Check out the new design

Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Translations’ Index


Translation of the meanings Surah: Ar-Rahmān   Ayah:
مَرَجَ الْبَحْرَیْنِ یَلْتَقِیٰنِ ۟ۙ
আল্লাহে মিঠা আৰু লুণীয়া উভয় সাগৰকে মিলিত কৰে, বাহ্যিক দৃষ্টিত মিশ্ৰিত দেখা যায়।
Arabic explanations of the Qur’an:
بَیْنَهُمَا بَرْزَخٌ لَّا یَبْغِیٰنِ ۟ۚ
কিন্তু দুয়ো সাগৰৰ মাজত আছে এনেকুৱা এখন পর্দা, যিখনে পৰস্পৰক মিশ্ৰিত হ’বলৈ বাধা দিয়ে। ফলত পানীৰ মিঠা অংশ মিঠা থাকে আৰু লুণীয়া অংশ লুণীয়া হৈয়ে থাকে।
Arabic explanations of the Qur’an:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Arabic explanations of the Qur’an:
یَخْرُجُ مِنْهُمَا اللُّؤْلُؤُ وَالْمَرْجَانُ ۟ۚ
উভয় সাগৰৰ সঙ্গমস্থলত উৎপন্ন হয় সৰু-ডাঙৰ মুকুতা।
Arabic explanations of the Qur’an:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Arabic explanations of the Qur’an:
وَلَهُ الْجَوَارِ الْمُنْشَاٰتُ فِی الْبَحْرِ كَالْاَعْلَامِ ۟ۚ
সাগৰৰ মাজত চলাচল কৰা পৰ্বত সদৃশ নৌযানবোৰ একমাত্ৰ পৱিত্ৰ আল্লাহৰেই নিয়ন্ত্ৰণাধীন।
Arabic explanations of the Qur’an:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟۠
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Arabic explanations of the Qur’an:
كُلُّ مَنْ عَلَیْهَا فَانٍ ۟ۚۖ
ভূপৃষ্ঠত থকা সকলো জীৱ-জন্তু নিশ্চিতভাৱে ধ্বংসশীল।
Arabic explanations of the Qur’an:
وَّیَبْقٰی وَجْهُ رَبِّكَ ذُو الْجَلٰلِ وَالْاِكْرَامِ ۟ۚ
হে ৰাছুল! কেৱল আপোনাৰ প্ৰতিপালকৰ চেহেৰাই অৱশিষ্ট থাকিব। তেওঁ নিজ বান্দাসকলৰ ওপৰত মহিমাময় আৰু মহা অনুগ্রহশীল। ফলত তেওঁক কেতিয়াও ধ্বংসই স্পৰ্শ নকৰিব।
Arabic explanations of the Qur’an:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Arabic explanations of the Qur’an:
یَسْـَٔلُهٗ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— كُلَّ یَوْمٍ هُوَ فِیْ شَاْنٍ ۟ۚ
তেওঁৰ ওচৰতেই আকাশৰ সকলো ফিৰিস্তা আৰু পৃথিৱীৰ সকলো জিন আৰু মানৱে নিজৰ নিজৰ প্রয়োজন প্ৰাৰ্থনা কৰে। তেওঁ প্ৰতিটো মুহূৰ্ততে বান্দাসকলৰ জীৱন, মৰণ, জীৱিকা অথবা অন্যান্য গুৰুত্বপূৰ্ণ কামত নিয়োজিত থাকে।
Arabic explanations of the Qur’an:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Arabic explanations of the Qur’an:
سَنَفْرُغُ لَكُمْ اَیُّهَ الثَّقَلٰنِ ۟ۚ
হে মানৱ আৰু জিনজাতি! অচিৰেই আমি তোমালোকৰ হিচাপ-নিকাচৰ প্ৰতি মনোনিবেশ কৰিম। ফলত প্রত্যেককে প্ৰাপ্য অনুযায়ী ছোৱাব অথবা শাস্তি প্রদান কৰা হ’ব।
Arabic explanations of the Qur’an:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Arabic explanations of the Qur’an:
یٰمَعْشَرَ الْجِنِّ وَالْاِنْسِ اِنِ اسْتَطَعْتُمْ اَنْ تَنْفُذُوْا مِنْ اَقْطَارِ السَّمٰوٰتِ وَالْاَرْضِ فَانْفُذُوْا ؕ— لَا تَنْفُذُوْنَ اِلَّا بِسُلْطٰنٍ ۟ۚ
আল্লাহে কিয়ামতৰ দিনা মানৱ আৰু জিন জাতিক সমৱেত কৰি কব: হে মানৱ আৰু জিনজাতি! তোমালোকে যদি আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো কোণৰ পৰা ওলাব পাৰা তেন্তে ওলাই যোৱা। কিন্তু তোমালোকে শক্তি আৰু প্রমাণ নোহোৱাকৈ কেতিয়াও এইটো কৰিব নোৱাৰিবা। আৰু এইটো তোমালোকে পাবা ক’ত?
Arabic explanations of the Qur’an:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Arabic explanations of the Qur’an:
یُرْسَلُ عَلَیْكُمَا شُوَاظٌ مِّنْ نَّارٍ ۙ۬— وَّنُحَاسٌ فَلَا تَنْتَصِرٰنِ ۟ۚ
হে মানৱ আৰু জিনজাতি! তোমালোকৰ ওপৰত ধোঁৱাবিহীন অগ্নিৰ লেলিহান শিখা প্রেৰণ কৰা হ’ব, আৰু প্রেৰণ কৰা হ’ব শিখাবিহীন ধোঁৱা। ফলত তোমালোকে সেইটোক প্রতিৰোধ কৰিব নোৱাৰিবা।
Arabic explanations of the Qur’an:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Arabic explanations of the Qur’an:
فَاِذَا انْشَقَّتِ السَّمَآءُ فَكَانَتْ وَرْدَةً كَالدِّهَانِ ۟ۚ
যেতিয়া আকাশখন বিদীৰ্ণ হ’ব, যাতে ফিৰিস্তাসকল অৱতৰণ কৰিব পাৰে, তেতিয়া ই তেলৰ দৰে ৰঙা হৈ পৰিব।
Arabic explanations of the Qur’an:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Arabic explanations of the Qur’an:
فَیَوْمَىِٕذٍ لَّا یُسْـَٔلُ عَنْ ذَنْۢبِهٖۤ اِنْسٌ وَّلَا جَآنٌّ ۟ۚ
এই মহা ভয়াংকৰ দিৱসত কোনো মানৱ অথবা জিনক সিহঁতৰ পাপ সম্পর্কে সোধ-পোচ কৰা নহ’ব। যিহেতু আল্লাহে সিহঁতৰ আমল সম্পর্কে অৱগত।
Arabic explanations of the Qur’an:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Arabic explanations of the Qur’an:
یُعْرَفُ الْمُجْرِمُوْنَ بِسِیْمٰهُمْ فَیُؤْخَذُ بِالنَّوَاصِیْ وَالْاَقْدَامِ ۟ۚ
কিয়ামতৰ দিনা অপৰাধীসকলক সিহঁতৰ চিহ্নৰ দ্বাৰা চিনি পোৱা যাব। কিয়নো সেইদিনা সিহঁতৰ মুখমণ্ডল ক’লা পৰিব আৰু চকুৰ ৰং নীলা হ’ব। ফলত সিহঁতৰ কপালক ভৰিৰ সৈতে বান্ধি জাহান্নামত নিক্ষেপ কৰা হ’ব।
Arabic explanations of the Qur’an:
Benefits of the verses in this page:
• الجمع بين البحر المالح والعَذْب دون أن يختلطا من مظاهر قدرة الله تعالى.
লুণীয়া সাগৰ আৰু মিঠা সাগৰৰ পানীক মিশ্ৰিত নোহোৱাকৈ একত্ৰিত কৰাটো হৈছে আল্লাহৰ ক্ষমতাৰ পৰিচায়ক।

• ثبوت الفناء لجميع الخلائق، وبيان أن البقاء لله وحده حضٌّ للعباد على التعلق بالباقي - سبحانه - دون من سواه.
সকলো সৃষ্টিজগত ধ্বংস হোৱাটো সুসাব্যস্ত বিষয়। তথা এই কথা বৰ্ণনা কৰা হৈছে যে, অৱশিষ্ট থাকিব একমাত্ৰ আল্লাহৰ সত্তা। সেয়ে বান্দাসকলক সকলো ত্যাগ কৰি একমাত্ৰ চিৰঞ্জীৱ সত্তাৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ প্ৰেৰণা দিয়া হৈছে।

• إثبات صفة الوجه لله على ما يليق به سبحانه دون تشبيه أو تمثيل.
আল্লাহৰ বাবে তেওঁৰ উপযুক্ত চেহেৰা প্ৰমাণিত। ইয়াৰ সৈতে সামঞ্জস্য অথবা কোনো ধৰণৰ তুলনাৰ অৱকাশ নাই।

• تنويع عذاب الكافر.
কাফিৰসকলক বিভিন্ন প্ৰকাৰৰ শাস্তি দিয়া হ’ব।

 
Translation of the meanings Surah: Ar-Rahmān
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Translations’ Index

Issued by Tafsir Center for Quranic Studies

close