّهَارُ وَالشَّمْسُ وَالْقَمَرُ ؕ— لَا تَسْجُدُوْا لِلشَّمْسِ وَلَا لِلْقَمَرِ وَاسْجُدُوْا لِلّٰهِ الَّذِیْ خَلَقَهُنَّ اِنْ كُنْتُمْ اِیَّاهُ تَعْبُدُوْنَ ۟

আল্লাহৰ মহানতা আৰু তেওঁৰ তাওহীদৰ প্ৰমাণবহন কৰা নিদৰ্শনসমূহৰ অন্যতম হৈছে দিন-ৰাতিৰ আৱৰ্তন আৰু চন্দ্ৰ-সূৰ্য্য। হে মানৱজাতি! তোমালোকে সূৰ্য্যকো ছাজদাহ নকৰিবা আৰু চন্দ্ৰকো ছাজদাহ নকৰিবা। বৰং কেৱল সেই আল্লাহক ছাজদাহ কৰা, যিয়ে এইবোৰক সৃষ্টি কৰিছে, যদিহে তোমালোকে সঁচাই তেওঁৰ ইবাদত কৰা। info
التفاسير:
Benefits of the Verses on this page:
• منزلة الاستقامة عند الله عظيمة.
সঠিক পথত অবিচল থকাৰ বাবে আল্লাহৰ ওচৰত আছে মহান মৰ্যাদা। info

• كرامة الله لعباده المؤمنين وتولِّيه شؤونهم وشؤون مَن خلفهم.
আল্লাহে মুমিনসকলক বিশেষ মৰ্যাদা প্ৰদান কৰিছে, সেইকাৰণে তেওঁ তেওঁলোকৰ যাৱতীয় বিষয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে তথা তেওঁলোকে এৰি থৈ যোৱা লোকৰো দায়িত্ব লৈছে। info

• مكانة الدعوة إلى الله، وأنها أفضل الأعمال.
আল্লাহৰ প্ৰতি আহ্বান কৰাৰ মহত্ব, তথা এইটো হৈছে আটাইতকৈ উত্তম আমল। info

• الصبر على الإيذاء والدفع بالتي هي أحسن خُلُقان لا غنى للداعي إلى الله عنهما.
নিৰ্যাতনত ধৈৰ্য্য ধাৰণ কৰা আৰু বেয়া ব্যৱহাৰকাৰীৰ বেয়া আচৰণক সদ্ব্যৱহাৰৰ দ্বাৰা প্ৰতিহত কৰা, এই দুয়োটা গুণ হৈছে উৎকৃষ্ট বৈশিষ্ট্য। আল্লাহৰ প্ৰতি আহ্বানকাৰী ব্যক্তি কেতিয়াও এই দুয়োটা বৈশিষ্ট্যৰ পৰা অমুখাপেক্ষী নহয়। info