Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran * - Translations’ Index


Translation of the meanings Ayah: (188) Surah: Al-A‘rāf
قُلْ لَّاۤ اَمْلِكُ لِنَفْسِیْ نَفْعًا وَّلَا ضَرًّا اِلَّا مَا شَآءَ اللّٰهُ ؕ— وَلَوْ كُنْتُ اَعْلَمُ الْغَیْبَ لَاسْتَكْثَرْتُ مِنَ الْخَیْرِ ۛۚ— وَمَا مَسَّنِیَ السُّوْٓءُ ۛۚ— اِنْ اَنَا اِلَّا نَذِیْرٌ وَّبَشِیْرٌ لِّقَوْمٍ یُّؤْمِنُوْنَ ۟۠
হে মুহাম্মদ! আপুনি কৈ দিয়ক যে, মই নিজৰ বাবে কোনো কল্যাণ কঢ়িয়াই আনিব নোৱাৰো লগতে নিজকে কোনো অকল্যাণৰ পৰা ৰক্ষাও কৰিব নোৱাৰো। কিন্তু আল্লাহে ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। এই কাম কেৱল আল্লাহৰ। মই কেৱল সেইখিনিয়ে জানো যিখিনি আল্লাহে মোক শিকাইছে। এতেকে মই গায়েব (অদৃশ্য) সম্পৰ্কে একো নাজানো। যদি গায়েব সম্পৰ্কে জানিলোহেঁতেন তেন্তে সকলো বিষয়ৰ পৰিণাম সম্পৰ্কে অৱগত হোৱা হেতুকে প্ৰত্যেক সেই কাম কৰিলোহেঁতেন যিটো মোৰ বাবে উপকাৰী আৰু প্ৰত্যেক অকল্যাণৰ পৰা ৰক্ষাকাৰী। মই কেৱল আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত এজন ৰাছুল। তেওঁৰ কষ্টদায়ক শাস্তিৰ পৰা ভয় দেখুৱাওঁ। লগতে সেইসকল লোকক মহাপ্ৰতিফলৰ শুভসংবাদ দিওঁ যিসকলে বিশ্বাস কৰে যে, মই আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল, আৰু মই লৈ অহা চৰীয়তক মনে প্ৰাণে মানি লৈছে।
Arabic explanations of the Qur’an:
Benefits of the verses in this page:
• في الآيات بيان جهل من يقصد النبي صلى الله عليه وسلم ويدعوه لحصول نفع أو دفع ضر؛ لأن النفع إنما يحصل من قِبَلِ ما أرسل به من البشارة والنذارة.
এই আয়াতসমূহত সেইসকল লোকৰ মুৰ্খতাৰ কথা উল্লেখ কৰা হৈছে, যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক উপকাৰ সাধিবলৈ অথবা বিপদৰ পৰা ৰক্ষা পাবলৈ আহ্বান কৰে, কিয়নো উপকাৰ কেৱল তেখেতৰ সুসংবাদৰ ওপৰত আমল কৰি আৰু সতৰ্ক কৰা বিষয়ৰ পৰা বিৰত থাকি লাভ কৰিব পাৰি, যিটো প্ৰদান কৰি তেখেতক প্ৰেৰণ কৰা হৈছিল।

• جعل الله بمنَّته من نوع الرجل زوجه؛ ليألفها ولا يجفو قربها ويأنس بها؛ لتتحقق الحكمة الإلهية في التناسل.
আল্লাহে তেওঁৰ অনুগ্ৰহত পতিৰ শ্ৰেণীৰ পৰাই পত্নীক সৃষ্টি কৰিছে, যাতে পতি তাইৰ ওচৰত আহি সন্তুষ্ট হয় আৰু তাইৰ ওচৰত আহি প্ৰশান্তি লাভ কৰে, লগতে যাতে মানৱ বংশৰ ধাৰাবাহিকতা অবিচল থাকে।

• لا يليق بالأفضل الأكمل الأشرف من المخلوقات وهو الإنسان أن يشتغل بعبادة الأخس والأرذل من الحجارة والخشب وغيرها من الآلهة الباطلة.
আটাইতকৈ উত্তম আৰু মৰ্যাদাপূৰ্ণ সৃষ্টি অৰ্থাৎ মানৱৰ কাৰণে এইটো শোভা নাপায় যে, শিল তথা বাঁহ বেতেৰে তৈয়াৰী অসত্য, তুচ্ছ উপাস্যৰ ইবাদত কৰিব।

 
Translation of the meanings Ayah: (188) Surah: Al-A‘rāf
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Assamese translation of Abridged Explanation of the Quran - Translations’ Index

Assamese translation of "Abridged Explanation of the Quran" by Tafsir Center of Quranic Studies

close