Translation of the Meanings of the Noble Quran - Assamese translation - Rafiqul Islam Habibur Rahman.

external-link copy
36 : 12

وَدَخَلَ مَعَهُ السِّجْنَ فَتَیٰنِ ؕ— قَالَ اَحَدُهُمَاۤ اِنِّیْۤ اَرٰىنِیْۤ اَعْصِرُ خَمْرًا ۚ— وَقَالَ الْاٰخَرُ اِنِّیْۤ اَرٰىنِیْۤ اَحْمِلُ فَوْقَ رَاْسِیْ خُبْزًا تَاْكُلُ الطَّیْرُ مِنْهُ ؕ— نَبِّئْنَا بِتَاْوِیْلِهٖ ۚ— اِنَّا نَرٰىكَ مِنَ الْمُحْسِنِیْنَ ۟

তেওঁৰ সৈতে আৰু দুজন যুৱক কাৰাগাৰত প্ৰৱেশ কৰিলে। সিহঁতৰ এজনে ক’লে, ‘মই সপোনত দেখিলোঁ যে, মই আঙুৰ নিঃসাৰণ কৰি মদ প্ৰস্তুত কৰি আছোঁ’, আৰু আনজনে ক’লে, ‘মই সপোনত দেখিলোঁ যে, মই মোৰ মূৰত ৰুটি কঢ়িয়াই নিছোঁ আৰু চৰাইয়ে তাৰ পৰা খাই আছে। আপুনি আমাক ইয়াৰ তাৎপৰ্য জনাই দিয়ক, আমি দেখিছোঁ আপুনি সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত’। info
التفاسير: