Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran * - Translations’ Index


Translation of the meanings Ayah: (51) Surah: Fussilat
وَاِذَاۤ اَنْعَمْنَا عَلَی الْاِنْسَانِ اَعْرَضَ وَنَاٰ بِجَانِبِهٖ ۚ— وَاِذَا مَسَّهُ الشَّرُّ فَذُوْ دُعَآءٍ عَرِیْضٍ ۟
মানুহক যেতিয়া আমি সুস্বাস্থ্য, নিৰাপদ আদিৰ মাধ্যমত নিয়ামত প্ৰদান কৰোঁ, তেতিয়া সি আল্লাহৰ স্মৰণ আৰু আনুগত্যৰ পৰা অমনোযোগী হৈ পৰে, তথা অহংকাৰ কৰি বিমুখ হৈ পৰে। কিন্তু যেতিয়াই বেমাৰ-আজাৰ আৰু দৰিদ্ৰতা আদিয়ে স্পৰ্শ কৰে, তেতিয়াই আল্লাহৰ ওচৰত বেছি বেছি দুআ কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ ওচৰত বিপদ-আপদ সম্পৰ্কে অভিযোগ কৰে, যাতে তেওঁ সেই বিপদ-আপদ দূৰ কৰি দিয়ে। পক্ষান্তৰে সি নিয়ামত আদি লাভৰ সময়ত আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন নকৰে, আৰু তেওঁ যেতিয়া তাক বিপদ-আপদৰ দ্বাৰা পৰীক্ষা কৰে, সেই সময়তো সি ধৈৰ্য্য ধাৰণ নকৰে।
Arabic explanations of the Qur’an:
Benefits of the verses in this page:
• علم الساعة عند الله وحده.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে।

• تعامل الكافر مع نعم الله ونقمه فيه تخبط واضطراب.
আল্লাহৰ নিয়ামত আৰু তেওঁৰ শাস্তি সম্পৰ্কে কাফিৰসকলৰ আচৰণ একেবাৰে দোধৰ-মোধৰ তথা আলি-দোমোজা অৱস্থা।

• إحاطة الله بكل شيء علمًا وقدرة.
আল্লাহে তেওঁৰ ক্ষমতা আৰু জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।

 
Translation of the meanings Ayah: (51) Surah: Fussilat
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran - Translations’ Index

Assamese translation of "Abridged Explanation of the Quran" by Tafsir Center of Quranic Studies

close