Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
17 : 57

اِعْلَمُوْۤا اَنَّ اللّٰهَ یُحْیِ الْاَرْضَ بَعْدَ مَوْتِهَا ؕ— قَدْ بَیَّنَّا لَكُمُ الْاٰیٰتِ لَعَلَّكُمْ تَعْقِلُوْنَ ۟

জানি থোৱা! মাটি শুকাই যোৱাৰ পিছতো আল্লাহে শস্যাদি উদ্গত কৰি ভূমিক পুনৰ্জীৱিত কৰে। হে মানৱজাতি! নিশ্চয় আমি তোমালোকৰ বাবে আল্লাহৰ ক্ষমতা আৰু তেওঁৰ একত্ববাদৰ প্ৰমাণবাহী দলীল-প্ৰমাণাদি স্পষ্টভাৱে বৰ্ণনা কৰিছোঁ। যাতে তোমালোকে সেইবোৰ আয়ত্ব কৰিব পাৰা। এতেকে জানি থোৱা! যি সত্তাই শুকান ভূমিক পুনৰ্জীৱিত কৰে, নিশ্চয় তেওঁ তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক পুনৰ্জীৱিত কৰিবলৈ সক্ষম। সেইদৰে তেওঁ তোমালোকৰ কঠিন হৃদয়বোৰকো বিগলিত কৰিবলৈ সক্ষম। info
التفاسير: |
Benefits of the Verses on this page:
• امتنان الله على المؤمنين بإعطائهم نورًا يسعى أمامهم وعن أيمانهم.
আল্লাহে মুমিনসকলৰ প্ৰতি অনুগ্ৰহ কৰি এনেকুৱা জ্যোতি প্ৰদান কৰিব, যিটো তেওঁলোকৰ সন্মুখত আৰু সোঁফালে গতি কৰিব। info

• المعاصي والنفاق سبب للظلمة والهلاك يوم القيامة.
পাপকৰ্ম আৰু নিফাক আদি হৈছে কিয়ামত দিৱসত অন্ধকাৰ আৰু ধ্বংসৰ কাৰণ। info

• التربُّص بالمؤمنين والشك في البعث، والانخداع بالأماني، والاغترار بالشيطان: من صفات المنافقين.
মু’মিনসকলৰ বিষয়ে দুৰভিসন্ধি পোষণ কৰা, পুনৰুত্থানকলৈ সন্দেহ কৰা, আশা-আকাংক্ষাৰ মায়াজালত আৱদ্ধ হোৱা আৰু চয়তানৰ দ্বাৰা প্ৰতাৰিত হোৱা, এইবোৰ হৈছে মুনাফিকসকলৰ বৈশিষ্ট্য। info

• خطر الغفلة المؤدية لقسوة القلوب.
উদাসীনতাৰ ভয়াৱহতা, ই অন্তৰক কঠোৰ হৃদয়ত পৰিণত কৰি দিয়ে। info