Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran * - Translations’ Index


Translation of the meanings Ayah: (16) Surah: Al-Mā’idah
یَّهْدِیْ بِهِ اللّٰهُ مَنِ اتَّبَعَ رِضْوَانَهٗ سُبُلَ السَّلٰمِ وَیُخْرِجُهُمْ مِّنَ الظُّلُمٰتِ اِلَی النُّوْرِ بِاِذْنِهٖ وَیَهْدِیْهِمْ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟
আল্লাহে এই পুথিৰ দ্বাৰা সেই সকল লোকক হিদায়ত প্ৰদান কৰে, যিসকলে আল্লাহক সন্তুষ্ট কৰিবলৈ ঈমান আনিছে আৰু নেক আমল কৰে, এনেকুৱা পথ দেখুৱায় যি পথে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰি জান্নাতৰ পিনে লৈ যায়। আৰু সিহঁতক কুফৰ আৰু গুনাহৰ অন্ধকাৰৰ পৰা উলিয়াই ঈমান আৰু আনুগত্যৰ পোহৰলৈ লৈ আহে। সিহঁতক পোন পথ তথা ইছলামৰ পথত পৰিচালিত হবলৈ তাওফীক প্ৰদান কৰে।
Arabic explanations of the Qur’an:
Benefits of the verses in this page:
• تَرْك العمل بمواثيق الله وعهوده قد يوجب وقوع العداوة وإشاعة البغضاء والتنافر والتقاتل بين المخالفين لأمر الله تعالى.
আল্লাহৰ অঙ্গীকাৰ আৰু প্ৰতীজ্ঞাৰ ওপৰত আমল নকৰিলে মানুহৰ মাজত শত্ৰুতা বৃদ্ধি পায়, বিদ্বেষ প্ৰসাৰিত হয় লগতে যুদ্ধৰ পৰিৱেশ দেখা দিয়ে।

• الرد على النصارى القائلين بأن الله تعالى تجسد في المسيح عليه السلام، وبيان كفرهم وضلال قولهم.
সেই সকল খৃষ্টানৰ ধাৰণা খণ্ডন কৰা হৈছে যিসকলে কয় যে, আল্লাহে ঈছা আলাইহিছ ছালামৰ ৰূপ ধাৰণ কৰিছে। লগতে সিহঁতৰ কুফৰ আৰু ভ্ৰান্ত মতবাদ সম্পৰ্কে আলোচনা কৰা হৈছে।

• من أدلة بطلان ألوهية المسيح أن الله تعالى إن أراد أن يهلك المسيح وأمه عليهما السلام وجميع أهل الأرض فلن يستطيع أحد رده، وهذا يثبت تفرده سبحانه بالأمر وأنه لا إله غيره.
ঈছা আলাইহিচ্ছালাম যে উপাস্য নহয়, ইয়াৰ প্ৰমাণসমূহৰ অন্যতম এটা প্ৰমাণ এই যে, যদি আল্লাহে ঈছা ইবনে মৰিয়ম আৰু তেওঁৰ মাকক লগতে পৃথিৱীৰ সকলোকে ধ্বংস কৰিব বিচাৰে, তেন্তে কোনেও তেওঁক প্ৰতিৰোধ কৰিব নোৱাৰে। এতেকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, একমাত্ৰ আল্লাহেই মহাপৰিচালক (আদেশ কেৱল তেওঁৰেই চলে) আৰু তেওঁৰ বাহিৰে আন কোনো উপাস্য নাই।

• من أدلة بطلان ألوهية المسيح أن الله تعالى يُذَكِّر بكونه تعالى ﴿ يَخْلُقُ مَا يَشَاءُ﴾ (المائدة: 17)، فهو يخلق من الأبوين، ويخلق من أم بلا أب كعيسى عليه السلام، ويخلق من الجماد كحية موسى عليه السلام، ويخلق من رجل بلا أنثى كحواء من آدم عليهما السلام.
ঈছা আলাইহিচ্ছালাম যে উপাস্য নহয়, ইয়াৰ প্ৰমাণসমূহৰ অন্যতম এটা প্ৰমাণ বৰ্ণনা কৰি আল্লাহ তাআলাই কৈছে যে, তেওঁ যি ইচ্ছা কৰে সৃষ্টি কৰে (ছুৰা মায়িদাহঃ ১৭) তেওঁ কেতিয়াবা পিতৃ-মাতৃৰ মিলনৰ ফলত সৃষ্টি কৰে, আকৌ কেতিয়াবা পিতৃ নোহোৱাকৈ কেৱল মাতৃৰ পৰা সৃষ্টি কৰে, যেনে ঈছা আলাইহিচ্ছালামক সৃষ্টি কৰিছে। আকৌ কেতিয়াবা জড় বস্তুৰ পৰা জীৱ সৃষ্টি কৰে, যেনে মুছা আলাইহিচ্ছালামৰ বাবে সাপ সৃষ্টি কৰিছিল। আকৌ কেতিয়াবা নাৰী নোহোৱাকৈ কেৱল পুৰুষৰ পৰাই মানুহ সৃষ্টি কৰে, যেনে- আদমৰ পৰা হাৱা আলাইহিমাচ্ছালামক সৃষ্টি কৰিছে।

 
Translation of the meanings Ayah: (16) Surah: Al-Mā’idah
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran - Translations’ Index

Assamese translation of "Abridged Explanation of the Quran" by Tafsir Center of Quranic Studies

close